• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমেঠিত স্মৃতিক হৰুৱালে চৰ্চাত নথকা এজন কংগ্ৰেছীয়ে, নেপথ্যৰ কাৰিগৰ কিশোৰীলাল কিয় অতি ঘনিষ্ঠ ছোনীয়াৰ? জানক সবিশেষ

আমেঠিত স্মৃতিক হৰুৱালে চৰ্চাত নথকা এজন কংগ্ৰেছীয়ে, নেপথ্যৰ কাৰিগৰ কিশোৰীলাল কিয় অতি ঘনিষ্ঠ ছোনীয়াৰ? জানক সবিশেষ

2 years ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

14 minutes ago
মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

39 minutes ago
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

1 hour ago
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

1 hour ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

2 hours ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

2 hours ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

3 hours ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

4 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

4 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

5 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

5 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমেঠিত স্মৃতিক হৰুৱালে চৰ্চাত নথকা এজন কংগ্ৰেছীয়ে, নেপথ্যৰ কাৰিগৰ কিশোৰীলাল কিয় অতি ঘনিষ্ঠ ছোনীয়াৰ? জানক সবিশেষ

আমেঠিত স্মৃতিক হৰুৱালে চৰ্চাত নথকা এজন কংগ্ৰেছীয়ে, নেপথ্যৰ কাৰিগৰ কিশোৰীলাল কিয় অতি ঘনিষ্ঠ ছোনীয়াৰ? জানক সবিশেষ

editor by editor
June 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
আমেঠিত স্মৃতিক হৰুৱালে চৰ্চাত নথকা এজন কংগ্ৰেছীয়ে, নেপথ্যৰ কাৰিগৰ কিশোৰীলাল কিয় অতি ঘনিষ্ঠ ছোনীয়াৰ? জানক সবিশেষ
0
SHARES
523
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫৫ হাজাৰতকৈ বেছি ভোটত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হৰুৱাই আমেঠিক ইতিহাস ৰচিছিল স্মৃতি ইৰাণীয়ে৷ কিন্তু ৫বছৰৰ ভিতৰতেই সেই ছবি সলনি হৈ গ’ল৷ সেই আমেঠিতে এইবাৰ স্মৃতি নিজেই এক স্মৃতি হৈ গ’ল৷ প্ৰায় এক লাখ ভোটত কংগ্ৰেছৰ হাতত পৰাস্ত হ’ল স্মৃতি৷ গান্ধী পৰিয়ালৰ হাতত নহয়, গান্ধী পৰিয়ালৰ ঘনিষ্ঠ এজনৰ হাতত পৰাস্ত হ’ল স্মৃতি৷ কিশোৰীলাল শৰ্মাৰ হাতত পৰাস্ত হ’ল স্মৃতি৷

কোন এই কিশোৰীলাল? মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পাছতেই কিশোৰীলাল কোন জানিবলৈ আগ্ৰহী হৈ উঠিছে বহুজন৷ গুগলত কিশোৰীলাল শৰ্মা লিখি বহুজনে চাৰ্ছো কৰিছে৷ কিয় এইবাৰ কংগ্ৰেছে তেওঁক প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিছিল সেই কথাও জানিবলৈ আগ্ৰহী হৈ উঠিছে বহুজন৷

পঞ্জাৱৰ লুধিয়ানাত জন্মগ্ৰহণ কৰিছিল কিশোৰীলালে৷ তাতেই শিক্ষাগ্ৰহণ কৰিছিল কিশোৰীয়ে৷ শিক্ষাজীৱন সামৰি কংগ্ৰেছত যোগদান কৰে কিশোৰীয়ে৷ সৰুৰে পৰাই কংগ্ৰেছৰ আদৰ্শই তেওঁক অনুপ্ৰাণিত কৰিছিল৷ সেয়ে ছাত্ৰ বয়সৰ পৰাই ৰাজনীতিৰ সৈতে জড়িতও হৈ পৰিছিল কিশোৰী৷ বিগত ৪০ বছৰতকৈ বেছি সময় ধৰি কংগ্ৰেছ দলৰ সৈতে যুক্ত হৈ আছে কিশোৰীলাল৷

কংগ্ৰেছৰ ওপৰিও গান্ধী পৰিয়ালৰ অতি আস্থাৰ পাত্ৰ কিশোৰীলাল৷ ৰাজীৱ গান্ধীৰ পৰা ছোনীয়া গান্ধী৷ ছোনীয়া গান্ধীৰ পৰা ৰাহল গান্ধী সকলোৰে সৈতেই অতি ঘনিষ্ঠ সংযোগ আছে কিশোৰীৰ৷ কেৱল আমেঠিয়েই নহয়, উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ সৈতেও কিশোৰীলালৰ সম্পৰ্ক যথেষ্ট মজবুত৷

