ৰিমলী বৰকটকীঃ নামটিৰ বিষয়ে বা চিনেমাখনৰ বিষয়ে নিশ্চয়কৈ অসমৰ ৰাইজক এতিয়া আৰু ন-কৈ জনোৱাৰ প্ৰয়োজন নাই। কাৰণ মুক্তিৰ পূৰ্বেই একমাত্ৰ চিনেমাখনৰ নাম আৰু প’ষ্টাৰ দেখিয়েই চিনেমাখনক লৈ অধিকাংশ দৰ্শকৰ উৎকন্ঠা বৃদ্ধি পাইছিল। আৰু মুক্তিৰ পিছত ইতিমধ্যেই ছ’চিয়েল মিডিয়াতো চিনেমাখনক কেন্দ্ৰ কৰি যথেষ্ট বাদানুবাদ আৰু বিতৰ্কৰ সৃষ্টি হোৱাও দেখা গৈছে।
এইখিনিতেই ক’ব লাগিব যে, একেষাৰতেই চিনেমাৰ পৰিচালক বা নামদাতা সফল। কাৰণ এনেদৰে চিনেমাৰ নামটিৰ মাধ্যমেৰেই চিনেমাখনক এক বৃহৎ চৰ্চাৰ মাজলৈ আনিব পৰাকৈয়েই আৰু সেই অনুসৰি উৎকণ্ঠিত দৰ্শকক ছবিগৃহলৈ টানি আনিব পৰাকৈ, অৰ্থাৎ ব্যৱসায়িক মুনাফা লাভ কৰিব খুজাৰ লক্ষ্য-উদ্দেশ্য সফল। কাৰণ বুলু ফিল্ম বুলিলেই সকলোৰে মনত এক নিষিদ্ধ অনুভূতি জাগ্ৰত হয়! প্ৰচলিত সমাজ-ব্যৱস্থাই লুকুৱাই ৰাখিব বিচৰা কথাটিক এনেদৰে মুক্তভাৱে প্ৰকাশ কৰিলে উৎসুকতা বৃদ্ধি পোৱাটো তেনেই স্বাভাৱিক। প্ৰচাৰৰ বাবে আন একোৰেই প্ৰয়োজন অৱশ্যেই নেথাকে।
কাৰণ অতীজৰে পৰাই প্ৰতি সমাজ-ব্যৱস্থাই নিষিদ্ধ (forebidden) বুলি গণ্য কৰা বিষয়ক লৈ যিবোৰ ছবি নিৰ্মাণ হৈছে— সেই ছবিবোৰ আন নহ’লেও ক্ষণিকৰ এক দেহজ উত্তেজনাৰ বাবেই চাবলৈ বিচৰা দৰ্শকৰ সংখ্যাত কাহানিও অভাৱ ঘটা নাই। হয়, অভিনেতা, পৰিচালক হিমাংশু প্ৰসাদ দাসৰ নৱতম ছবি বুলু ফিল্মৰ কথাই কৈছো। যোৱা ৯ ছেপ্তেম্বৰত মুক্তিলাভ কৰা ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপ, চাংকু নিৰঞ্জন দাস আৰু হিমাংশু প্ৰসাদ দাসৰ। চিনেমাখন বৰ্তমান অসমৰ ভিন্ন চিত্ৰগৃহত চলি আছে।
লগতে পঢ়ক এল’ন মাস্কৰ প্ৰেমৰ চিঠি আৰু উপহাৰ নিলাম প্ৰাক্তন প্ৰেমিকাৰ, দাম উঠিল কিমান জানেনে?
