ঔষধ আমাৰ সাধাৰণ মানুহৰ জীৱনৰ এৰাব নোৱৰা অংগ৷ এতিয়াৰ সময়ত ঔষধৰ ব্যৱসায়ত ভাল মুনাফা লাভ কৰা সম্ভৱ৷ আৰু সেই কাৰণেই ঔষধৰ ব্যৱসায়ৰ প্ৰতি সাধাৰণ ব্যৱসায়ীয়েই নহয় ডাঙৰ ডাঙৰ সংস্থাসমূহৰো আগ্ৰহ বাঢ়িছে৷ কিন্তু ইয়াতেই সমস্যা যে কেনেকৈ ঔষধৰ দোকানৰ ব্যৱসায় আৰম্ভ কেনেকৈ কৰিব পাৰি সেই সম্পৰ্কে বহুতেই নাজানে৷
ঔষধৰ দোকান খুলিবলৈ গ’লে আপোনাৰ কি ডিগ্ৰীৰ প্ৰয়োজন?
চিকিৎসক হোৱাৰ বাবে যেনেকৈ এম বিবিএছ, বিডিএছ বা বিএএমএছৰ দৰে কোৰ্চ কৰা আৱশ্যক তেনেকৈ মেডিকেল শ্বপ খোলাৰ বাবেও ডিপ্লমা, ডিগ্ৰী বা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিব লাগে৷ এখন মেডিকেল দোকান খোলাৰ বাবে আপোনাৰ ফাৰ্মাছীৰ এক ডিগ্ৰী বা ডিপ্লমা থাকিব লাগিব যেনে বি ফাৰ্মা বা ডি ফাৰ্মা৷ যদি আপুনি ফাৰ্মাচী খোলাৰ প্লেন কৰিছে তেন্তে প্ৰথমেই এই কোৰ্চ সম্পন্ন কৰক৷
এই কোৰ্ছৰ ফি কিমান হ’ব পাৰে?
বেচেলৰ অফ ফাৰ্মাচী মুঠ চাৰি বছৰীয়া কোৰ্চ৷ ডি ফাৰ্মা কোৰ্চটো দুবছৰীয়া৷ এই কোৰ্ছসমূহৰ ফি প্ৰতিষ্ঠানভেদে ভিন্ন হয়৷ এক চৰকাৰী কলেজৰ বাবে বি ফাৰ্মা কোৰ্চৰ মুঠ খৰচ প্ৰতি বছৰে প্ৰায় ৪০,০০০ টকাৰ পৰা ১০০,০০০ টকা৷ বেচৰকাৰী কলেজৰ বাবে বাৰ্ষিক ফি ১০০,০০০ৰ পৰা ৩০০,০০০ টকা পৰ্যন্ত হ’ব পাৰে৷
চৰকাৰী প্ৰতিষ্ঠানত কোৰ্চৰ ফি কিমান?
এক চৰকাৰী প্ৰতিষ্ঠানত ডি ফাৰ্মা কোৰ্চৰ মুঠ খৰচ বছৰি ১০,০০০ টকাৰ পৰা ১ লাখ টকা পৰ্যন্ত হ’ব পাৰে৷ যত এটা বেচৰকাৰী প্ৰতিষ্ঠানত এই কোৰ্চ পঢ়াৰ খৰচ ৫০,০০০ ৰ পৰা ১.৫ লাখ পৰ্যন্ত হব পাৰে৷
দেশত বাঢ়িছে জনঔষধি কেন্দ্ৰৰ সংখ্যা
দেশত চৰকাৰী সহায়তাৰে প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ খুলিব পৰাৰ সুবিধা আছে৷ চৰকাৰী তথ্য অনুসৰি ৩০ জুন, ২০২৫ পৰ্যন্ত প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ অধীনত সমগ্ৰ দেশত মুঠ ১৬,৯১২ জনঔষধি কেন্দ্ৰ খোলা হৈছে৷ এই কেন্দ্ৰসমূহত ২১১০ধৰণৰ ঔষধ আৰু ৩১৫ ধৰণৰ চিকিৎসা সৰঞ্জাম মজুত আছে৷
মাত্ৰ ৫০০০ টকাত আবেদন কৰিব পাৰে
মাত্ৰ ৫০০০ টকাৰে প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ খোলাৰ বাবে আবেদন কৰিব পাৰে৷ মনত ৰাখিব যে জন ঔষধি কেন্দ্ৰ খোলাৰ বাবে আবেদনকাৰীয়ে অৱশ্যেই ডি ফাৰ্মা বা বি ফাৰ্মা চাৰ্টিফিকেটৰ কপি দেখুৱাব লাগিব৷ অন্যান্য প্ৰয়োজনীয়তাৰ মাজত আছে জন ঔষধি কেন্দ্ৰ পৰিচালনাৰ বাবে আনুমানিক ১২০ বৰ্গফুটৰ স্থানো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