কিশোৰীলালক আমেঠিলৈ প্ৰথমে আনিছিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে৷ চন তেতিয়া ১৯৮৩৷ তেতিয়া ৰাজীৱ গান্ধী আমেঠিৰ সাংসদ৷ নিজৰ সংসদীয় এলেকাত কংগ্ৰেছৰ সাংগঠনিক কাম কাজৰ দায়িত্ব দিছিল কিশোৰীলালৰ ওপৰত৷ ৰাজীৱ গান্ধীৰ দিনৰ পৰাই আমেঠিৰ ওপৰিও ৰায়বৰেলী আৰু ছুলতানপুৰৰ কংগ্ৰেছ সংগঠনৰ চোৱাচিতা কৰি আহিছে কিশোৰীলালে৷

১৯৯১ চনত লোকসভা নিৰ্বাচনৰ মাজত এলটিটিৰ মানৱ বোমাৰুয়ে ৰাজীৱ গান্ধীক হত্যা কৰাৰ পাছত তেওঁৰ ঘনিষ্ঠ সহচৰ সতীশ শৰ্মাক আমেঠিৰ প্ৰাৰ্থী হিচাপে বাচি লৈছিল কংগ্ৰেছে৷ সেই সতীশক জিকোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল কিশোৰীলালে৷ ১৯৯১ চনৰ পৰা ১৯৯৮ চনলৈকে আমেঠিক সাংসদ হৈ থাকে সতীশ৷ ১৯৯৮ চনৰ সতীশে পৰাজয় বৰণ কৰাৰ ঠিক এবছৰ পাছত অৰ্থাৎ ১৯৯৯ চনত আমেঠিৰ পৰাই ছোনীয়া গান্ধীয়েও ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰে৷ আমেঠিৰ পৰা প্ৰথমে তেওঁ লোকসভা নিৰ্বাচন খেলে৷

সেই সময়ত ছোনীয়াৰ ইলেকছন মেনেজমেণ্টৰ দায়িত্ব আছিল কিশোৰীলালৰ ওপৰত৷ নিৰ্বাচনত জয়ী হৈ সাংসদ হয় ছোনীয়া গান্ধী৷ কেৱল আমেঠিয়েই নহয় ৰায়বৰেলীতো গান্ধী পৰিয়ালৰ বিশেষ প্ৰভাৱ আছিল৷ বিগত দুই দশক ধৰি এই দুই কেন্দ্ৰৰ সৈতে গান্ধী পৰিয়ালৰ যোগসূত্ৰ ৰক্ষা কৰি আহিছে কিশোৰীলালে৷ ছোনীয়াৰ পাছতেই আমেঠিৰ পৰা নিৰ্বাচনী যুঁজ আগবঢ়াই ৰাহুল গান্ধীয়ে৷ ২০১৯ চন পৰ্যন্ত এই আসন কংগ্ৰেছৰ হাতত আছিল৷ ২০১৯ চন পৰ্যন্ত লোকসভা নিৰ্বাচনত ৰাহুলৰ বিৰুদ্ধে  থিয় দিয়ে বিজেপিৰ স্মৃতি ইৰাণীয়ে৷ সেইবাৰ স্মৃতিৰ হাতত পৰাস্ত হয় ৰাহুল৷ কংগ্ৰেছ দুৰ্গত ফুলি উঠে পদুম৷

নিজৰ দুৰ্গ হেৰুওৱাৰ পাছত কেনেকৈ পুৰণি দুৰ্গ উভতাই পোৱা যায় তাকে লৈ ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বৰে পৰাই অংক কৰি আছিল কংগ্ৰেছ দলে৷ এইবাৰ আমেঠিত প্ৰাৰ্থী কোন হ’ব বুলি বহুতেই দৃষ্টিও ৰাখি আহিছিল৷ বহুতেই ভাৱিছিল প্ৰিয়ংকা গান্ধী নতুবা তেওঁৰ স্বামী ৰবাৰ্ট ভাদ্ৰাই এই সমষ্টিৰ প্ৰাৰ্থী হ’ব বুলি বহুতে ধাৰণা কৰিছিল৷

নিৰ্বাচন আৰম্ভ হোৱাৰ একেবাৰে শেষ সময়ত আমেঠিত প্ৰাৰ্থী ঘোষণা কৰে কংগ্ৰেছে৷ এইবাৰ ৰাহুল, প্ৰিয়ংকা কোনো এই  সম্ষ্টিত প্ৰাৰ্থী নহল৷ ছোনীয়াই এৰা আসন ৰায়বৰেলীত ৰাহুলে প্ৰাৰ্থীত্ব পাৰে৷ আৰু আমেঠিলৈ লৈ অনা হয় কিশোৰীলালক৷ বিজেপিয়ে এইবাৰ সেই কেন্দ্ৰৰ পৰা বিদায়ী সাংসদ স্মৃতিকেই প্ৰাৰ্থী হিচাপে ৰাখিলে৷ পদ্মশিৱিৰে আশা কৰিছিল বিগত বাৰৰ তুলনাত বেছি ব্যৱধানত জয়ী হ’ব স্মৃতি৷ সেইধৰণে প্ৰচাৰো চলাইছিল বিজেপিয়ে৷ কিন্তু শেষ পৰ্যন্ত হিচাপ খেলিমেলি হৈ যায় বিজেপিৰ৷

