অসম লাইভ ২৪ঃ প্ৰাচীন কালৰে পৰা আমাৰ সমাজত নাৰী এগৰাকীয়ে বিবাহৰ পিছত স্বামীগৃহলৈ যায়। কিন্তু স্বামী গৰাকীয়ে কেতিয়াও পত্নীগৃহলৈ যোৱা সাধাৰণতে দেখা নাযায়। এইক্ষেত্ৰত সকলোৰে মনত এক প্ৰশ্নৰ উদয় হোৱা দেখিবলৈ পোৱা যায়, যে বিবাহৰ পিছত নাৰীগৰাকীয়েই কিয় নিজ পিতৃগৃহ ত্যাগ কৰি স্বামীগৃহলৈ যায়?
ইয়াৰ পৰিপ্ৰেক্ষিতত কিছু এনেধৰণৰ তথ্য দেখিবলৈ পোৱা যায়ঃ
সাধাৰণতে, জন্মৰ পৰাই নাৰী এগৰাকী পিতৃৰ আশ্ৰয়ত ডাঙৰ-দীঘল হৈ নিজৰ ভৰিত থিয় হোৱা দেখিবলৈ পোৱা যায়। পিছত যেতিয়া পিতৃৰ লাহে-লাহে বয়স বাঢ়িব ধৰে, তেতিয়া তেওঁ নিজ কন্যাৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত নামি পৰা দেখিবলৈ পোৱা যায়। যাতে তেওঁৰ দৰে সেই ব্যক্তিজনে তেওঁক কন্যাৰ যত্ন ল’ব পাৰে। যিহেতু, নাৰী আৰু পুৰুষৰ শাৰিৰীক শক্তিৰ অমিল থাকে। সেইবাবে পূৰ্বৰ পৰাই পুৰুষজনে ঘৰৰ বাহিৰত গৈ কাম কৰে, আৰু নাৰীগৰাকীয়ে ঘৰতে থাকি ঘৰৰ কাম-কাজবোৰ কৰে।
কিন্তু প্ৰায়ভাগ ক্ষেত্ৰতে বৰ্তমানে পুৰুষৰ সমানে-সমানে নাৰী এগৰাকীও স্বাৱলম্বী আৰু সবল হোৱা দেখিবলৈ পোৱা যায়, কিন্তু পূৰ্বৰ এই নীতি-নিয়মৰ বৰ্তমানো সাল-সলনি হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















