মহাসংকটত ইউক্ৰেইন, ট্ৰাম্পে বন্ধ কৰিলে সামৰিক সাহায্য
মহাসংকটত জেলেনস্কিৰ ইউক্ৰেইন। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে হোৱাইট হাউছত তীব্ৰ বিতৰ্কৰ অন্তত ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনক দিয়া সামৰিক সাহায্য বন্ধ ঘোষণা কৰিলে ট্ৰাম্পে।
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ ৩ বছৰতকৈও অধিক সময় ধৰি চলি আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই যুদ্ধৰ অতি সোনকালে অন্ত পেলোৱাৰ কথা কৈছে। শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ মাজত যুদ্ধ বন্ধ কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়।
কিন্তু এই বৈঠকৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু ভ’ল’ডিমাইৰ জেলেনস্কিৰ মাজত তীব্ৰ তৰ্ক হয়। এতিয়া এই বিতৰ্কৰ পিছত আমেৰিকাই ইউক্ৰেইনক ডাঙৰ আঘাত দিছে। তথ্য অনুসৰি আমেৰিকাই ইউক্ৰেইনক দিয়া সামৰিক সাহায্য বন্ধ কৰি দিছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিক ৰাছিয়াৰ সৈতে শান্তি আলোচনাত মিলিত হ’বলৈ হেঁচা প্ৰয়োগ কৰাৰ লক্ষ্যৰে অভাল অফিচৰ বৈঠকত ব্যৰ্থ হোৱাৰ পিছতে ইউক্ৰেইনলৈ আমেৰিকাৰ সাহায্য বন্ধ কৰাৰ নিৰ্দেশ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