এতিয়া আহো চিনেমাৰ বিষয়বস্তুৰ মাজলৈ। ‘অভাৱত স্বভাৱ নষ্ট হয়’ -মূলতঃ চিনেমাখনৰ কাহিনী বা বিষয়বস্তুৰ মূল বাৰ্তা এইটোৱেই বুলি কাহিনীকাৰে ক’বলৈ চেষ্টা কৰিছে। ক’ভিড অতিমাৰীৰ আৰম্ভণিৰ সমান্তৰালকৈ অহা লকডাউনে স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মোৱাৰ লগতে সমগ্ৰ বিশ্বজুৰি যি আৰ্থিক মণ্ডাৱস্থাৰ সৃষ্টি কৰিছিলে৷ তাৰে এক ৰূপ দেকুওৱাবলৈ চেষ্টা কৰা হৈছে বুলু ফিল্মত। তিনি প্ৰায় কৰ্মহীন হৈ পৰা বন্ধুৰ এই ধন উপাৰ্জনৰ ভিন্ন বেঁকা বাটবোৰৰ যাত্ৰাক লৈয়েই ছবিখনৰ আৰম্ভণি তথা কাহিনীৰ গতি।
আৰম্ভণিৰে পৰাই কাহিনীৰ মুখ্য বিষয়- ‘অভাৱ’ৰ যিখন ছবি দৰ্শকৰ মনত ক্ৰিয়া কৰিব পৰাকৈ তুলি ধৰিব লাগিছিলে, তাৰ কোনোধৰণৰ উপাদান দেখা নগ’ল। খুব গতানুগতিক কিছু ঘটনা, চৰিত্ৰ আৰু পৰিস্থিতিৰ অৱতাৰণা ঘটোৱা হৈছে, যিয়ে চিনেমাৰ পৰৱৰ্তী অংশত কি হ’ব তাক লৈ কোনো কৌতূহল দিবলৈ সক্ষম নহয়। খুব নিস্তেজ গতিত আগবঢ়া কাহিনীত জোৰকৈ দিবলৈ চেষ্টা কৰা হাস্যৰস আৰু আৰু কাহিনী বা পৰিস্থিতিৰ দাবী নকৰাকৈয়ো অতি তৰল ৰূপত উপস্থাপন কৰা যৌন-সংগমৰ দৃশ্যাংশই ছবিখনৰ প্ৰতি আগ্ৰহ আৰু কমাই আনিছিলে।
লগতে পঢ়ক লাভ জেহাদ! ভুৱা পৰিচয়েৰে হিন্দু যুৱতীৰে বিবাহ মুছলমান যুৱকৰ! তাৰ পাছত হ’ল কি?
যৌন-সংগমক অলেখ-অজস্ৰ চিনেমাত দৃশ্যায়ন কৰা হৈছে। তাৰে কিছুত কাহিনীৰ দাবীত আৰু আন কিছুত দৰ্শকক এক সস্তীয়া সুৰসুৰণিৰ অনুভৱ দিবলৈ দৃশ্যায়ন কৰা হয়। বুলু ফিল্মত দ্বিতীয়টো কাৰণতেই প্ৰথমাৰ্দ্ধত তাৎক্ষণিকভাৱে এই দৃশ্যাংশৰ উপস্থাপন কৰা হ’ল। যৌনগন্ধী প্ৰতি দৃশ্যতেই ছবিগৃহৰ অধিকাংশ পুৰুষ দৰ্শকৰ টিটকাৰিতেই এই দৃশ্যাংশৰ সাফল্য সীমিত। অপ্ৰয়োজনীয়ভাৱে বহু সময়ত সংলাপৰ ব্যৱহাৰ হৈছে, তথা কাহিনী আৰু চিত্ৰনাট্যৰ এক সু-সংৰচিত গতি বা দিশৰ অভাৱ দেখা গ’ল। লগতেই এখন চলচ্চিত্ৰত যি ‘চিনেমেটিক ট্ৰিটমেন্ট’ থাকিব লাগে, সেই ট্ৰিটমেন্টৰ সম্পূৰ্ণ অভাৱ পৰিলক্ষিত হ’ল। অৱশ্যে স্থানীয় ভাষাৰ প্ৰয়োগ ভাল, কেমেৰাৰ কাম বহু সময়ত যথেষ্ট ভাল। অভিনয়ৰ দিশত নাম ল’ব লাগিব কম সংলাপ আৰু চকু-মুখৰ ভাষাৰে অধিক কথা প্ৰকাশ কৰা অপূৰ্ব বৰ্মন আৰু প্ৰণামী বৰাৰ পৰিপক্ক অভিনয়ৰ কথা।
শেষত একপ্ৰকাৰ প্ৰত্যাশিত আৰু দৰ্শকক এই অন্তৰ যোগেদিয়েই এক জোকাৰণি দিবলৈ চেষ্টা কৰা হৈছে যদিও এই অন্তক গ্ৰহণযোগ্যতা দিব পৰা নেযায়। কাৰণ, সমগ্ৰ চিনেমাজুৰি নাৰীক, প্ৰধানতঃ দেহ ব্যৱসায় কৰা দুই নাৰীক যি তিনিজনে অহৰহ বস্তুনিষ্ঠ (Objectify) জ্ঞান আৰু ব্যৱহাৰ কৰি থাকিলে, বুলুৰ ভাৱলেশহীনতা দেখি তেওঁলোকৰ তাৎক্ষণিকভাৱে মানসিকতাৰ পৰিৱৰ্তন আৰু জাগ্ৰত হৈ উঠা মানৱীয়তা-এই দুয়োটি কথাই অতি দৃষ্টিকটু। এক কথাত ক’বলৈ গ’লে মূল বাৰ্তাটি দিবৰ বাবে কৰা চেষ্টা(?) সম্পূৰ্ণৰূপে বিফল। এনেধৰণৰ চিনেমাই কলাত্মক দিশত কিবা অৰিহণা যোগাব পাৰিব বুলি ক’ব পৰা নেযায়।
লেখিকাৰ মেইল- rimli.borkotoky1985@gmail.com
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