নাম তেওঁৰ বিৰ্ট্ৰিছ থমছন। বৰ্তমান তেওঁৰ বয়স ৭৬ বছৰ। আমেৰিকাৰ নেভাদাত তেওঁ যৌন কৰ্মৰ সৈতে জড়িত আছিল। কিন্তু যৌন কৰ্মৰ জগতখনত তেওঁ বেছিকৈ পৰিচিত আছিল বিট্ৰিছ থ্ৰী ডলাৰ থমছন নামেৰেহে।
বিট্ৰিছ অতি কম বয়সতে যৌন কৰ্মৰ জগতখনত সক্ৰিয় হৈ উঠিছিল। প্ৰকাশ পোৱা মতে তেওঁ আৰম্ভণিতে তিনি ডলাৰত গ্ৰাহকক সেৱা আগবঢ়াইছিল। আৰু তেতিয়াৰ পৰাই তেওঁ নেভাদাত নিজৰ পেছাৰ জগতখনত ‘থ্ৰী ডলাৰ’ নামেৰে জনাজাত হৈ পৰে।
এটা সাক্ষাৎকাৰত বিট্ৰিছে কয় যে যেতিয়ালৈকে তেওঁ এই বৃত্তিত আছিল তেতিয়ালৈকে তেওঁৰ লক্ষ্য আছিল লাখ লাখ গ্ৰাহকক সেৱা আগবঢ়োৱা। আৰু সেই লক্ষ্য তেওঁ ৫৪ বছৰীয়া পেছাদাৰী জীৱনত পূৰণ কৰিছে। তেওঁ প্ৰকাশ কৰা মতে ৫৪ বছৰীয়া পেছাদাৰী জীৱনত ৫ লাখতকৈ অধিক গ্ৰাহকক সেৱা আগবঢ়াইছে।
লগতে পঢ়ক প্ৰস্ৰাৱ কৰিলেও ১২ শতাংশ জি এছ টি! প্ৰকৃত ঘটনাটো কি আছিল? জানিবলৈ চাওক…
সাক্ষাৎকাৰটোত বিট্ৰিছে কয়, ‘‘মই যেতিয়া অতি সৰু আছিলো তেতিয়া মই দিনটোত ৫০-১০০ গ্ৰাহকক সেৱা আগবঢ়াইছিলো। অৱসৰৰ পূৰ্বে এই সংখ্যা পাঁচ লাখলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছিল। পেছাটোৰ লগত মই অলপ কম পৰিচিত আছিলোঁ, সেয়ে এই লক্ষ্যত উপনীত হ’বলৈ কেইবাবছৰো অতিৰিক্ত সময় লাগিছিল।”
উল্লেখ্য যে বিট্ৰিছে ১৯৬৯ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ এই ২৩ বছৰত ১৭ বাৰকৈ লাভ কৰিছিল চেক্স ৱৰ্কাৰ অৱ দ্য ইয়েৰ বঁটা। আনহাতে, ২০১১ চনত নেভাদা এছ’চিয়েশ্যন অৱ চেক্স ৱৰ্কাৰছৰ দ্বাৰা বিট্ৰিছক লাইফটাইম এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰা হয়।
বিট্ৰিছে আন এটা সাক্ষাৎকাৰত কয়, “মই ৬৪ বছৰ বয়সৰ আগতেই এই বৃত্তিৰ পৰা অৱসৰ ল’ব পাৰিলোঁহেঁতেন। কিন্তু কামটো মোৰ বৰ ভাল লাগে। মই মোৰ লক্ষ্যত উপনীত হ’বলৈ আৰু কেইবছৰমান সেৱা আগবঢ়াবলৈ সন্মত হ’লোঁ।”
লগতে পঢ়ক ৭ পুত্ৰই গোচৰ তৰিলে আৰক্ষীক, পঞ্চম বিবাহ মণ্ডপৰ পৰাই গ্ৰেপ্তাৰ ৫৫ বছৰীয়া দৰাক!
বিট্ৰিছে কয় যে তেওঁ সেৱা আগবঢ়োৱা বুলি দাবী কৰা পাঁচ লাখ গ্ৰাহকৰ প্ৰমাণ তেওঁৰ হাতত মজুত আছে। কোনজন গ্ৰাহক কোন সময়ত আহিছিল, কিমান টকা দিছিল, সকলো ৰেকৰ্ড তেওঁৰ হাতত আছে। আনকি বিট্ৰিছৰ সেৱাৰ বিষয়ে ১০ হাজাৰতকৈ অধিক গ্ৰাহকে কি কৈছে তাৰ ৰেকৰ্ডো ৰাখি থৈছে।
বিট্ৰিছে দাবী কৰিছে যে তেওঁ বিগত ৫৪ বছৰত পাঁচ লাখ গ্ৰাহকক সেৱা আগবঢ়াইছে, য’ত ‘সন্তুষ্ট গ্ৰাহক’ৰ তালিকাত চাৰিজন আমেৰিকান ৰাষ্ট্ৰপতিও আছে। অৱসৰৰ পূৰ্বে বিট্ৰিছৰ শেষ গ্ৰাহক আছিল এজন চৌত্ৰিশ বছৰীয়া জাৰ্মান। হামবাৰ্গৰ বাসিন্দাগৰাকীয়ে কেৱল বিট্ৰিছৰ বাবেই প্ৰায় ৮৭০০ কিলোমিটাৰ যাত্ৰা কৰিছিল।
কেইবাটাও বাতৰিত দাবী কৰা হৈছে যে বিট্ৰিছে তেওঁৰ এই কৃতিত্বক সমগ্ৰ বিশ্বৰ সন্মুখলৈনিবলৈ ৱৰ্ল্ড ৰেকৰ্ডছ সংস্থাটোৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে।
উল্লেখ্য যে যৌন কৰ্মত আটাইতকৈ বেছি ‘সন্তুষ্ট’ ক্লায়েণ্টৰ অভিলেখ আছিল আমষ্টাৰডামৰ যমজ ভগ্নী লুই আৰু মাৰ্টিছ ফ’কেন্সৰ হাতত। ৫০ বছৰীয়া কেৰিয়াৰত তেওঁলোকে সামূহিকভাৱে চাৰে তিনি লাখতকৈ অধিক গ্ৰাহকক সেৱা আগবঢ়াইছে বুলি কোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















