• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপাতকালীন স্বাস্থ্যসেৱা আৰু কিছু কথা

আপাতকালীন স্বাস্থ্যসেৱা আৰু কিছু কথা

4 years ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

8 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

9 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

9 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

10 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

10 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

11 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

12 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

13 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

14 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

14 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

15 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

আপাতকালীন স্বাস্থ্যসেৱা আৰু কিছু কথা

editor by editor
September 5, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
আপাতকালীন স্বাস্থ্যসেৱা আৰু কিছু কথা
0
SHARES
749
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ শ্বাম্মী আখটাৰঃ স্বাস্থ্য বা চিকিৎসা-সেৱাৰ ক্ষেত্ৰত জৰুৰী বা আপাতকালীন (ইমাৰজেন্সী) প্ৰক্ৰিয়াৰ নাম প্ৰায় সকলোৰে অৱগত, অৰ্থাৎ শুনিছে। বা যিকোনো এখন চিকিৎসালয়লৈ (চৰকাৰী, বে-চৰকাৰী) গ’লেই প্ৰথমেই বা সমুখতেই দৃষ্টিগোচৰ হোৱা বিভাগটোৱেই হৈছে— আপাতকালীন বা জৰুৰী (ইমাৰজেন্সী) সেৱা বিভাগ।

এই ইমাৰজেন্সী সেৱা বিভাগ কি আৰু ইয়াত কি ধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱা হয়, সেই সম্পৰ্কে কিছু কথা জনাবলৈ লৈছো। আপাতকালীন বা জৰুৰী এই শব্দ দুটিয়েই বুজাই যে-তাৎক্ষণিকভাৱে হোৱা যিকোনো শাৰৰীৰিক সমস্যা, জটিলতাত যেতিয়া এজন ব্যক্তি আক্ৰান্ত হয়, তেনে অৱস্থাত সেই ব্যক্তিজনৰ বাবে তৎকালীনভাৱে একপ্ৰকাৰৰ জীৱনদায়ী, যি চিকিৎসা আগবঢ়োৱা হয়৷

এই চিকিৎসা-পদ্ধতিকেই আপাতকালীন চিকিৎসা সেৱা বা চিকিৎসা-বিজ্ঞানৰ ভাষাত ‘ইমাৰজেন্সী মেডিচিন’ বোলা হয়। অৰ্থাৎ, যিকোনো এজন ব্যক্তিয়েই যেনিবা হঠাৎ কোনো দুৰ্ঘটনা ঘটি যিকোনো ধৰণে আঘাতপ্ৰাপ্ত, অগ্নিদগ্ধ, বিষক্ৰীয়াত আক্ৰান্ত, ষ্ট্ৰ’ক কিম্বা হাৰ্ট-এটেক, হঠাতে ঘটা দুৰ্ঘটনা বা ৰোগত আক্ৰান্ত হ’লে সেই ৰোগীজনক তাৎক্ষণিকভাৱে চিকিৎসাৰ প্ৰয়োজন হয়; যাতে প্ৰাথমিকভাৱে হ’লেও জৰুৰী চিকিৎসা প্ৰদান কৰি ৰোগীজনৰ প্ৰাণৰক্ষা কৰিব পৰা যায়। এনেকুৱা শাৰীৰিক স্থিতিত, এইখিনিৰ পিছতহে প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা সম্ভৱ, যি দীঘলীয়া বা নাতিদীৰ্ঘও হ’ব পাৰে।

লগতে পঢ়ক টাটা পৰিয়ালৰে ৭০ বছৰীয়া সম্পৰ্ক কিয় যতি পৰিল? কোন আছিল চাইৰাছ মিষ্ট্ৰী?

যিকোনো বয়সৰ ৰোগীয়েই এই বিভাগৰ অধীনত চিকিৎসাধীন হ’ব পাৰে, কাৰণ জৰুৰী অৱস্থাত আক্ৰান্ত হোৱাৰ কোনো নিৰ্ধাৰিত বয়স নেথাকে। এই চিকিৎসা-সেৱা বিভাগত আপাতকালীন চিকিৎসা আগবঢ়াবৰ বাবে সকলো সময়তেই চিকিৎসকসহ আন চিকিৎসা-কৰ্মীসকল উপস্থিত থাকে। আপাতকালীন চিকিৎসা-সেৱা আগবঢ়োৱা চিকিৎসকজনে সামগ্ৰিকভাৱে সকলো ধৰণৰ বেমাৰ-আজাৰ, দুৰ্ঘটনা আদি জৰুৰী অৱস্থাত, কেনেধৰণৰ আৰু কি চিকিৎসা আগবঢ়াব লাগে সেই বিষয়ে সম্পূ্ৰ্ণ অভিজ্ঞ হ’ব লাগিব। ৰোগী এজনৰ এনে জটিল পৰিস্থিতিক ততাতৈয়াকৈ বাধা দিয়া, যাৱতীয় পৰীক্ষা-নিৰীক্ষা আদি কৰাৰ পৰা পৰৱৰ্তী পৰ্যায়ৰ চিকিৎসা পৰ্যন্ত সকলোবোৰ চম্ভালি ল’ব পৰা হয়।

