সস্তাত পাব বাহন, আম্বানী পৰিয়ালৰ এইবাৰ অটো’ উদ্যোগত প্ৰৱেশ
সকলো যদি ঠিকে থাকে, তেন্তে সস্তাতে উপলব্ধ হ’ব বাহন। এতিয়া অটো উদ্যোগত আম্বানী পৰিয়ালৰ প্ৰৱেশ। প্ৰতি বছৰে ৭.৫০ লাখ গাড়ী নিৰ্মাণৰ লক্ষ্য নতুন কোম্পানীৰ।
ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰৰ স্বত্বাধিকাৰী তথা এছিয়াৰ আটাইতকৈ ধনী ব্যৱসায়ী মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানীয়ে এতিয়া অটোমোবাইল উদ্যোগত প্ৰৱেশ কৰিব পাৰে। যদি এনেকুৱা হয় তেন্তে ৰিলায়েন্সৰ বাহনে বজাৰত মহিন্দ্ৰা আৰু টাটা মটৰ্ছৰ গাড়ীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কোম্পানীটোৱে প্ৰথমে ইলেক্ট্ৰিক আৰু হাইব্ৰিড বাহন নিৰ্মাণ কৰিব।
আচলতে কোম্পানীটোৱে ভাৰতত ইলেক্ট্ৰিক গাড়ী আৰু বেটাৰী নিৰ্মাণৰ পৰিকল্পনা কৰিছে। কোৱা হৈছে যে ইয়াৰ বাবে কোম্পানীটোৱে চীনৰ গাড়ী নিৰ্মাণ কোম্পানী বি ৱাই ডিৰ এজন প্ৰাক্তন বিষয়াক নিযুক্তি দিছে। এই ব্যক্তিজনে দীৰ্ঘদিন ধৰি চীনত উচ্চ পদবীত কাম কৰি আহিছে।
উল্লেখ্য যে, BYD চীনত সুলভ মূল্যত উচ্চমানৰ গাড়ী বিক্ৰী কৰাৰ বাবে পৰিচিত। কোম্পানীটোৰ হেচবেক, কম্পেক্ট এছ ইউ ভি আৰু চেডানত প্ৰতিটো ছেগমেণ্টতে বাহন আছে। ইয়াৰ উপৰিও কোম্পানীটোৱে ইভি বাহনৰ বাবে এটা প্লাণ্ট স্থাপনৰ বাবে বিশেষ পৰামৰ্শদাতা নিয়োগ কৰিছে। যিয়ে, কোম্পানীয়ে স্থাপন কৰিবলগীয়া ইভি প্লাণ্টৰ খৰচ আৰু অন্যান্য সবিশেষৰ পৰিকল্পনা কৰিব।
তথ্য অনুসৰি অনিল আম্বানীয়ে প্ৰথমে প্ৰতি বছৰে ২.৫০ লাখ গাড়ী নিৰ্মাণৰ সিদ্ধান্ত লৈছে। ইয়াৰ পিছত বছৰি এই সংখ্যা ৭.৫০ লাখলৈ বৃদ্ধিৰ লক্ষ্যৰে কাম কৰি আছে কোম্পানীটোৱে। উল্লেখ্য যে ভাৰতৰ বজাৰত BYD ৰ Atto 3 গাড়ী উপলব্ধ। এই গাড়ীখনে এবাৰ চাৰ্জত ৫২১ কিলোমিটাৰ পৰ্যন্ত ড্ৰাইভিং ৰেঞ্জ দিয়ে। অনুমান কৰা হৈছে যে ৰিলায়েন্সে গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ পিছত প্ৰতিযোগিতা বৃদ্ধি পাব আৰু মানুহে সুলভ মূল্যৰ বৈদ্যুতিক বাহন লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















