ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি দেশ জুড়ো শ্ল’গানেৰে পদযাত্ৰা আৰম্ভ কৰিছে কংগ্ৰেছ দলে। সমগ্ৰ দেশবাসীক একত্ৰিত কৰাৰ প্ৰচেষ্টাৰেই এই পদযাত্ৰা বুলি জনাইছে কংগ্ৰেছৰ নেতৃবৰ্গই। ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই পদযাত্ৰাক লৈ বিজেপি নেতাসকলে আপত্তি দৰ্শোৱাৰ মাজতেই ৰাহুল গান্ধীয়ে পৰিধান কৰা টি চাৰ্টক লৈও ব্যাপক আৰু সমালোচনা আৰু সামাজিক মাধ্যমত ট্ৰল কৰা দেখা গৈছে।
পদযাত্ৰাৰ সময়ত ৰাহুলে পিন্ধা টি ছাৰ্টটোৰ দামক লৈ আপত্তি দৰ্শাই বিজেপি দলৰে বিশেষ অফিচিয়েল পেজত এটা বিশেষ পষ্ট দিয়া হৈছিল। য’ত কোৱা হৈছে যে ৰাহুল গান্ধীয়ে পৰিধান কৰা টি চাৰ্টটোৰ দাম প্ৰায় ৪১ হেজাৰৰো অধিক।
ইয়াৰ পাছতে সামাজিক মাধ্যমত নেটনাগৰিকে ৰাহুল গান্ধীৰ দামী টি চাৰ্টটোক লৈ চৰ্চা আৰম্ভ হৈছিল৷ কিন্তু সেই চৰ্চাই অসমত বিশেষ গুৰুত্ব লাভ কৰাৰ পৰিৱৰ্তে এইবাৰ হিতে বিপৰীত হোৱাৰহে দেখা গৈছে৷
অৰ্থাৎ শূলেৰে শূল কঢ়াৰ দৰে অসমৰ নেটনাগৰিকে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টি চাৰ্টটোক লৈ বিশেষ চৰ্চা কৰাতকৈ অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে পৰিধান কৰা চাৰ্টকলৈহে চৰ্চা কৰা দেখা গৈছে৷

লগতে পঢ়ক ৰাণী এলিজাবেথৰ এখন গোপন চিঠি; কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?
অসমৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাই পৰিধান কৰা এটা চাৰ্টৰ দামকলৈ অসম নেটনাগৰিকে ব্যস্ত হৈ পৰা দেখা গৈছে৷
একাংশ ইউজাৰে লিখিছে, ‘বাবা ৰাহুলেই বিদেশী টি ছাৰ্ট নিপিন্ধে। শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকলো পিন্ধনত কোনো গুণে কম নহয়।’
মন্ত্ৰী পীয়ুষ হাজৰিকাই পিন্ধা ছাৰ্টৰ ফ’টো দামেৰে সৈতে সামাজিক মাধ্যমত একাংশই ভাইৰেল কৰাও দেখা পোৱা গৈছে।
ইপিনে কিছু দিন পূৰ্বে লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাৰো প্ৰায় ২৩ লাখ টকীয়া ঘড়ীয়ে সামাজিক মাধ্যমত চৰ্চা লাভ কৰা দেখা গৈছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