হাস্পতাল এখনৰ এনে বিভাগলৈ ৰোগী এজন অহাৰ লগে লগে তেওঁ‌ক তাৎক্ষণিক চিকিৎসা প্ৰদানৰ লগতেই প্ৰয়োজন সাপেক্ষে তেজ, ই চি জি(হৃদপিণ্ডৰ পৰীক্ষা), আলট্ৰাচাউণ্ড, চি টি স্কেন আদি পৰীক্ষা কৰাই আভ্যন্তৰীণ ৰূপত কি কি হৈছে আৰু কি চিকিৎসাৰ প্ৰয়োজন হ’ব সেই সকলো দিহা কৰাৰ দ্বায়িত্ব আপাতকালীন বিভাগত কৰ্তব্যৰত চিকিৎসকজনৰেই। মুঠতে এক কথাত ক’বলৈ গ’লে পূৰ্বে উল্লেখিত বা অনা যিকোনো ধৰণৰ শাৰীৰিক-মানসিক ৰোগ বা দুৰ্ঘটনা সম্পৰ্কে দ্বায়িত্বৰত চিকিৎসকজনৰ সাময়িক তথা জৰুৰী সকলো জ্ঞান থাকিব লাগিব। কাৰণ কি পৰিস্থিতিত কেনেধৰণৰ ৰোগী আহিব, তাৰ কোনো নিশ্চয়তা নেথাকে। গতিকে শিশুৰ পৰা বয়স্ক ব্যক্তিলৈকে, পুৰুষ-নাৰী উভয়ৰেই ভিন্ন সমস্যা বা ৰোগ সম্পৰ্কে জনা আৰু চিকিৎসা প্ৰদান কৰা পৰ্যন্ত চিকিৎসকজন অভিজ্ঞ হ’ব লাগিব।

লগতে পঢ়ক ৰীল নিৰ্মাণ কৰিবলৈ গৈ ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আহত যুৱক, চিকিৎসালয়ত ভর্তি

আপাতকালীন চিকিৎসা সেৱা বিভাগত কৰ্তব্যৰত চিকিৎসক এজনে একেসময়তে বহু ৰোগীৰেই চিকিৎসা কৰিব লগা হ’ব পাৰে, অৰ্থাৎ এনে পৰিস্থিতি প্ৰায়েই হোৱা দেখা যায়। কাৰণ সৰু-বৰ দুৰ্ঘটনাই হওক অথবা তাৎক্ষণিকভাৱে হোৱা যিকোনো ৰোগতে আক্ৰান্ত লোকৰ সংখ্যও কম নহয়। গতিকেই এই চিকিৎসালয় এখনৰ এনে বিভাগত সাধাৰণতেই ৰোগীৰ যথেষ্ট ভিৰ থকা দেখা যায়। চিকিৎসালয়ৰ এই আপাতকালীন সেৱা বিভাগত জটিল সেৱা বিভাগত থকাৰ দৰেই ২৪ ঘন্টাই এনে এজন অভিজ্ঞ চিকিৎসক উপস্থিত থাকেই।

প্ৰয়োজন সাপেক্ষে এনে পৰিস্থিতিত ৰোগীৰ কি হৈছে নাই, জনাৰ লগতেই চিকিৎসাও প্ৰদান কৰা হয়। ৰোগীজনৰ বেছি জটিলতা থাকিলে, যেনে— জটিল দুৰ্ঘটনা, ষ্ট্ৰ’ক, হাৰ্ট এটেক, অগ্নিদগ্ধ হ’লে বা অস্ত্ৰোপচাৰ আদিৰ প্ৰয়োজন হ’লে, ৰোগীক ততালিকে ইন্টেনচিভ কেয়াৰ ইউনিট(আই চি ইউ)ত ভৰ্তি কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে অস্ত্ৰোপচাৰৰ ব্যৱস্থা আদিও কৰিব লগা হয়। ঠিক একেদৰেই, কম পৰিমাণে আঘাতপ্ৰাপ্ত বা কিছু যাৱতীয় চিকিৎসাত সুস্থ হৈ উঠে আৰু চিকিৎসালয় এৰিব পাৰে। এনে ক্ষেত্ৰত ৰোগীৰ তাৎক্ষণিক সকাহৰ বাবে সাধাৰণতে এড্ৰেনেলিন, ম’ৰফিন চালফেট, ডাইজেপাম আদি বিভিন্নধৰণৰ দৰৱৰ ব্যৱহাৰ কৰা হয়।

এম ডি, এফ ই এম(চি এম চি, ভেল্ল’ৰ), এম আৰ চি ই এম(লণ্ডন), গুৱাহাটী মেট্ৰ’ হস্পিটেল, চিকিৎসকৰ ফোন- ৯১০১১৮৭৬০৭

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamhealth
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!
জীৱনশৈলী

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

May 23, 2026
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!
জীৱনশৈলী

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

May 23, 2026
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?
জীৱনশৈলী

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

May 23, 2026
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!
জীৱনশৈলী

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

May 23, 2026
Next Post
অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

অস্কাৰৰ চুটি চলচ্চিত্ৰ প্ৰতিযোগিতালৈ মহৰ্ষি তুহিন কাশ্যপৰ ছবি ‘মোৰ ঘোঁৰাৰ দুৰন্ত গতি’

জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন

জৰায়ুত ২.৫ কিঃগ্ৰাম ওজনৰ চিষ্ট! ভুক্তভোগী মহিলাই গমেই পোৱা নাছিল! অস্ত্ৰোপচাৰে বচালে জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.