অসম লাইভ২৪ঃ ধৰ্মীয় শাস্ত্ৰত দান-ধৰ্মক পুণ্যৰ কাম বুলি কোৱা হয়৷ শুদ্ধ মনেৰে কোনো স্বাৰ্থ অবিহনে দান কৰাৰ পৰামৰ্শ দিয়ে হিন্দু ধৰ্মই৷ নিজৰ ইচ্ছা অনুসৰি যিকোনো সময়ত বা যিকোনো উপায়েৰে দান দিয়ে বহুজনে৷ দান কৰাৰ অৱশ্যে কিছু নিয়ম আছে যি নিয়ম মানি চলিলে ব্যক্তিৰ জীৱনত সমস্যাৰ সৃষ্টি নহয়৷ শাস্ত্ৰ অনুসৰি প্ৰতিজন ব্যক্তিক নিজৰ উপাৰ্জিত অৰ্থৰ ১০ শতাংশ দান কৰা উচিত৷ এইক্ষেত্ৰত পৰিয়ালক বা নিজক কষ্ট দি দান কৰা একেবাৰেই অনুচিত৷ ইয়াৰোপৰি নিজে গৈ দান কৰিলে অধিক ফল লাভ কৰিব৷ কাৰোবাক যদি ঘৰত মাতি আনি দান কৰে সেয়া অতি উত্তম৷ দাতাই পূৰ্বদিশত মুখ কৰি হাত হাতত তিল, কুশবৱ আৰু চাউল লৈ দান কৰিব পাৰে৷ এই সময়ত দানগ্ৰহীতাৰ মুখ উত্তৰ দিশত থকাটো শুভ৷ শাস্ত্ৰত পূৰ্ণিমা, অমাবস্যা, সংক্ৰান্তি, গ্ৰহণৰ ওপৰিও বিভিন্ন সময়ত দান কৰাৰ কথা উল্লেখ আছে৷ কিন্তু কেতিয়া দান কৰিব বা কেতিয়া দান নকৰিব সেই বিষয়েও উল্লেখ আছে৷ ইয়াৰোপৰি কোন সামগ্ৰী দান কেনেকৈ দান কৰিব সেয়া জনা উচিত৷
কেতিয়া কেতিয়া কি দান কৰিব?
পৰিয়ালত কাৰোবাৰ মৃত্যুৰ পাছত সেই ব্যক্তিৰ কোনো সামগ্ৰী দান কৰি দিয়াটো শুভ৷ কিন্তু শাস্ত্ৰ অনুসৰি ব্যক্তিৰ মৃত্যুৰ এবছৰ পাছত তেওঁৰ সামগ্ৰীসমূহ দান কৰি দিয়া উচিত৷ শ্ৰাদ্ধৰ দিনা ব্ৰাহ্মণ ভোজ কৰাটো খুবেই জৰুৰী৷ কিন্তু সেইদিনা কোনো দান কৰিব নালাগে৷
শাস্ত্ৰ অনুযায়ী সূৰ্যাস্তৰ পাছত দান কৰাটো একেবাৰেই অশুভ৷ সূৰ্যাস্তৰ পাছত যিকোনো দান কৰাটো অশুভ শক্তিক উৎসৰ্গা কৰা বুজাই৷
কোষ্ঠীত গ্ৰহৰ অশুভ পৰিস্থিতিত দান কৰিব নালাগে৷ কোষ্ঠীত শনি আৰু চন্দ্ৰ দুৰ্বল পৰিস্থিতিত থাকিলে দান কৰা উচিত নহয়৷ দান কৰোতে এই তিনি গ্ৰহই অশান্ত হয় আৰু অশুভ ফল প্ৰদান কৰে৷
কি সামগ্ৰী কেনেকৈ দান কৰাটো শুভ?
বহুতেই অন্নদান কৰি থাকে৷ কাৰোবাক ভাল দিলে যাতে বাহী বা বেয়া হৈ যোৱা খাদ্য নিদিয়ে সেই কথাত নজৰ দিয়া উচিত৷
শনি মজবুত কৰাৰ বাবে তেল দান কৰা উচিত৷ কিন্তু ৰন্ধনৰ পাছত ৰাহি হোৱা বা বেয়া তেল দান নিদিব৷
সূৰ্যাস্তৰ পাছত কাকোৱেই তুলসী গছ দান নকৰিব৷ সূৰ্যাস্তৰ পাছত তুলসী স্পৰ্শ কৰাটো নিষিদ্ধ৷ ইয়াৰোপৰি সন্ধিয়া তুলসী দান কৰিলে বিষ্ণু ৰুষ্ট হয়৷
সোমবাৰ আৰু শুক্ৰবাৰে গাখীৰ দান কৰাটো শুভ৷ কিন্তু সূৰ্যাস্তৰ পাছত গাখীৰ দান কৰাটো অনুচিত৷ কাৰণ ইয়াৰ ফলত লক্ষ্মী আৰু বিষ্ণু ক্ষুদ্ধ হয়৷
সূৰ্যাস্তৰ পাছত দৈ দান কৰাটো অশুভ৷ দৈৰ সৈতে শুক্ৰৰ সম্পৰ্ক আছে৷ শুক্ৰই ব্যক্তিৰ ভৌতিক সুখ সমৃদ্ধি বৃদ্ধি কৰে৷ সূৰ্যাস্তৰ পাছত দৈ দান কৰিলে পৰিয়ালৰ পৰা সুখ সমৃদ্ধি দূৰ হয়৷
সাধাৰণতে নহৰু আৰু পিঁয়াজ দান কৰা নহয়৷ কিন্তু সূৰ্যাস্তৰ পাছত প্ৰতিবেশীসকলকো এই দুই সামগ্ৰী দান নকৰিব৷ কেতু অনিষ্ট শক্তিৰ অধিপতি৷ সূৰ্যাস্তৰ পাছত নানান ধৰণৰ অশুভ শক্তিয়ে বিৰাজ কৰে৷ সেয়ে এই সময়ত পিঁয়াজ-নহৰু আদি দান কৰিলে আপোনাৰ ক্ষতি হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















