বুমৰাহ সন্দৰ্ভত বিশেষ খবৰ, বাহিৰ হ’ব পাৰে এই প্ৰতিযোগিতাৰ পৰা
ভাৰতীয় দুধৰ্ষ বলাৰ যশপ্ৰীত বুমৰাহ সন্দৰ্ভত আহিছে এক বিশেষ খবৰ । মেডিকেলে দিছে এই খবৰ। বাহিৰ হব পাৰে এই প্ৰতিযোগিতাৰ পৰা। অনুৰাগীয়ে দেখা নাপাব পাৰে বুমৰাহৰ বলিং।
আঘাতৰ বাবে বৰ্তমানে আই পি এলৰ মুম্বাই দলৰ পৰা আঁতৰত আছে বুমৰাহ। সকলোৱে আশা কৰিছিল যে এই বলাৰজনক আৰম্ভণিতে নহলেও এপ্ৰিল মাহত মুম্বাই দলত দেখা পাব। কিন্তু সেই অপেক্ষা এতিয়া কেৱল অপেক্ষাই হৈ ৰব।
আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত আছে বেগী বলাৰ বুমৰাহ। চলিত বৰ্ষৰ জানুৱাৰী মাহত বুমৰাহে অন্তিমখন মেচ খেলিছিল। ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছত এতিয়ালৈকে খেলপথাৰলৈ ঘূৰি আহিব পৰা নাই বুমৰাহ।
অৱশ্যে খেলুৱৈগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত খবৰ আহিছে যে, বুমৰাহ বৰ্তমানে ফিট হৈ পৰিছে। কিন্তু পৰৱৰ্তী খেল কথা মনত ৰাখি দেশৰ হৈ খেলিবলৈ সুস্থ হৈ থকা উদ্দেশ্যে আই পি এল ২০২৫ত বুমৰাহে মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিব নোৱাৰিব।
টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি বুমৰাহ উভতি অহাৰ বাবে আৰু বেছি সময় অপেক্ষা কৰিব লাগিব। বুমৰাহ বিচিচিআই চেণ্টাৰ অৱ এক্সেলেন্সত আছে আৰু সম্পূৰ্ণ সুস্থ হৈ উঠাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে।
বুমৰাহ ক্লিনিকেলভাৱে ফিট। কিন্তু ৱৰ্কলোড মেনেজমেণ্টৰ কথা মনত ৰাখি তেওঁ এতিয়াই খেলিব নোৱাৰিব। উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনী টেষ্টৰ সময়ত বুমৰাহ পিঠিৰ সমস্যাত ভুগিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















