• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব…

সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব…

3 years ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

8 minutes ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

49 minutes ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

4 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

4 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

5 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

6 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

7 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

7 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

8 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব…

editor by editor
March 5, 2023
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
সৰাপাত গচকি অহা ফাগুন ৰঙাবলৈকে ফাকুৱা, অসমত আছে ফাকুৱাৰ বিশেষ মহত্ব…
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪: ফাগুন মানেই ৰং।  ফাগুনতেই ৰঙৰ খেল ফাকুৱা। আবিৰ হাতত লৈ সকলো সাজু, কিয়নো ফাঁকুৱালৈ মাজত  মাত্ৰ দুটামানহে দিন। ফাগুনৰ মাহৰ পূৰ্ণিমা তিথিত দেশজুৰি পালিত হোৱা এই ফাকুৱা বা হোলীক লৈ এতিয়া সকলোতে উখল-মাখল পৰিৱেশ।

কোনোৱে কয়, ফাগুন হেনো লঠঙা। সৰাপাত গচকি আহে ফাগুন। কিন্তু ফাগুন সঁচাই লঠঙা জানো? ৰঙৰ আবিৰ গাত সানিয়েইতো ফাগুন আহে। কঢ়িয়াই আনে এমোকোৰা আনন্দ।

হোলী বা ফাকুৱাক ফল্গুৎসৱ বুলিও জনা যায়। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱৰ আয়োজন কৰা হয় বাবেই এই নাম। ফাকুৱাক দৌলোৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি নামেৰেও জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়৷ এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ৷ হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি পালন কৰা হয় এই উৎসৱ৷

পৰম্পৰা অনুসৰি শীতজৰ্জৰ মধ্য এছিয়াৰ পৰা প্ৰবজিত হৈ আৰ্য্যসকলে হিন্দুকুশ পৰ্বত পাৰ হৈ ভাৰতৰ সিন্ধু উপত্যকাত প্ৰবেশ কৰিছিল। যেতিয়া শীত ঋতুৱে বিদায় লৈ বসন্তৰ আগমন ঘটে তেতিয়া তেওলোকে মহা আনন্দৰে ঋতুৰাজ বসন্তক আদৰি উৎসৱ পাতিছিল। শীতৰ প্ৰতীকৰূপে ভেড়াৰ মূৰ্তি সাজি তাৰ ওপৰত বুঢ়া-বুঢ়ীৰ মূৰ্তি দুটা ভেড়াৰ নোমেৰে তৈয়াৰী কাপোৰেৰে মেৰিয়াই দিছিল। আৰ্য্যসকলে মৃত্যুদণ্ড দিছিল গ্ৰীস্মৰ আগমনৰ বাৰ্তাবাহক তথা কৰ্মপ্ৰেৰনা যোগোৱা বসন্তক আদৰিবলৈ বুলি এঠাইত একত্ৰিত হৈ মুৰ্তিকেইটা অগ্নিত দাহ কৰি জাৰ পুৰিছিল। সেই সময়ৰ পৰাই ফল্গুৎসৱ পালন কৰি অহা হৈছে বুলি জনবিশ্বাস আছে।

সত্যৰ জয়, ভুলৰ অৱসান, এয়াই ফাকুৱাৰ মূল উদ্দেশ্য। ৰঙৰ আবিৰেৰে ৰঙীয়াই তুলি ভুলবোৰ মচি পেলোৱাৰ বাবেই পালন কৰা হয় ফাকুৱা। ভাৰতৰ বিভিন্ন প্ৰান্তত ফাকুৱা উৎসৱ পালন কৰাৰ প্ৰথা বেলেগ বেলেগ। কোনো ঠাইত ফল্গুৎসৱৰ আগনিশা মেজি সজা হয়। কোনো কোনো ঠাইত, বিশেষকৈ দক্ষিণ ভাৰতত ইজনে সিজনৰ ফাকুৰ ৰঙ সনাৰ আগদিনা হোলীকাক দাহ কৰাৰ প্ৰথা আজিও চলি আহিছে।

দৌলোৎসৱৰ সৈতে ফাকুৱাৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। বৈষ্ণৱ বিশ্বাস অনুসৰি, ফাগুন মাহৰ পূৰ্ণিমা তিথিতি শ্ৰী কৃষ্ণই গোপী সকলৰ সৈতে বৃন্দাবনত ৰঙৰ খেলা খেলিছিল। তাৰ পৰাই দৌলোৎসৱৰৰ উৎপত্তি হয়। আনহাতে ফাগুনৰ মাহৰ পূৰ্ণিমা তিথিটোত শ্ৰীকৃষ্ণই গোপী সকলৰ সৈতে এই খেলা কৰাৰ বাবে সেই পূৰ্ণিমা তিথিটোক দৌল পূৰ্ণিমা বা ফল্গু পূৰ্ণিমা বুলিও কোৱা হয়।

হোলীৰ এই ক্ষণ সদায় মধুময়। গালে মুখ আবিৰ সানি পৰম উছাহেৰে সকলোৱে পালন কৰক এই হোলী। সমাজৰ ভুল বোৰ আতৰি নিকা হওক। ফাকুৰ ৰঙে ৰঙীন কৰক সমগ্ৰ পৃথিৱী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ
অপৰাধ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

September 2, 2026
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু
বিনোদন

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

September 2, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
Next Post
আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?

আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?

এয়া আকৌ কেনেধৰণৰ প্ৰেম! মাৰ্ঘেৰিটাত প্ৰেমিকৰ দাৰ ঘাপত মৃত্যুৰে যুঁজিছে প্ৰেমিকাই…

এয়া আকৌ কেনেধৰণৰ প্ৰেম! মাৰ্ঘেৰিটাত প্ৰেমিকৰ দাৰ ঘাপত মৃত্যুৰে যুঁজিছে প্ৰেমিকাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.