• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাৰীৰ সৈতে কথা-বাৰ্তাৰ বাবেহে পোনতে নিচাৰ আশ্ৰয় লৈছিল, বিমান যাত্ৰাত মোজাৰ ভিতৰতো কেনেকৈ মাদক দ্ৰব্য কঢ়িয়াইছিল সঞ্জয় দত্তই?

নাৰীৰ সৈতে কথা-বাৰ্তাৰ বাবেহে পোনতে নিচাৰ আশ্ৰয় লৈছিল, বিমান যাত্ৰাত মোজাৰ ভিতৰতো কেনেকৈ মাদক দ্ৰব্য কঢ়িয়াইছিল সঞ্জয় দত্তই?

3 years ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

2 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

2 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

3 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

3 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

4 hours ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

5 hours ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

6 hours ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

7 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

8 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

9 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নাৰীৰ সৈতে কথা-বাৰ্তাৰ বাবেহে পোনতে নিচাৰ আশ্ৰয় লৈছিল, বিমান যাত্ৰাত মোজাৰ ভিতৰতো কেনেকৈ মাদক দ্ৰব্য কঢ়িয়াইছিল সঞ্জয় দত্তই?

editor by editor
May 12, 2023
in অপৰাধ, চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
নাৰীৰ সৈতে কথা-বাৰ্তাৰ বাবেহে পোনতে নিচাৰ আশ্ৰয় লৈছিল, বিমান যাত্ৰাত মোজাৰ ভিতৰতো কেনেকৈ মাদক দ্ৰব্য কঢ়িয়াইছিল সঞ্জয় দত্তই?
0
SHARES
541
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আশীৰ দশকৰ প্ৰথম শাৰীৰ অভিনেতাৰ নাম ল’লেই বিশেষ এজন হৈছে সঞ্জয় দত্ত। অভিনয়েৰেই দৰ্শকৰ মনত ঠাই বনাইছিল সঞ্জয় দত্তই। সঞ্জয় দত্ত যদি এফালে জনপ্ৰিয় আনফালে আকৌ বহু বিতৰ্কিতও। বেআইনীভাৱে অস্ত্র-শস্ত্ৰ ৰখাৰ অপৰাধত কাৰাগাৰত আছিল সঞ্জয় দত্ত। কেৱল সেয়াই নহয় মাদকদ্ৰৱ্য, ড্ৰাগছ আদিও মুকলিকৈ লোৱাৰ অপৰাধত অভিযুক্ত আছিল সঞ্জয় দত্ত। সকলোবোৰ নিচা থাকিলেও নাৰীৰ প্ৰতি কিন্তু কাহানিও বেয়া ব্যৱহাৰ নাছিল সঞ্জয় দত্তৰ। আনকি মহিলা বা যুৱতীৰ সৈতে কথা পাতিবলৈকো লাজ কৰিছিল সঞ্জয় দত্তই। মহিলাৰ সৈতে কথা পাতিবলৈকো পোনতে নিচাৰ আশ্ৰয় লৈছিল। এক সাক্ষাতকাৰত এই সন্দৰ্ভত সঞ্জয় দত্তই কয়, ‘মই ছোৱালীৰ সৈতে কথা পাতিবলৈ লাজ পাইছিলো। তেতিয়াই মোৰ বন্ধু এজনে পৰামৰ্শ দিছিল যে নিচা কৰিলে এই লাজ কমি যাব। কথা পাতিবলৈ আত্মবিশ্বাস বাঢ়িব। তেতিয়াৰে পৰাই মই নাৰীৰ সৈতে কথা পাতিবলৈ হ’লে নিচা লৈছিলো।’

ইয়াৰোপৰি সঞ্জয় দত্তই কোৱা অনুসৰি, কলেজত পঢ়ি থকাৰ সময়ৰ পৰাই নিচাৰ আশ্ৰয় ল’বলৈ আৰম্ভ কৰিছিল সঞ্জয় দত্তই। কেৱল চখৰ বাবেই পোনতে নিচা লৈছিল। কিন্তু এই চখ লাহে লাহে অভ্যাসত পৰিণত হ’ল। তেতিয়ালৈ সঞ্জয় দত্তই নিজক বুজিবই পৰা নাছিল। হেৰইনৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ মাদক দ্ৰবই তালিকাত ৰাখিছিল সঞ্জয় দত্তই। তেওঁ এই সন্দৰ্ভত সাক্ষাতকাৰটোত কৈছিল যে, জীৱনলৈ এনে এক সময় আহিছিল যেতিয়া তেওঁ মাদক দ্ৰব এৰি এক মিনিট সময় অতিবাহিত কৰাটোও টান হৈ পৰিছিল। কলেজ এৰাৰ ৯ বছৰ পাছতো মাদক দ্ৰবৰ নিচা কিন্তু এৰিব নোৱাৰিলে। ১৯৮১ চনত তেওঁৰ প্ৰথম ছবি ‘ৰকি’য়ে মুক্তিলাভ কৰে। ছবিখন মুক্তিৰ পাছৰে পৰা তেওঁ আৰু অধিক নিচাগ্ৰস্থ ব্যক্তি হৈ পৰিল। কিয়নো সেই ছবিখনৰ শ্বুটিং চলি থকাৰ সময়তে তেওঁৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈকে মাদক দ্ৰবৰ শৰণাপন্ন হৈছিল সঞ্জয় দত্ত। জীৱনৰ সেই ক’লা অধ্যায় সমূহৰ কথা মুকলিকৈ প্ৰকাশ কৰি তেওঁ কয়, ‘হেৰইন লৈ মই দিনৰদিনটো শুই থাকো। টোপনি ভাঙিলেই খুব ভোক লাগে। আমাৰ কাম কৰা মানুহজনক খাদ্য দিবলৈ কওঁ। মোৰ অৱস্থা দেখি আমাৰ বনকৰা মানুহজনেও চকুলো টুকিছিল। সি মোক কৈছিল, মই হেনো দুদিন পাছতহে সাৰ পাইছো। তেওঁৰ কথা শুনিয়েই মই আইনাত নিজকে চাইছিলো। নিজকে বিধ্বস্ত ৰূপত দেখিছিলো।’

