অৱশেষত নিজৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিলে প্ৰাক্তন পৰ্ণষ্টাৰ মিয়া খালিফাই৷ প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীৰ মৃত্যুকেন্দ্ৰিক এক ৰহস্যই উৎকণ্ঠিত আৰু উদ্বিগ্ন কৰি ৰাখিছিল মিয়া খালিফাৰ অনুৰাগীসকলক৷
ইয়াৰ পিছতে প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীয়ে নিজৰ টুইটাৰ হেণ্ডলত এক মিম শ্বেয়াৰ কৰি নিজৰ মৃত্যুৰ ৰহস্যৰ অৱসান ঘটালে৷
১৯৭৫ চনৰ ম’ণ্টি পাইথন এণ্ড দ্য হ’লী গ্ৰেইল নামৰ ছবিখনৰ দুটা দৃশ্যসম্বলিত এটা মিম শ্বেয়াৰ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা তেওঁৰ অনুৰাগীসকলক স্বত্বি প্ৰদান কৰিছে৷
মিয়াই শ্বেয়াৰ কৰা মিমটোত লিখা আছে, ‘‘মই এতিয়াও জীয়াই আছো আৰু ভালেই আছো৷’’
উল্লেখ্য দেওবাৰে মিয়া খলিফাৰ ৪.২ মিলিয়ন অনুৰাগী থকা তেওঁৰ ফেইচবুক প্ৰফাইলটোৰ ফ’টোখন অন্তৰ্ধান হৈ পৰিল৷ ইমানেই নহয় ৰহস্যজনকভাৱে তেওঁৰ নামটো ‘মিয়া খলিফাক স্মৰণ কৰক’ হৈ পৰে৷
ইয়াৰ পিছতে মিয়াৰ ৪.২ মিলিয়নৰ অনুৰাগী উদ্বিগ্ন হৈ পৰে৷ মিয়া খালিফাই আমোদজনক এটা টুইটাৰে অনুৰাগীৰ এই উদ্বিগ্নতাৰ অৱসান ঘটায়৷
অনুৰাগীৰ উৎকণ্ঠা অৱসান কৰিলেও প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীয়ে তেওঁৰ ফেইচবুক প্ৰফাইলটো কি হৈছিল সেই বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই৷ তেওঁৰ প্ৰফাইলটো তেওঁ নিজেই এনে কৰি অণুৰাগীসকলক উদ্বিগ্ন কৰি তুলিছিল নে কোনোবাই হেক কৰিছিল সেই বিষয়ে কোনো কথাই প্ৰকাশ কৰা নাই মিয়া খালিফাই৷
স্মৰ্তব্য যে ২০২০ চনতো টুইটাৰত ২৭ বছৰীয়া লেবাননৰ প্ৰাক্তন পৰ্ণষ্টাৰগৰাকীৰ মৃত্যুৰ ভুৱা বাতৰি বিয়পি পৰিছিল৷
ইফালে আইচিছৰ লগতে বহু ইছলাম সন্ত্ৰাসবাদী গোটৰ পৰা মিয়া খালিফাই মৃ্ত্যুৰ ভাবুকিও লাভ কৰি আহিছে৷ ইমানেই নহয় আনকি ২২.৪ মিলিয়ন অনুৰাগী থকা ইনষ্টাগ্ৰাম একাউণ্টোকো এটা সন্ত্ৰাসবাদী সংগঠনে হেক কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















