• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন দলঃ মাৰ্কিন দ্বিদলীয় ব্যৱস্থাত নিৰ্বাচন খেলিব পাৰিবনে ইলন মাস্কে? তৃতীয় দলৰ বাবে কি কি নিয়ম? মাস্কৰ সন্মুখত ৬টা ডাঙৰ চেলেঞ্জ কি কি?

নতুন দলঃ মাৰ্কিন দ্বিদলীয় ব্যৱস্থাত নিৰ্বাচন খেলিব পাৰিবনে ইলন মাস্কে? তৃতীয় দলৰ বাবে কি কি নিয়ম? মাস্কৰ সন্মুখত ৬টা ডাঙৰ চেলেঞ্জ কি কি?

1 year ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

55 minutes ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

1 hour ago
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

2 hours ago
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

3 hours ago
প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

4 hours ago
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

4 hours ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

5 hours ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

6 hours ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

6 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

7 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

8 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন দলঃ মাৰ্কিন দ্বিদলীয় ব্যৱস্থাত নিৰ্বাচন খেলিব পাৰিবনে ইলন মাস্কে? তৃতীয় দলৰ বাবে কি কি নিয়ম? মাস্কৰ সন্মুখত ৬টা ডাঙৰ চেলেঞ্জ কি কি?

নতুন দলঃ মাৰ্কিন দ্বিদলীয় ব্যৱস্থাত নিৰ্বাচন খেলিব পাৰিবনে ইলন মাস্কে? তৃতীয় দলৰ বাবে কি কি নিয়ম? মাস্কৰ সন্মুখত ৬টা ডাঙৰ চেলেঞ্জ কি কি?

editor by editor
July 6, 2025
in জীৱনশৈলী, বিশ্ব, ৰাজনীতি, লেখা
0
নতুন দলঃ মাৰ্কিন দ্বিদলীয় ব্যৱস্থাত নিৰ্বাচন খেলিব পাৰিবনে ইলন মাস্কে? তৃতীয় দলৰ বাবে কি কি নিয়ম? মাস্কৰ সন্মুখত ৬টা ডাঙৰ চেলেঞ্জ কি কি?
0
SHARES
330
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন ৰাজনৈতিক দল ঘোষণা কৰিছে মাৰ্কিন ধনকুবেৰ এলন মাস্কে৷ তেওঁ জনাইছে যে তেওঁৰ নতুন দলৰ নাম আমেৰিকা পাৰ্টি৷ ২০২৬ চনৰ মিড টাৰ্ম ইলেকছনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব৷ আমেৰিকাৰ মানুহক প্ৰকৃত স্বাধীনতা আনি দিয়াই লক্ষ্য মাস্কৰ নতুন দলৰ৷ কিন্তু আমেৰিকাৰ গণতন্ত্ৰত দ্বিদলীয় ব্যৱস্থাহে আছে৷ দুটা দল ইতিমধ্যেই আছে৷ ৰিপাব্লিকান পাৰ্টি আৰু ডেমোক্ৰেটিক পাৰ্টি৷ দ্বিদলীয় ব্যৱস্থাৰ পৰা কেনেকৈ তৃতীয় দল তৈয়াৰ কৰিলে মাস্কে? সেই প্ৰশ্ন বিশ্বজুৰি উত্থাপিত হৈছে৷

আমেৰিকাৰ শাসনব্যৱস্থাত এই দলত বৈধতা কিমান? কেনেকৈ মাস্কে স্থান ল’ব পাৰিব? বিশেষজ্ঞই এই বিষয়ে নানান মত দিছে৷ অধিকাংশই মানি লৈছে যে কঠিন চেলেঞ্জৰ সন্মুখীন হ’ব মাস্ক৷ অন্তত ছটাকৈ ডাঙৰ চেলেঞ্জ তেওঁৰ বাবে আছে৷ এই যুঁজ একেবাৰেই সহজ নহয়৷ মাস্ক বিশ্বৰ ধনীতম ব্যক্তিৰ মাজত অন্যতম৷ অৰ্থই তেওঁক কিছু আগুৱাই নিলেও আমেৰিকাৰ ৰাজনীতিৰ ময়দানত শেষ পৰ্যন্ত টিকি থাকিব পাৰিবনে সেই বিষয়ত সন্দিহান হৈছে বিশেষজ্ঞ৷

