লোকসভা নিৰ্বাচনক লৈ সকলো ব্যস্ত৷ দেশৰ কেইটামান সমষ্টিৰ ওপৰত বিশেষ নজৰ ৰাখিছে দেশৰ প্ৰায়সংখ্যক লোকেই৷ ৰায়বৰেলী সমষ্টিত দৃষ্টি নিবদ্ধ হৈ আছে ৰাজনীতিৰ খবৰ ৰখা প্ৰতিজন ব্যক্তিয়ে৷ কাৰণ সেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে যুৱনেতা ৰাহুল গান্ধীয়ে৷ ৰাহুলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নামি পৰিছে সমগ্ৰ গান্ধী পৰিয়ালেই৷ ৰায়বৰেলীত ৰাহুলৰ সমানে প্ৰচাৰ চলাইছে মাতৃ ছোনীয়া গান্ধী আৰু ভগ্নী প্ৰিয়ংকাইয়ো৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰিয়ংকা গান্ধীয়ে দিয়া এটা ইণ্টাৰভিউ’ৱে দৃষ্টি কাঢ়িছে নেটিজেনৰ৷
প্ৰিয়ংকাৰ কঁপালত ৰাজভোগ লিখা আছে৷ প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে প্ৰিয়ংকাৰ৷ সেই কথা নিজেই প্ৰকাশ কৰিছে প্ৰিয়ংকাই৷ প্ৰিয়ংকাই এই ভৱিষ্যদ্বাণী অৱশ্যে নিজে কৰা নাই৷ এই ভৱিষ্যদ্বাণী প্ৰিয়ংকাৰ হাত চাই এজন জ্যেতিষীয়ে কৰিছিল৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰিয়ংকাক প্ৰশ্ন কৰিছিল, এইবাৰ তৃতীয়বাৰলৈ যদি কংগ্ৰেছ পৰাস্ত হয় তেন্তে কংগ্ৰেছ দলৰ নেতৃত্বৰ বাঘজৰী গান্ধী, নেহৰু পৰিয়ালে এৰিব লাগিব৷ এই নেতৃত্বৰ বাঘজৰী কোনে ধৰিব?
প্ৰিয়ংকাই এই প্ৰশ্নৰ উত্তৰত কয়, ‘গান্ধী পৰিয়াল বুলি আপোনালোকে যেনেকৈ কল্পনা কৰি আছে, আমাক তেনেকৈ ডাঙৰ কৰা হোৱা নাই৷ আমি সাধাৰণভাৱেই ডাঙৰ হৈছো৷ আমাক আমাৰ মাতৃয়ে কেতিয়াও ক্ষমতা কেনেকৈ ধৰিব লাগে এইবোৰো শিকোৱা নাই৷ মইয়ো মোৰ সন্তানক কাহানিও এইবোৰ শিক্ষা দিয়া নাই৷ কেতিয়াও আমি নিজকে প্ৰধানমন্ত্ৰী হিচাপে দেখিম বুলি সপোনো দেখা নাই৷’ প্ৰিয়ংকাই উদাহৰণ দিবলৈ গৈ শিশুকালৰে এক ঘটনা শ্বেয়াৰ কৰে৷ট
প্ৰিয়ংকাই কয়, ‘এবাৰ এজন জ্যোতিষী আমাৰ ঘৰলৈ আহিছিল৷ তেওঁ দেউতাক লগ কৰিবলৈ আহিছিল৷ তেতিয়া মোৰ বয়স আছিল ১২-১৩ বছৰ৷ জ্যোতিষীজনে মোৰ হাতখন চাই দিছিল৷ হাত চায়েই তেওঁ ভৱিষ্যদ্বাণী কৰিছিল যে মই ডাঙৰ হৈ প্ৰধানমন্ত্ৰী হম৷ দেউতা তেতিয়ালৈ আহি পাইছিল৷ দেউতাই এই কথা শুনি মোলৈ চাই খঙেৰে কৈছিল, এতিয়াই এইবোৰ কথা নহয়৷ জ্যোতিষীজনলৈকো চাই কৈছিল, তাইক এইবোৰ কি কৈছা? তাইৰ মনত এইবোৰ কথা সোমাব নালাগে৷’
প্ৰিয়ংকাই লগতে কয়, ‘গান্ধী পৰিয়ালৰ সদস্য ৰাহুল অথৱা প্ৰিয়ংকা কোনোৱে গাদীৰ প্ৰতি মোহ ৰাখি ৰাজনীতি কৰা নাই৷ আমি আঢ্যবন্তভাৱে জীয়াই থাকো সেয়া একেবাৰেই মিছা ধাৰণা৷ আমাৰ জীৱন প্ৰণালী খুবেই সাধাৰণ৷ ক্ষমতাক আমাৰ হাতৰ মুঠিতেই ধৰি ৰাখিম সেই পৰিকল্পনা আমি কোনো কালেই কৰা নাই৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















