পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ ৰখাটো নিৰাপদ নে সেই বিষয়ত প্ৰশ্ন তুলিছে দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে৷ বৃহস্পতিবাৰে বিয়লি জম্মু কাশ্মীৰৰ শ্ৰীনগৰত উপস্থিত হৈছে ৰাজনাথ সিং৷ অপাৰেছন সেন্দূৰৰ পাছতেই এয়া প্ৰথমবাৰ শ্ৰীনগৰলৈ যাত্ৰা কৰিছে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং৷
ভাৰতীয় সেনাৰ চীনা কৰ্পছৰ সদৰত গৈ বিষয়াসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈছে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং৷ তাতেই তেওঁ কয়, ‘সমগ্ৰ বিশ্বৰ সন্মুখত মোৰ এই প্ৰশ্ন, এই ধৰণৰ দায়িত্বজ্ঞানহীন আৰু দুৰ্বৃত্তপৰায়ণ দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ নিৰাপদ নে?’ ইয়াৰ সৈতে তেওঁ কয়, ‘মোৰ ধাৰণা যে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ইণ্টাৰনেশ্ব্যনেল এটমিক এনাৰ্জি এজেন্সিৰ নজৰদাৰীত ৰখা উচিত৷’
উল্লেখ কৰা প্ৰয়োজন যে আন্তৰ্জাতিক এই সংস্থাই বিশ্বৰ বিভিন্ন দেশৰ পাৰমাণৱিক কাৰ্যকলাপৰ ওপৰত নজৰদাৰী চলাই থাকে৷ ৰাজনাথ সিঙে জনাই যে ভাৰতে পাৰমাণৱিক অস্ত্ৰৰে পাকিস্তানে ভাৰতক ব্লেকমেইলিং কৰাটো কেতিয়াও সহ্য নকৰে৷ কেইবাদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও একে কথাকেই উত্থাপন কৰিছিল৷
শ্ৰীনগৰত উপস্থিত হৈ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে দেশৰ সেনা জোৱানসকলৰ কাৰ্যকলাপত ভূয়সী প্ৰশংসা কৰিছে৷ সেনাক উদ্দেশ্যি তেওঁ কয়, ‘অপাৰেছন সেন্দূৰত আপোনালোকে যি কৰিলে তাৰ বাবে দেশ আজি গৰ্বিত৷’ বৃহস্পতিবাৰে কাশ্মীৰৰ বাদামিবাগ সেনাচাউনীত উপস্থিত হৈছে প্ৰতিৰক্ষামন্ত্ৰীগৰাকী৷ এই সেনাচাউনীতেই আহি পৰিছিল পাকিস্তানৰ বোমা৷ সেই বোমা পৰা অংশসমূহ পৰিদৰ্শন কৰিছে প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















