অস্কাৰ দৌৰত ব্যৰ্থ হৈছে ভাৰতত খলকনি তোলা জনপ্ৰিয় তামিল ছবি ‘জয় ভীম’৷
দক্ষিণৰ চুপাৰষ্টাৰ সূৰ্য্যৰ অভিনীত ‘জয় ভীম’-এ অস্কাৰ দৌৰত শেষ মূহূৰ্ত ব্যৰ্থ হ’লেও ভাৰতৰ পৰা মনোনীত হৈছে অন্য এক ছবি৷
৯৪ সংখ্যক অস্কাৰলৈ মনোনীত উক্ত ভাৰতীয় ছবিখন হৈছে ‘ৰাইটিং উইথ ফায়াৰ’৷
মংগলবাৰে ৰাতি প্ৰকাশ কৰা তালিকাত স্থান লাভ কৰা এই ছবিখন হৈছে এখন ডকুমেণ্টৰি৷ অস্কাৰৰ ডকুমেন্টৰি ফিচাৰ বিভাগলৈ মনোনীত হোৱা এই ছবিখনৰ পৰিচালক দুগৰাকী হৈছে ক্ৰমে সুস্মিতা ঘোষ আৰু ৰিণ্টু থমাছ৷
এগৰাকী দলিত মহিলা সাংবাদিকৰ জীৱনৰ ওপৰত নিৰ্মিত পূৰ্ণ দৈঘ্যৰ এই তথ্যচিত্ৰখনত মহিলা সাংবাদিকগৰাকীয়ে কেনেকৈ এখন গাঁৱৰ সংবাদ পত্ৰক আগুৱাই নিছে সেই অভিজ্ঞতাক সাঙুৰি লোৱা হৈছে৷
উল্লেখ্য যে অস্কাৰলৈ মনোনীত হোৱাৰ পূৰ্বেই এই তথ্যচিত্ৰখনে কে’বাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ এই মুহূৰ্তলৈকে তথ্যচিত্ৰখনে ২০ টা আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