• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰ্চনা মহন্তঃ এটি কোমল কণ্ঠ

অৰ্চনা মহন্তঃ এটি কোমল কণ্ঠ

6 years ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

22 minutes ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

44 minutes ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

1 hour ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

2 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

2 hours ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

3 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

20 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

20 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

21 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

22 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

22 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

অৰ্চনা মহন্তঃ এটি কোমল কণ্ঠ

editor by editor
August 28, 2020
in লেখা
0
অৰ্চনা মহন্তঃ এটি কোমল কণ্ঠ
0
SHARES
344
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিপ্ৰসংগত জানো এদিন তুলতুল বাইদেৱে (তুলতুল বৰুৱা) হঠাৎ কৈ উঠিছিল, “অন্ততঃ অসমীয়া সংগীতৰ পৰম্পৰাটো যে বৰ চহকী তাত কোনো সন্দেহ নাই৷” কিমান সঁচা কথা এষাৰ কৈছিল বাইদেৱে! বৰ্তমানৰ পিলিঙা গায়কবোৰৰ কোনবোৰ পিছলৈ ৰয়গৈ সেইটো সময়েহে ক’ব৷ কিন্তু  অসমীয়া সংগীতৰ গৌৰৱোজ্জল ঐতিহ্যৰ কথা ক’বলৈ আমাৰ হাতত কোনো নামৰ অভাৱ নহয়৷ মই তেতিয়া তেনেই সৰু৷ চোতালত পূবা-পশ্চিমাকৈ মায়ে তাঁতৰ কাৰণে বাটি কাঢ়িছিল৷ প্ৰখৰ ৰ’দ আছিল৷ মা তেতিয়া গাভৰু আছিল৷ বাহ! মাৰ খোজত কি লয়? কি গাভৰু আকৰ্ষণ? আৰু এহাল শালিকাই চোতালখনত ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছিল৷ কেতিয়াবা বা ভুৰুতকৈ উৰি গৈ ইখন কাঠিৰ পৰা গৈ সিখন কাঠিত পৰিছিল৷ তেতিয়াই মোৰ কণমানি চকুৰ পতাত সংৰক্ষিত কৰি থোৱা মাৰ সেই চলন্ত ছবিখন এতিয়াও নিখুঁত হৈ আছে৷ তাত কোনো চামনি পৰা নাই৷ কেৱল সময় বাগৰাৰ লগে লগে সেই চলন্ত ছবিখনৰ অৰ্থহে গভীৰ হৈ গৈ আছে৷ তেতিয়া মাৰ প্ৰাণচঞ্চল খোজৰ অৰ্থ কৰিব পৰা বয়সেই হোৱা নাছিল মোৰ৷ শৈশৱতে তেনেকৈ চকুৰ পতাত সংৰক্ষিত কৰি থোৱা কিমান ছবিৰ নতুন নতুন অৰ্থ ওলাই আছে এতিয়া! আৰু আমাৰ বাৰীৰ মূৰত এজোপা প্ৰকাণ্ড শিমলু গছো আছিল৷ ৰঙা ৰঙা শিমলু ফুলি আছিল তাত৷ এতিয়া চাওক: “শালিকী ঐ অবুজন চৰাইজনী/ তৰা তাঁতত পৰি কেলেই ছিঙিলিহি সূতা/ মোৰ বুকুৰ হেঁপাহখিনিত আউল লগাই গ’লি অ’ শালিকীজনী/ নিজৰ বাহলৈ কঢ়িয়ালি কূটা/ শালিকীজনী ঐ চোতালত চাইছ কি/ পুৱতী নিশাতে উঠি সাৰি থৈছো ৰাতিটো টোপনি খতি/ আজিযে আহিব, অ’  শালিকীজনী, আজিয়ে অহাৰ কথা/  ডালৰ চৰাইজনী ডালত নপৰগে’ কেলে’/ আমনি নকৰ মোক, মই থাকোঁ অকলে/ দিখৌ নৈৰ পাৰৰে দেওলগা শিমলু/ ৰিঙা ৰিঙা ৰাঙলী ফুল/ তাৰে কোমল কোঁহে কেলেই মন মোহে/ তাৰ জানো পাৱ মোল/ যাচোন তালৈ অ’ পাখিলগা চৰাইটো বুজি আহ মানুহৰ বেথা”

গতিকে কি হ’ল কথাটো! কেশৱ মহন্তই কি লিখিলে এইবোৰ আৰু অৰ্চনা মহন্তই তাত কি কৰিলে! ইয়াকেই শিল্প বুলি নকয় জানো! চতিয়াৰ কেশৱ মহন্তই মোৰ মাৰ জীৱন বাস্তৱটো কেনেকৈ জানিলে আৰু অৰ্চনা মহন্তই তাত কি যাদু সানিলে! কি আচৰিত কথা! ইয়াকে কয় কলা! এই গীতবোৰ যেন গীত নহয় সময়ৰ গাঁথা, সময়ৰ শিহৰণ, ইতিহাস, সমাজ ইতিহাস! কি মৰ্ম, কি প্ৰতীক, কি স্পষ্ট অস্পষ্টতা! ৰাতি টোপনি খতি, আজিয়ে অহাৰ কথা, শিমলুডাললৈ যাগৈ, বুজি আহ মানুহৰ বেথা! উস আৰু কি লাগিছে! কিমান লাগিছে? আটাইখিনি ভাঙিপাতি কোৱাৰ কিবা প্ৰয়োজন আছেনে?

