• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘প্লিজ ইয়াত ৰাজনীতি নকৰিব, আমাক কাম কৰিবলৈ সুবিধা দিয়ক!’ উত্তৰাখণ্ডৰ ৪০গৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে কি পন্থা লৈছে উদ্ধাৰকাৰী দলে?

‘প্লিজ ইয়াত ৰাজনীতি নকৰিব, আমাক কাম কৰিবলৈ সুবিধা দিয়ক!’ উত্তৰাখণ্ডৰ ৪০গৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে কি পন্থা লৈছে উদ্ধাৰকাৰী দলে?

3 years ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

8 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

8 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

9 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

10 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

10 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

10 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

11 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

12 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

13 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

14 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

14 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘প্লিজ ইয়াত ৰাজনীতি নকৰিব, আমাক কাম কৰিবলৈ সুবিধা দিয়ক!’ উত্তৰাখণ্ডৰ ৪০গৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে কি পন্থা লৈছে উদ্ধাৰকাৰী দলে?

editor by editor
November 15, 2023
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
‘প্লিজ ইয়াত ৰাজনীতি নকৰিব, আমাক কাম কৰিবলৈ সুবিধা দিয়ক!’ উত্তৰাখণ্ডৰ ৪০গৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে কি পন্থা লৈছে উদ্ধাৰকাৰী দলে?
0
SHARES
499
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৫০ঘণ্টাৰো অধিক সময় পাৰ হৈছে। উত্তৰকাশীৰ ছিল্কিয়াৰা-বাৰকোটৰ নিৰ্মীয়মান সুৰংগত বৰ্তমান পৰ্যন্ত আৱদ্ধ হৈ আছে ৪০গৰাকী শ্ৰমিক। এই আৱদ্ধ শ্ৰমিকসকলৰ ভিতৰত অসমৰ কোকৰাঝাৰ চহৰৰ দুজন শ্ৰমিক আৱদ্ধ হৈ আছে। সঞ্জয় বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰীও আৱদ্ধ হৈ আছে উত্তৰাখণ্ডত। পাইপৰ মাধ্যমেৰে তেওঁলোকক অক্সিজেন, ঔষধ আৰু খাদ্য যোগান ধৰি থকা হৈছে। সেই পাইপৰ মাধ্যমেৰে তেওঁলোকৰ সৈতে কথা পাতিবলৈকো চেষ্টা অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

বিগত তিনিদিন ধৰি সুৰংগতেই আৱদ্ধ হৈ আছে শ্ৰমিকেইজন। আৱদ্ধ শ্ৰমিকক উদ্ধাৰ সন্দৰ্ভত উত্তৰাখণ্ডৰ প্ৰশাসনে জনোৱামতে, ‘আমি আশাবাদী। সকলো পৰিকল্পনামতেই চলিছে। বুধবাৰেই তেওঁলোকক বাহিৰলৈ ওলিয়াই আনিবলৈ চেষ্টা কৰিম। ৮০০ মিঃমিঃ আৰু ৯০০ মিঃমিঃ ব্যাসৰ একাধিক ষ্টিলৰ পাইপ অনা হৈছে। সেইসমূহ ড্ৰিলিং মেছিনেৰে ধ্বংসস্তূপৰ মাজলৈকে সোমোৱাই দিয়া হ’ব। এনেকৈ বিকল্প পথ উলিওৱা হ’ব। সেই পথেৰেই শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই অনা হ’ব।’

এই সন্দৰ্ভত উত্তৰাখণ্ডৰ আৰক্ষী বিষয়া অৰ্পণ যদুবংশীয়ে কয়, ‘তেওঁলোক সুস্থ অৱস্থাত আছে। অক্সিজেন, খাদ্য, ঔষধ সকলো যোগান ধৰি থকা হৈছে। কিছুসংখ্যকৰ বমি বমি ভাৱে দেখা দিছে। তেওঁলোকলৈ ঔষধ দিয়া হৈছে। অক্সিজেন পাইপৰ মাধ্যমেৰেই তেওঁলোকক পৰিয়ালৰ সৈতে কথা পতাৰ ব্যৱস্থা কৰি দিয়া হৈছে। অৱশ্যে এই উদ্ধাৰকাৰ্য সহজ নহয়। একাধিক প্ৰত্যাহ্বান ঠেলি আমি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছো।’

