সিংহ ৰাশিৰ অধিপতি গ্ৰহ হৈছে সূৰ্য৷ বৰ্তমান সূৰ্যই মেষ ৰাশিত অৱস্থান কৰিছে৷ সূৰ্যই এটা এটা ৰাশিত মোটামুটি এমাহ ধৰি অৱস্থান কৰে৷ আগন্তুক ১৫ মে’ত সূৰ্যই মেষ ৰাশি এৰি বৃষ ৰাশিত গোচৰ কৰিব৷ বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ৷ অৰ্থাৎ ঠিক দুদিন পাছতেই শুক্ৰৰ ঘৰলৈ আহিব সূৰ্য৷ শুক্ৰ আৰু সূৰ্য পৰস্পৰৰ বন্ধু গ্ৰহ৷ জ্যোতিষ গণনাই কৈছে যে বৃষ ৰাশিত সূৰ্যৰ গোচৰৰ ফলত অৰ্থ, খ্যাতি, প্ৰতিপত্তি আৰু সাফল্য লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক এই তালিকাত কোন কোন আছে?
বৃষ ৰাশি
সূৰ্যই বৃষ ৰাশিত আহিলে এই ৰাশিৰ জাতকৰ সন্মুখত উন্নতিৰ পথ খুলিব৷ সূৰ্যৰ প্ৰভাৱত ডাঙৰ কোনো সাফল্য লাভ কৰিব পাৰে৷ শাৰীৰিক কিছু বিষ বেদনা সহ্য কৰিব লগা হ’ব পাৰে আপুনি৷ চৰকাৰী প্ৰকল্পত ৰৈ থকা ধন এই সময়ত লাভ কৰিব৷ আৰ্থিক ভাৱে লাভৱান হব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