পুৰণি ঘৰটোত মাই তাঁতৰ বাটি কাঢ়িছিল৷ নতুনকৈ উঠি অহা ঘৰত, তেতিয়া অলপ ডাঙৰ হৈছোঁ, দেউতাই অৰ্চনা দাস অৰ্চনা মহন্ত হোৱা কথা কৈছিল৷ আকৌ সময় বাগৰিছিল৷ কেশৱ মহন্ত বৰ আপোন হৈ পৰিছিল৷ আপোন হৈ পৰিছিল নিগাজী পামখন৷ দুৰ্গেশ্বৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰঠাকুৰ, কেশৱ মহন্ত, খগেন মহন্ত, প্ৰভাত শৰ্মা আৰু কোনে কোনে জানো এক হৈ নিগাজী পাম পাতিছিলহি গুৱাহাটীত, তেওঁলোকৰ শৈশৱ আৰু কৈশোৰ গাঁৱত এৰিথৈ আহি? কেশৱ মহন্ত আৰু নিকুঞ্জলতা মহন্তৰ লগত বৰ ঘনিষ্ঠতা আছিল৷ তেওঁলোকৰ বিদায়ৰ পিছত নিগাজী পামলৈ যোৱাৰ সত নগৈছিল৷ কিন্তু আকৌ এবাৰ চিনাকি এটা হৈছিল তেওঁলোকৰ পৰিয়ালৰ লগত৷ পাপন৷ মই দিল্লীত চাকৰি কৰি থাকোঁতে কিছুদিন মতিবাগত আছিলোঁ শৰৎ বৰকাকতীৰ ঘৰত৷ বৰকাকতীয়ে সংগীত চৰ্চা কৰিছিল৷ তালৈ পাপন আৰু ৰাজা প্ৰায়ে আহিছিল৷ মই মোৰ কামত ব্যস্ত আছিলোঁ৷ পাপন বা ৰাজাই নিশ্চয় তেতিয়াৰ মালাকাৰদাজনক এতিয়া মনত ৰখা নাই৷ মনত ৰখাৰ অৰ্থ নহয়৷ কালি অৰ্চনা মহন্ত ঢুকুৱাৰ পিছত কথাবোৰ বৰকৈ মনত পৰিছে৷খগেন মহন্ত আৰু অৰ্চনা মহন্ত যেন এটা যুৰীয়া কন্ঠহে আছিল৷ অগা-পিছাকৈ দুয়ো গুচি গ’ল৷ কেশৱ মহন্তৰ কথাৰ তেওঁলোকে যি গীত কৰিছিল তাত এখন জীয়া অসমীয়া সমাজ আছিল৷ আমিবোৰে জীৱনৰ এছোৱাকাল সেইখন সমাজতে ডাঙৰ হৈছিলো। সময়ত সেই সমাজখন নোহোৱা হৈ যাব৷ এতিয়াই ভালেখিনি নোহোৱা হৈছে৷ এই গীতবোৰ সেই অসমীয়া সমাজখনৰ ইতিহাসহৈ ৰ’ব৷ তৰুণ প্ৰজন্মই এই গীতবোৰৰত সেই সমাজখনৰ সম্ভেদ কৰিব৷ অৰ্চনা মহন্তৰ গীতৰ লালিত্যৰ এটা বিশেষ বৈশিষ্ট্য আছিল তেওঁৰ কন্ঠৰ কোমলতা, এক পমি যোৱা কোমলতা!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: archana mahantakhagen mahantaParesh Malakarলেখা
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

March 12, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

March 11, 2026
Next Post
বিস্ফোৰণ ৰিয়াৰ। আত্মহত্যা কৰিব ৰিয়াই!

বিস্ফোৰণ ৰিয়াৰ। আত্মহত্যা কৰিব ৰিয়াই!

বলীউডৰ পাৰ্টী সন্দৰ্ভত বিস্ফোৰণ কংগনা ৰাণাৱটৰ

বলীউডৰ পাৰ্টী সন্দৰ্ভত বিস্ফোৰণ কংগনা ৰাণাৱটৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.