মঙলবাপৰে সুৰংগ নিৰ্মাণকাৰী সংস্থা নেশ্ব্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেছন লিমিটেডৰ এগৰাকী উচ্চ পদস্ত বিষয়াই ঘটনাস্থল পৰিদৰ্শন কৰি প্ৰতিকূলতাৰ বুজ লৈছে। উদ্ধাৰকাৰী দলৰ তৰফৰ পৰা জনোৱা অনুসৰি সুৰংগৰ মাজত প্ৰায় ২০০ মিটাৰ এলেকালৈকে খহি পৰিছে। ডাঙৰ ডাঙৰ শিল, বোল্ডাৰ ভাঙি পৰাৰ ফলত সম্পূৰ্ণ অংশই বিচ্ছিন্ন হৈ পৰিছে। শ্ৰমিকসকল আনটো প্ৰান্তত আৱদ্ধ হৈ আছে। সুৰংগৰ ভিতৰত খহি অহা শিল কাটিবলৈ চেষ্টা চলাই থকা হৈছে। ইয়াৰোপৰি পাইপেৰে বিকল্প পথ তৈয়াৰৰ কামো চলি আছে। এই উদ্ধাৰকাৰ্যত ৫০০ জনকৈ অভিযন্তা জড়িত হৈ আছে।

সোমবাৰে পুৱা ঘটনাস্থললৈ হৰিদ্বাৰৰ পৰা ট্ৰাকেৰে মুঠ ৮টা পাইপ অনা হৈছে। সুৰংগৰ ভিতৰত ড্ৰিলিং কৰি সোমাবলৈ কিমান সময় লাগিব সেই কথাৰ উত্তৰ অৱশ্যে বৰ্তমানো দিব পৰা নাই উদ্ধাৰকাৰী দলে। উদ্ধাৰকাৰ্য আৰম্ভ কৰাৰ প্ৰাৰম্ভিক কালত ৩০ মিটাৰ ওখ শিল কাটি কিছু ভিতৰলৈ সোমাইয়ো গৈছে উদ্ধাৰকাৰী দল। কিন্তু সুৰংগৰ ওপৰৰ পৰা মাটি খহি সেই পথো আকৌ বন্ধ হৈ পৰে। আকৌ যাতে মাটি খহি অন্য বিপদ নাহে তাৰবাবে ‘শটক্ৰেটিং’ নামৰ এক বিশেষ পদ্ধতিৰে অত্যন্ত দ্ৰুতগতিত কংক্ৰিট স্প্ৰে কৰা হৈছে। ইয়াৰ ফলত মাটি খহাৰ সম্ভাৱনা কিছু কমিছে।

দুৰ্যোগ প্ৰশমন বিভাগৰ দলো সেই স্থানত উপস্থিত হৈছে। তেওঁলোকে সুৰংগৰ ভিতৰত যাতে অইন কোনো লোকে সোমাবলৈ চেষ্টা নকৰে সেই বিষয়টোত গুৰুত্ব দিছে। এগৰাকী শীৰ্ষ অধিকাৰীয়ে এই সন্দৰ্ভত কয়, ‘স্থানীয় ৰাজনৈতিক নেতাসকলে বাৰে বাৰে ভিতৰত সোমাই আমাক অসুবিধা দি আছে। প্লিজ ইয়াত ৰাজনীতি নকৰিব। আমাক কাম কৰিবলৈ সুবিধা দিয়ক। আমাৰ একমাত্ৰ লক্ষ্য এতিয়া ভিতৰত আৱদ্ধ শ্ৰমিকক উদ্ধাৰ কৰা।’ ইফালে ইকোলজিকেল বিশেষজ্ঞইয়ো এই সন্দৰ্ভত কয়, ‘স্থানীয় পৰিবেশ তথা মাটি পৰীক্ষা নকৰাকৈ এনেকৈ সুৰংগ নিৰ্মাণ কেতিয়াও বিপদমুক্ত নহয়। চাৰ ধাম অল ৱেদাৰ প্ৰজেক্টৰ চেয়াৰমেন পদত থকা ৰবি চোপ্ৰাইয়ো এই বিষয়টোক লৈ বিৰোধিতা কৰিয়েই পদত্যাগ কৰিছে। এনেকৈ নিৰ্মাণ কৰিলে প্ৰাকৃতিক ভাৰসাম্য নষ্ট হয়।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
Next Post
১৫ নম্বৰ কিস্তিৰ ধন মুকলি কৰিলে প্রধানমন্ত্ৰীয়ে! আপোনাৰ একাউণ্টত এতিয়াও PM কিষাণ যোজনাৰ ধন সোমোৱা নাই যদি কৰক এই কাম

১৫ নম্বৰ কিস্তিৰ ধন মুকলি কৰিলে প্রধানমন্ত্ৰীয়ে! আপোনাৰ একাউণ্টত এতিয়াও PM কিষাণ যোজনাৰ ধন সোমোৱা নাই যদি কৰক এই কাম

চেঞ্চুৰীৰ হাফ চেঞ্চুৰী! শীৰ্ষত কোহলী, শচীনৰ সন্মুখতেই শচীনৰ ৰেকৰ্ড ভাঙি বিশ্বৰেকৰ্ড বিৰাটৰ

চেঞ্চুৰীৰ হাফ চেঞ্চুৰী! শীৰ্ষত কোহলী, শচীনৰ সন্মুখতেই শচীনৰ ৰেকৰ্ড ভাঙি বিশ্বৰেকৰ্ড বিৰাটৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.