প্ৰতিষ্ঠানিক বাধা

আমেৰিকাৰ দ্বিদলীয় ব্যৱস্থাত তৃতীয় দলৰ বাবে নানান প্ৰতিবন্ধকতা আছে৷ তৃতীয় দলৰ একেবাৰেই অবৈধ তেনে কথা নাই যদিও পথ মসৃণ নহয়৷ প্ৰাতিষ্ঠানিক কিছু বাধাৰ সন্মুখীন হ’ব লাগিব মাস্ক৷ জৰ্জটাউন বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক ইতিহাসৰ অধ্যাপক হান্স নোয়েলে কয়, ‘বহু দল বা তৃতীয় দলৰ বাবে উন্মোক্ত সফল কোনো প্ৰতিষ্ঠান আমেৰিকাত নাই৷ নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ’লে তেওঁৰ দল ভোটত জিকিব লাগিব৷ এয়া অন্যান্য গণতন্ত্ৰৰ দৰেও নহয় যে আপুনি সৰু এটা দল আৰম্ভ কৰিলে ২০-৩০ শতাংশ ভোট পাই আইনসভাত আসনৰ ভাগ পাব৷ আমেৰিকাৰ ব্যৱস্থাত জয়ী দলেই সকলো পায়৷ যদি মাস্কে বিভিন্ন প্ৰদেশৰ ফেডাৰেল প্ৰাৰ্থীসকলক সমৰ্থন কৰিব খোজে কিংবা নিজে তৃতীয় প্ৰেছিডেণ্ট পদপ্ৰাৰ্থী হ’ব খোজে তেন্তে বেলট লাভৰ বাবে তেওঁ বিভিন্ন প্ৰয়োজনীয়চা পূৰণ কৰিব লাগিব৷ নতুন দলৰ নথিভুক্তকৰণৰ বাবে আমেৰিকাৰ প্ৰাদেশিক আৰু ফেডাৰেল নিৰ্বাচন কমিছনৰ একাধিক নিয়ম আছে৷ প্ৰদেশসমূহৰ নিজস্ব নিয়মো আছে৷ বেলটত নাম উঠাবলৈ হলে ভোটাৰসকলৰ ওচৰৰ পৰা বহু স্বাক্ষৰ জোগাৰ কৰিব লাগিব৷ অৱশ্যে বিশেষজ্ঞৰ মত যে ভোটাৰৰ পৰা স্বাক্ষৰ জোগাৰ কৰাৰ সামৰ্থ্য মাস্কৰ আছে৷

তৃতীয় দলৰ ইতিহাস

আমেৰিকাত ইয়াৰ পূৰ্বেও একাধিকবাৰ তৃতীয় দল আৰম্ভ কৰাৰ চেষ্টা চলিছে৷ দ্বিদলীয় ব্যৱস্থাৰ বাহিৰলৈ গৈ তৃতীয় দলৰ অস্তিত্ব পূৰ্বেও আছিল৷ কিন্তু জাতীয় স্তৰত তেওঁলোকৰ আবেদন সীমিত৷ শেষবাৰ তৃতীয় দলৰ প্ৰাৰ্থীয়ে প্ৰেছিডেণ্ট নিৰ্বাচনত যুঁজ দিছিল ১৯৬৮ চনত৷ সেইবাৰ আমেৰিকান ইণ্ডিপেণ্ডেণ্ট পাৰ্টিৰ প্ৰাৰ্থী আছিল জৰ্জ ৱালেছ৷ ১৯৯২ চনত মাৰ্কিন ধনকুবেৰ ৰছ পেৰটেও ১৯শতাংশ ভোট লাভ কৰিছিল৷ কিন্তু কোনো ইলেক্টৰেল কলেজ ভোট লাভ নকৰিলে৷ ২০০০ চনত ৰেল্ফ নাদেল গ্ৰীণ পাৰ্টিৰ হৈ প্ৰেছিডেণ্ট ভোটৰ বাবে তেওঁ যুঁজিছিল৷ ফ্লৰিডাৰ ফলাফল কঠিল কৰি দিছিল তেওঁ৷ ছুপ্ৰিম কৰ্কটৰ হস্তক্ষেপৰ পাছত ৰিপাব্লিকান নেতা জৰ্জ বুশ জয়ী হয়৷

