বিগত কে’বাটাও দিন পশ্চিমবংগৰ পৰা আৰম্ভ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাষাৰ বৃষ্টিপাত হৈ আছে৷
ধাৰষাৰ বৃষ্টিপাতৰ ফলতে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন অঞ্চলত ভূমিস্খলনো অব্যাহত আছে৷ বিশেষকৈ গুৱাহাটীৰ পাহাৰসমূহত অব্যাহত আছে ভূমিস্খলন৷
ইফালে ৰাজ্য প্ৰায়বোৰ জিলাতে বৰষুণ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বৰাক আৰু বহ্মপু্ত্ৰ উপত্যকা সংযোগী পথত ভূমিস্খলন হোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন প্ৰায় অৱস্থাৰ সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে৷
লগতে পঢ়ক ২৪ বছৰীয়া স্বামীৰ সন্তানৰ মাতৃ হোৱাৰ ইচ্ছা ৬১ বছৰীয়া পত্নীৰ! হ’ব নে সম্ভৱ?
এনে অৱস্থাত কেতিয়াকৈ নেৰানেপেৰা বৰষুণ বন্ধ হ’ব তাকে লৈ ৰাজ্যবাসীৰ মাজত উৎকণ্ঠাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইমানেই নহয় বৰষুণৰ প্ৰকোপ ক্ৰমাৎ বৃ্দ্ধি পোৱাৰ ফলত ৰাজ্যবাসীৰ চিন্তিত হোৱাও দেখা গৈছে৷
এনে জটিল সময়তে বৃহস্পতিবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে যে ৰাজ্যত অহা ২০ জুনলৈকে প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে অসম-মেঘালয়কে ধৰি উত্তৰ পূৱৰ সকলো ৰাজ্যতে মুষলধাৰ বৰষুণে আৰু অধিক জটিল পৰিস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷
লগতে পঢ়ক কোভিড১৯ত নহয়, অচিন মহামাৰীত বিধ্বস্ত কিম জঙৰ দেশ উত্তৰ কোৰিয়া!
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই বিষয়ে সতৰ্কতা জাৰি কৰি ১৮ জুনলৈ অসমত ৰেড্ এলাৰ্ট জাৰি কৰিছে। ইয়াৰোপৰি ১৯ আৰু ২০ জুনত অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্রৰ।
আনহাতে, বৃহস্পতিবাৰে কোকৰাঝাৰ, বঙাইগাঁও, দৰং, ওদালগুৰি, বাক্সা, বৰপেটা, চিৰাং, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ’, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, মৰিগাঁও, শোণিতপুৰ জিলাৰ কিছু অংশত বজ্ৰপাতৰ সৈতে লঘুৰ পৰা মধ্যমীয়া বৰষুণ অব্যাহত থকাৰ অতি সম্ভাৱনা প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