প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰত শ্লোগানৰ ওপৰত ভৰষা ৰাখিছে ভাৰতীয় সেনাইয়ো৷ বিদেশী সংস্থাৰ পৰিবৰ্তে এইবাৰ চাহিদা দূৰ কৰিবলৈ ক্ৰয় কৰিছে হাউইৎজাৰ কামান৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰৰ খবৰ অনুসৰি ৬৫০০ কোটি টকাত মুঠ ৪০০ টা কামান ক্ৰয়ৰ সিদ্ধান্ত লৈছে ভাৰতে৷ ভাৰততেই নক্সা, পৰীক্ষা আৰু নিৰ্মাণ এই হাউইৎজাৰৰ৷ ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থা আৰু পুনেৰ আৰ্মামেণ্ট ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্টৰ দ্বাৰা তৈয়াৰী এডভান্সড টাউড আৰ্টিলাৰী গান চিষ্টেমক ৯ বজ্ৰ আৰু ১৫৫ মিলিমিটাৰ হাউইৎজাৰ ধনুষ ইতিমধ্যেই ভাৰতীয় সেনাৰ হাতত আছে৷ পূৰ্বৰ এই কামানসমূহ ব্যৱহাৰ কৰি সন্তুষ্ট হৈছে সেনাও৷ সেই অভিজ্ঞতাৰ নিৰিখতেই এইবাৰ বাচি লৈছে দেশত তৈয়াৰা হাউইৎজাৰক৷ ইয়াৰ পূৰ্বে বিগত বৰ্ষত দেশত তৈয়াৰী শাৰাঙ্গ কামান ক্ৰয়ৰ কথাও সেনা সূত্ৰই প্ৰকাশ কৰিছিল৷
উল্লেখ্য যে আশীৰ দশকত ছুই়ডেনৰ পৰা বফৰ্ছ ১৫৫ মিলিমিটাৰ হাউইৎজাৰ ক্ৰয় কৰিছিল ভাৰতে৷ কাৰ্গিল যুদ্ধৰ সময়ত যিয়ে চমকপ্ৰদ সাফল্যও দিছিল সেনাক৷ কিন্তু পৰবৰ্তী পৰ্যায়ত বফৰ্ছৰ ৰক্ষণাবেক্ষণ আৰু বিদেশৰ পৰা গোলা সংগ্ৰহ কৰাত সমস্যা আহিছিল৷ প্ৰায় একদশক পূৰ্বে আমেৰিকাৰ পৰা টাইটেনিয়াম নিৰ্মিত এম ৭৭৭ আল্ট্ৰা লাইট হাউইৎজাৰ অনা হয়৷ সমান্তৰালভাৱে ভাৰতীয় সেনাৰ আৰ্টিলাৰী ডিভিছনসমূহক আত্মনিৰ্ভৰ কৰি তোলাৰ উদ্দেশ্যে আৰম্ভ হয় দেশীয় প্ৰযুক্তিত কামান নিৰ্মাণৰ কাম৷ তাৰেই সুফল লাভ কৰিছে এইবাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