এই সময়খিনি আছিল সঞ্জয় দত্তৰ জীৱনৰ কঠিন এক সময়। নিজকে নিচাৰ পৰা মুক্ত কৰিবলৈ ৰিহেবিটেছন চেণ্টাৰতো ভৰ্তী হৈছিল সঞ্জয় দত্ত। এবাৰ সঞ্জয় দত্তই তেওঁৰ দুই ভগ্নী প্ৰিয়া আৰু নম্ৰতাৰ সৈতে বিমান যাত্ৰা কৰিছিল। কিন্তু বিমানত থকাৰ সেই সময়খিনিত মাদক দ্ৰব লোৱাটো নিষেধ জানিও শান্ত হৈ থাকিব পৰা নাছিল সঞ্জয় দত্ত। এই সন্দৰ্ভত তেওঁ কয়, ‘বিমানত তেতিয়া নিৰাপত্তা ব্যৱস্থা ইমান কটকটীয়া নাছিল। সেয়ে মই মোজাৰ ভিতৰত এক কিলো হেৰইন লুকুৱাই নিছিলো। ক’তো ধৰা নপৰিলো। এই ঘটনা মনত পৰিলে ভয় এটা লাগে। কাৰণ ধৰা পৰিলে লগে লগেই মোৰ জে’ল হ’লহেতেন। মোৰ জে’ল হলেও কথা নাছিল কিন্তু ভণ্টীহঁতৰ কি হ’লহেতেন? গোটেই পৰিয়ালটোৰ বাবেই বিপদ মাতি আনিছিলো। কিন্তু সেইবাৰ বাচি গ’লেও মই জে’লত গলো। জে’লত থকাৰ সময়তে জীৱনটোক ন’কৈ উদঘাটন কৰিলো। মোৰ সকলো অহংকাৰ ভাঙি চূৰমাৰ হৈ গৈছিল। চোৰ ডকাইতৰ সৈতে একেলগে আছিলো। জে’লত থকা দিনৰ পৰাই মই সহনশীল হ’ব শিকিলো।’

নিজৰ জীৱনৰ পৰা শিক্ষা লাভ কৰি নৱপ্ৰজন্মৰ উদ্দেশ্যে সঞ্জয় দত্তই কৈছে, ‘জীৱনত যদি সাফল্য বিচাৰা তেন্তে ভাল কাম কৰা। নিজৰ পৰিচয় গঢ়িবলৈ নিজকে উপযুক্ত শিক্ষাৰে শিক্ষিত কৰা। নিচা কৰি একোৱেই লাভ নহয়। নিজৰ ধ্বংস নিজেই মাতি হে অনা হয়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!
জীৱনশৈলী

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

October 21, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

October 21, 2026
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ
বিনোদন

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

October 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

October 21, 2026
Next Post
দৈনিক বিক্ৰি হয় ১১৫ কোটি টকাৰ সুৰা! সুৰাপানেৰে অভিলেখ গঢ়িছে ভাৰতৰ এইখন ৰাজ্যই…

দৈনিক বিক্ৰি হয় ১১৫ কোটি টকাৰ সুৰা! সুৰাপানেৰে অভিলেখ গঢ়িছে ভাৰতৰ এইখন ৰাজ্যই...

সমগ্ৰ দেশতেই চলিলেও দিদিৰ এলেকাত নচলিব! ‘দ্যা কেৰালা ষ্টৰী’ পশ্চিমবংগত কিয় নিষিদ্ধ উচ্চতম ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে মমতা চৰকাৰক

সমগ্ৰ দেশতেই চলিলেও দিদিৰ এলেকাত নচলিব! 'দ্যা কেৰালা ষ্টৰী’ পশ্চিমবংগত কিয় নিষিদ্ধ উচ্চতম ন্যায়ালয়ে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে মমতা চৰকাৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.