সময়ৰ ব্যৱধানত প্ৰত্যেক গ্ৰহই স্থান পৰিবৰ্তন কৰে, যি বিভিন্ন ৰাশিৰ জাতক-জাতিকাই জীৱনত প্ৰভাৱ পেলাই৷ তাৰ মাজতেই কেতিয়াবা কেতিয়াবা গ্ৰহ নক্ষত্ৰৰ মিলন ৰাজযোগ তৈয়াৰ হয়৷ সূৰ্য আৰু বুধৰ মহামিলনত তৈয়াৰ হয় বুধাদিত্য ৰাজযোগ৷ জ্যোতিষশাস্ত্ৰত যি সমস্ত ৰাজযোগৰ বৰ্ণনা পোৱা গৈছে তাৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ হৈছে বুধাদিত্য ৰাজযোগ৷
বৰ্তমান গ্ৰহৰ ৰজা সূৰ্য মেষ ৰাশিত আছে৷ অন্যহাতে গ্ৰহৰ ৰাজপুত্ৰ হিচাপে পৰিচিত বুধে প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে তাৰ ৰাশি পৰিবৰ্তন কৰে৷ বুধে আগন্তুক ৭ মেত মেষ ৰাশিত প্ৰৱেশ কৰিব৷ আৰু এই দুটি গ্ৰহৰ সংযোগত বুধাদিত্য ৰাজযোগ তৈয়াৰ হৈছে৷ যাৰ শুভ প্ৰভাৱ পৰিছে ৪ৰাশিৰ ওপৰত৷ কোন কোন ৰাশিৰ কঁপাল খুলিব? জানি থওক সবিশেষ৷
কৰ্কট ৰাশি
তুলা ৰাশি
মকৰ ৰাশি
সূৰ্যৰ মিলনত মকৰ ৰাশিৰ কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে৷ বৈবাহিক জীৱন সুখৰ হব৷ চাকৰিজীৱীয়ে নতুন দায়িত্ব পাব পাৰে৷ কামৰ মাধ্যমেৰে সকলোৰে মন জয় কৰিব৷ কৰ্মক্ষেত্ৰত কামত সন্তুষ্টি পাব৷
কুম্ভ ৰাশি
বুধাদিত্য ৰাজযোগত সুদিন উভতি আহিব কুম্ভ ৰাশিৰ৷ জীৱনৰ সকলো ক্ষেত্ৰতেই উন্নতিৰ সুযোগ আহিব৷ চাকৰিয়ালে কামৰ প্ৰশংসা পাব৷ সমাজত সন্মান, প্ৰতিপত্তি বাঢ়িব৷ নিজৰ ব্যৱহাৰেৰে সকলোৰে মন জয় কৰিব পাৰিব৷ ব্যৱসায়ত বৃহৎ লাভৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