আমেঠিৰ মানুহে গান্ধী পৰিয়াল নাথাকিলেও গান্ধী পৰিয়ালৰ আস্থাভাজন কিশোৰীলালত বাচি লয়৷ এই কেন্দ্ৰত কিশোৰীলালৰ হৈ প্ৰচাৰ চলাইছিল প্ৰিয়ংকা গান্ধীয়ে৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে বাৰে বাৰে আমেঠিলৈ গৈছিল প্ৰিয়ংকা৷ এই আমেঠি কংগ্ৰেছে দূৰ্গ বুলি ভৱাৰ কাৰণো আছে৷ ১৯৭৭ চনত পূৰ্ব উত্তৰপ্ৰদেশৰ এই আসনত প্ৰাৰ্থী হৈছিল ৰাজীৱ গান্ধীৰ ভাতৃ সঞ্জয় গান্ধী৷ দিল্লীৰ মছনদত তেতিয়া ইন্দিৰা গান্ধীৰ চৰকাৰ৷ তেতিয়া ইন্দিৰা গান্ধীৰ গাদী যাওঁ যাওঁ অৱস্থা৷ চৌদিশে বলিছিল ইন্দিৰা বিৰোধী বতাহ৷ সেই বতাহতেই সঞ্জয় গান্ধীয়ে হেৰুৱাইছিল আমেঠিও৷ সঞ্জয় গান্ধী পৰাস্ত হোৱাৰ তিনি বছৰ পাছত ১৯৮০ৰ লোকসভা নিৰ্বাচনত পুনৰ আমেঠিত নিৰ্বাচন খেলি জয়ী হয় সঞ্জয় গান্ধী৷ বিমান দুৰ্ঘটনাত সঞ্জয় গান্ধীৰ অকাল মৃত্যুৰ পাছত ১৯৮১ চনত উপনিৰ্বাচন হয় আমেঠিত৷ সেই নিৰ্বাচনত জয়ী হয় ৰাজীৱ গান্ধী৷ তাৰপাছতেই ৰাজীৱৰ উত্তৰাধিকাৰ সূত্ৰে সেই সমষ্টি কংগ্ৰেছেই দখল কৰি আহিছে৷ এইবাৰ গান্ধী পৰিয়ালৰ সলনি এই আসন গৈছে কিশোৰীলালৰ হাতলৈ৷ বহুদিনীয়া কঠোৰ পৰিশ্ৰমৰেই ফল লাভ কৰিছে কিশোৰীলালে বুলি বহুতেই প্ৰচাৰ চলাবলৈকো আৰম্ভ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?
জীৱনশৈলী

আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

April 7, 2026
মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি
জীৱনশৈলী

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

April 7, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে
জীৱনশৈলী

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত যদি ইণ্টাৰনেট কৰ্তন হয়, কি কৰিব? ইণ্টাৰনেট নাথাকিলে বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব এই তিনিটা এপে

April 7, 2026
উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন
জীৱনশৈলী

উত্তৰভাদ্ৰপদৰ চতুৰ্থ ঘৰলৈ আহি আৰু নিষ্ঠুৰ হ’ব শনি, শনিয়ে তছনছ কৰিব ৪ৰাশিৰ জীৱন

April 7, 2026
Next Post
ৰাহুলে কৰিব ‘ধন্যবাদ যাত্ৰা’, উত্তৰপ্ৰদেশত ফলাফলৰ বাবে জনতাক কাষৰ পৰা ধন্যবাদ জনাবলৈ সাঁজু ৰাহুল গান্ধী৷ কেতিয়াৰে পৰা চলিব যাত্ৰা?

ৰাহুলে কৰিব ‘ধন্যবাদ যাত্ৰা’, উত্তৰপ্ৰদেশত ফলাফলৰ বাবে জনতাক কাষৰ পৰা ধন্যবাদ জনাবলৈ সাঁজু ৰাহুল গান্ধী৷ কেতিয়াৰে পৰা চলিব যাত্ৰা?

অস্ত গৈছে বুধ আৰু শুক্ৰ, ভাৱিব নোৱাৰা উন্নতি ২ৰাশিৰ, ২ ৰাশিৰ সন্মুখত আকৌ নতুন বিপদ

অস্ত গৈছে বুধ আৰু শুক্ৰ, ভাৱিব নোৱাৰা উন্নতি ২ৰাশিৰ, ২ ৰাশিৰ সন্মুখত আকৌ নতুন বিপদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.