কৌশলগত সীমাবদ্ধতা

স্পাৰ্টানসকলৰ বিৰুদ্ধে গ্ৰীক জেনেৰেল এপামিননডাছৰ কৌশলৰ সৈতে নিজৰ কৌশলৰ তুলনা কৰিছে মাস্কে৷ ইয়াৰ পূৰ্বে চেনেট আৰু হাউছ অফ ৰিপ্ৰেজেণ্টেটিভছৰ গুৰুত্বপূৰ্ণ কিছু প্ৰতিযোগিতাত মনোনিৱেশ কৰি কংগ্ৰেছৰ গঠনক প্ৰভাৱিত কৰাৰ চিন্তাভাৱনা কৰিছিল মাস্কে৷ তেওঁ নিৰ্দিষ্ট কোনো লক্ষ্য স্থিৰ কৰাৰ কথা জনোৱা নাই৷ বিশেষজ্ঞৰ অধিকাংশই ধাৰণা কৰিছে যে মাস্কৰ প্ৰাৰ্থীয়ে জিকিব নোৱাৰিব৷ কিন্তু নিৰ্বাচনত তেওঁ গুৰুত্বপূৰ্ণ ফেক্টৰ হৈ উঠিব পাৰিব৷ ভোটাৰক বিভ্ৰান্ত কৰিব পাৰিব আৰু ৰিপাব্লিকানৰ ভোট কাটিব পাৰে৷ উত্তৰ কেৰোলিনাৰ দৰে প্ৰদেশৰ পাৰ্থক্য গঢ়াৰ বাবে ভোট মাস্কৰ প্ৰাৰ্থীয়ে পাব পাৰে৷ ট্ৰাম্পৰ বিলৰ বিৰোধীতা কৰিছে মাস্কে৷ বিভিন্ন সমীক্ষাৰ দাবী যে সংখ্যাগৰিষ্ঠ আমেৰিকানেও সেই বিলৰ বিৰুদ্ধে আছে৷

একতাৰ অভাৱ

মাস্কৰ সমৰ্থকসকলৰ মাজত ঐক্যবদ্ধতাৰ অভাৱ আছে বুলি মাৰ্কিন ৰাজনৈতিক বিশেষজ্ঞসকলৰ একাংশৰ মত৷ তেওঁ নতুন দল গঠন কৰিছে৷ ইয়াক আগুৱাই লৈ যোৱাৰ বাবে দল হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সমৰ্থকসকলৰ মাজত যিমান একতাৰ দৰকাৰ সেয়া মাস্কৰ পক্ষত অনা কঠিন৷ কাৰণ বৰ্তমান পৰিস্থিতিত আমেৰিকানেও দ্বিধাবিভক্ত৷ ৰিপাব্লিকান বা ডেমোক্ৰেটসকলৰ প্ৰতি তেওঁৰ ব্যক্তিগত স্তৰত দায়বদ্ধতা আছে৷ সকলোৱেই কোনোবা নহয় কোনোৱা দলৰ সমৰ্থক৷ বহুতেই এই ৰাজনৈতিক দলৰ কামত হতাশ৷ মাস্কৰ নিজস্ব কোনো নিৰ্বাচনী এলেকা নাই৷ ফলত তেওঁৰ দলৰ ৰাজনৈতিক ভিত্তিও নাই৷ সেয়া গঢ়ি তোলা সহজ নহ’ব৷

