CBSEৰ ডাঙৰ সিদ্ধান্ত- বছৰি দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ২০২৬-২০২৭ শিক্ষাবৰ্ষৰ পৰা বছৰত দুবাৰকৈ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধন্ত গ্ৰহণ কৰিছে। ইয়াৰ লগতে ২৬০খন সংযুক্ত বিদেশী বিদ্যালয়ৰ বাবে বিশ্বব্যাপী পাঠ্যক্ৰম আৰম্ভ হ’ব।
কালি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সভাপতিত্বত অনুষ্ঠিত এক বৈঠকত গ্লোবেল পাঠ্যক্ৰম মুকলি কৰাৰ সিদ্ধান্ত লোৱা হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৬-২০২৭ চনৰ পৰা বছৰত দুবাৰকৈ দশম শ্ৰেণীৰ এই পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে চিবিএছইয়ে ২৬০খন সংযুক্ত বিদেশী বিদ্যালয়ৰ বাবে গ্ল’বেল পাঠ্যক্ৰম আৰম্ভ কৰিব। এই সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এক্স যোগে এটা পোষ্ট শ্বেয়াৰ কৰিছে।
এই পোষ্টটোত মন্ত্ৰীগৰাকীয়ে লিখিছে যে ছাত্ৰ-ছাত্ৰীৰ বাবে মানসিক চাপমুক্ত শিক্ষণ পৰিৱেশ গঢ়ি তোলাটো চৰকাৰৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু। পৰীক্ষাৰ উন্নতি আৰু সংস্কাৰ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই কথা আগুৱাই লৈ গৈ মন্ত্ৰালয় আৰু চিবিএছইৰ অন্যান্য বিষয়ববীয়াৰ লগতে বিদ্যালয় শিক্ষাৰ সচিব, চিবিএছইৰ অধ্যক্ষই বছৰত দুবাৰকৈ চিবিএছই পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিশদ আলোচনা কৰে। এতিয়া ইয়াৰ খচৰা আঁচনিখন অতি সোনকালে চিবিএছইৰ জনমতৰ বাবে উত্থাপন কৰা হ’ব।
নতুন শিক্ষা নীতি ৰূপায়ণৰ সন্দৰ্ভত শিক্ষা মন্ত্ৰালয়ে ঘোষণা কৰিছিল যে বছৰত দুবাৰকৈ ব’ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ব’ৰ্ড পৰীক্ষাৰ মানসিক চাপ কমোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীক দুটাকৈ সুযোগ দিয়া হ’ব। ইয়াৰ পিছত সৰ্বোত্তম নম্বৰৰ কথা বিবেচনা কৰা হ’ব। একে সময়তে পৰীক্ষাৰ্থীসকলে দুয়োবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নহ’ব। এতিয়া এনে পৰিস্থিতিত এই সন্দৰ্ভত কামবোৰ ব’ৰ্ডে দ্ৰুতগতিত আগুৱাই লৈ গৈছে। বৰ্তমান ব’ৰ্ডৰ দ্বাৰা পৰীক্ষাসমূহ চলি আছে, যিটো মাৰ্চ-এপ্ৰিললৈকে চলিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















