দেশত বাঢ়িছে দুৰ্ঘটনাৰ সংখ্যা৷ তাকে লৈ চিন্তিত কেন্দ্ৰীয় পৰিবহনমন্ত্ৰী নীতিন গাডকাৰী৷ সংসদত বক্তব্য ৰাখিবলৈ গৈ এই চিন্তা প্ৰকাশ কৰিছে তেওঁ৷ তেওঁৰ মতে মানুহৰ আচৰণৰ পৰিবৰ্তন নহ’লে এই চিত্ৰ সলনি কৰা সহজ নহয়৷ নীতিন গাডকাৰীয়ে কয়, ‘বিদেশত গৈ আলোচনাত দুৰ্ঘটনাৰ কথা উঠিলেই লাজত মুখ লুকুৱাব লগা হয়৷’
বৃহস্পতিবাৰে সংসদৰ শীতকালীন অধিবেশনক লৈ বক্তব্য কৰিবলৈ গৈ তেওঁ কয়, ‘পৰিবহনমন্ত্ৰীৰ পদৰ দায়িত্বক লৈ মই দেশজুৰি দুৰ্ঘটনাৰ সংখ্যা ৫০শতাংশ কমোৱাৰ লক্ষ্য ৰাখিছিলো৷ ক’বলৈ মোৰ লাজ নালাগে৷ কমাতো দূৰৈৰে কথা, উলোটাই সমগ্ৰ দেশজুৰি বাঢ়ি গৈছে দুৰ্ঘটনাৰ সংখ্যা৷’ মন্ত্ৰীয়ে লগতে কয়, ‘যেতিয়া আন্তৰ্জাতিক সন্মিলনত যোগ দিবলৈ যাওঁ তেতিয়াই দুৰ্ঘটনাক লৈ আমাৰ আলোচনা হয়, মই মুখ লুকুওৱাৰ চেষ্টা কৰো৷’
গাডকাৰীয়ে জনাই যে পথ দুৰ্ঘটনাত দেশত বাৰ্ষিক ১.৭৮ লাখ প্ৰাণ যায়৷ নিহতসকলৰ ৬০শতাংশ ১৮ৰ পৰা ৩৪ বছৰ বয়সীয়া৷ উত্তৰপ্ৰদেশত এই বছৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে ২৩ হাজাৰ মানুহৰ৷ দুৰ্ঘটনাত সৰ্বোচ্চ প্ৰাণ গৈছে তামিলনাডুত৷ তাতেই মৃতকৰ সংখ্যা ১৮ হাজাৰ৷ মহাৰাষ্ট্ৰত ১৫ হাজাৰ আৰু মধ্যপ্ৰদেশত সেই সংখ্যা ১৩ হাজাৰ৷ দিল্লীত ১৪০০আৰু বাংগালুৰুত ৯১৫জনৰ এবছৰত মৃত্যু হৈছে পথ দুৰ্ঘটনাত৷ ইয়াৰ কাৰণ হিচাপে মন্ত্ৰীয়ে জনাইছে যে ৰাস্তাৰ ওপৰত ট্ৰাক ৰখাই থোৱাটোৱেই পথ দুৰ্ঘটনাৰ এক প্ৰধান কাৰণ৷ কাৰণ বহুতেই ট্ৰাক লেন অনুসৰণ নকৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