ৰাজনৈতিক বন্ধু

২০২৪ চনৰ নিৰ্বাচনত ৰিপাব্লিকান নেতা ট্ৰাম্পৰ হৈ প্ৰচাৰত নামিছিল মাস্ক৷ কিন্তু কিছুদিন পাছতেই ট্ৰাম্পৰ সৈতে বিবাদ হয় মাস্কৰ৷ এতিয়া ৰিপাব্লিকানসকলৰ মাজত মাস্কৰ প্ৰভাৱ আৰু জনপ্ৰিয়তাও প্ৰায় কমিছে৷ ৰিপাব্লিকানৰ বহুতেই মাস্কৰ ৰাজনৈতিক প্ৰচেষ্টাক ব্যৰ্থ কৰিবলৈ উদ্যোগী হৈছে৷ নতুন পাৰ্টীক থিয় কৰাবলৈ তেওঁ পৰ্যাপ্ত সমৰ্থন নাপায় বুলিও বহুতে দাবী কৰিছে৷

ধৈৰ্য্য

বিশেষজ্ঞৰ একাংশই কৈছে, ‘আমেৰিকা পাৰ্টিক শক্তিশালী কৰিবলৈ ধৈৰ্য ধৰিব লাগিব মাস্কে৷ সেয়া তেওঁ কৰিব পাৰিবনে নাই তাক লৈ সংশয় আছে৷ কাৰণ স্পেছ এক্সৰ মালিকৰ মেজাজৰ পৰিচয় পূৰ্বেও একাধিকবাৰ পোৱা গৈছে৷’ অধ্যাপক হান্সে এই বিষয়ে কয়, ‘প্ৰচলিত নিয়মৰ বাহিৰলৈ গৈ চলাটো তেওঁৰ অভ্যাস৷ কৰ্মীসকলৰ বাবে তেওঁ উচ্চমানৰ লক্ষ্য স্থিৰ কৰি দিয়ে৷ ৰকেট, গাড়ী তৈয়াৰ কৰে তেওঁ৷ কিন্তু বেলটত নাম তোলা তাতকৈ কঠিন কাম৷ তাৰবাবে যথেষ্ট ধৈৰ্য্য লাগে৷ টকা দি আমেৰিকাত ভোট ক্ৰয় কৰা সহজ কথা নহয়৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই
জীৱনশৈলী

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

July 22, 2026
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?
বিশ্ব

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

July 22, 2026
শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?
জীৱনশৈলী

শাওন মাহত শিৱলিংগত কিয় ক’লা তিল দিয়া হয়?

July 22, 2026
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!
ভাৰত

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

July 22, 2026
Next Post
নিজৰ বৃক্ক দান কৰি স্বামীৰ প্ৰাণ ৰক্ষা কৰিলে পত্নীয়ে, সুস্থ হোৱাৰ পাছতেই পৰকীয়াত মত্ত স্বামী, ঘৰৰ পৰা ওলিয়াই দিলে পত্নীক, তাৰপিছত

নিজৰ বৃক্ক দান কৰি স্বামীৰ প্ৰাণ ৰক্ষা কৰিলে পত্নীয়ে, সুস্থ হোৱাৰ পাছতেই পৰকীয়াত মত্ত স্বামী, ঘৰৰ পৰা ওলিয়াই দিলে পত্নীক, তাৰপিছত

ক্ৰিকেট কেৰিয়াৰ সামৰি এইবাৰ চিনেমা জগতত এইগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ, তামিল চিনেমাত ডেব্যু

ক্ৰিকেট কেৰিয়াৰ সামৰি এইবাৰ চিনেমা জগতত এইগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ, তামিল চিনেমাত ডেব্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.