২০২৫ চনৰ নৱেম্বৰৰ পৰা আৰম্ভ কৰি ২০২৬ চনত কেইবাটাও গ্ৰহই স্থান পৰিবৰ্তন কৰিব৷ গোচৰ কৰিব একাধিক ৰাশিত৷ যেনেকৈ ২০২৫ চনৰ মীন ৰাশিত গোচৰ হৈছে শনি৷ ২০২৬ চনৰ সমগ্ৰ বছৰ মীন ৰাশিতেই থাকিব৷ আকৌ স্থান সলনি হ’ব ২০২৭ চনত৷ শনি ন্যায়ৰ প্ৰতীক ৰূপে পৰিচিত৷ শনিৰ কুনজৰ কাৰোবাৰ ওপৰত থাকিলে চৰম দুৰ্ভোগ নামি আহে জীৱনত৷ ৰজাও ফকীৰ হ’বলৈ বেছি সময় নালাগে৷ এই সময়ত ৩ ৰাশিৰ জীৱনত চলিব চাৰে সাতি দশা৷ দুই ৰাশিৰ জীৱনত চলিব ঢাইয়া৷
এই ৫ ৰাশিৰ জীৱনত সমগ্ৰ বছৰ ধৰি চলিব শনিৰ প্ৰভাৱ৷ যাৰ ফলত চৰম দুৰ্দশা আহিব বুলি ধাৰণা কৰা হৈছে৷ কোন ৫ ৰাশিৰ জীৱনলৈ আহিছে ভাগ্যৰ চৰম দুৰ্ভোগ?
মেষ ৰাশিৰ জাতক সাৱধান
২০২৬ চনত মেষ ৰাশিৰ জাতকে শনিৰ চাৰে সাতিৰ প্ৰথম পৰ্যায় অনুভৱ কৰিব৷ ইয়াৰ ফলত উদ্বেগ, চাপ বাঢ়িব৷ নানান কাৰণত জন্ম হ’ব ভয়ৰ৷ আৰ্থিক সমস্যা অব্যাহত থাকিব৷ আয় কমিব৷ অপ্ৰয়োজনীয় ব্যয় এৰাই চলক৷ শত্ৰুৰ সংখ্যা বাঢ়িব৷ ডাঙৰ কোনো ঝামেলাতো সোমাই পৰিব পাৰে৷ কামত বিলম্ব হ’ব পাৰে৷
সিংহ ৰাশিৰ জাতকৰ চলিব ঢাইয়াৰ প্রভাৱ
সিংহ ৰাশিৰ ওপৰত শনিৰ ঢাইয়াৰ প্ৰভাৱ থাকিব৷ আপোনাৰ কাঙ্খিত লক্ষ্য অৰ্জনত বাধা সৃষ্টি হ’ব পাৰে৷ মানসিক চাপ আৰু উদ্বেগে জৰ্জৰিত কৰিব পাৰে৷ আয় কমিব৷ ব্যয় বাঢ়িব৷ এই সময়ত প্ৰতি পদে পদে চেলেঞ্জৰ মুখত পৰিব হ’ব পাৰে৷ আৰ্থিক ক্ষতিৰ সম্ভাৱনা আছে৷ কৰ্মজীৱনত অৱহেলা নকৰিব৷ অন্যথা ডাঙৰ সমস্যাৰ সৃষ্টি হব পাৰে৷ ২০২৬ চনত পৰিস্থিতি সালসলনি হ’ব৷
ঢাইয়াৰ প্ৰকোপত ধনু ৰাশিৰ জাতকো
ধনু ৰাশিৰ জাতকে শনিৰ ঢাইয়াত অশুভ প্ৰভাৱত সমস্যাত পৰিব পাৰে৷ ইয়াৰোপৰি ব্যয় বৃদ্ধি পাব৷ অথচ আয় কমিব৷ ব্যৱসায়ত ডাঙৰ ক্ষতি হ’ব পাৰে৷ ফলত মানসিক চাপ বঢ়াৰ সম্ভাৱনা আছে৷ ধৰ্মীয় ক্ৰিয়াকলাপ কিছু হলেও স্বস্তি পাব৷ শনিবাৰে শনিমন্দিৰত পূজা কৰক৷ সৰিয়হৰ তেল আৰু কলা তিলৰ প্ৰদীপ জ্বলাওক৷ দুখীয়াক দান কৰক৷ ইয়াৰ ফলত শনিৰ কৃপাদৃষ্টি বৰ্তি থাকিব৷
চাৰে সাতি চলিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনতো
কুম্ভ ৰাশিত শনিৰ চাৰে সাতিৰ শেষ পৰ্যায় চলি আছে৷ ইয়াতকৈ বেয়া সময় আপুনি পাৰ কৰি আহিছে৷ মাজে মাজে ডাঙৰ কোনো চেলেঞ্জৰ মুখত পৰিব পাৰে৷ বাহন চলোৱাৰ সময়ত সাবধান৷ মানসিক চাপ বাঢ়িব পাৰে৷ শৰীৰৰ দিশত নজৰ ৰাখক৷ ঘৰত কিছু শুভ ঘটনাও ঘটিব পাৰে৷
মীন ৰাশিৰ জাতকৰ জীৱনত কি ঘটিব?
মীন ৰাশিৰ জাতকেও শনিৰ চাৰে সাতিৰ দ্বিতীয় পৰ্যায়ত থাকিব৷ জ্যোতিষমতে এই সময়ক সকলোতকৈ বেদনাদায়ক বুলি ধাৰণা কৰা হয়৷ শনিৰ চাৰে সাতিৰ এই পৰ্যায়ত আৰ্থিক কষ্ট, অসুস্থতা, দুৰ্ঘটনা, কৰ্মজীৱন, ব্ৰেকআপ, আত্মীয়ক হেৰুওৱাৰ ভয় আদি সকলো সমস্যাই একেলগে আপোনাক ধৰাশায়ী কৰিব৷ প্ৰয়োজনত আধ্যাত্মিকতাৰ সহায় ল’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















