২০২৬ চনৰ আৰম্ভণিতে গ্ৰহৰ গতিবিধিয়ে কিছু গুৰুত্বপূৰ্ণ ইংগিত দিয়ে৷ জানুৱাৰীৰ আৰম্ভণিতে সূৰ্য আৰু মঙ্গলৰ এক শক্তিশালী সংযোগ তৈয়াৰ হ’ব৷ যি জ্যোতিষশাস্ত্ৰত মঙ্গলাদিত্য যোগ নামেৰে পৰিচিত৷ এই যোগে সাহস আৰু আত্মবিশ্বাস বৃদ্ধি কৰে৷ এই বছৰৰ প্ৰথমে মঙ্গলাদিত্য যোগ হ’ব, যিয়ে কিছু ৰাশিৰ বাবে ভাগ্যৰ নতুন দুৱাৰ খুলি দিব পাৰে৷ বিশেষকৈ ৩ ৰাশিৰ জাতকৰ ওপৰত বিশেষভাৱে ইয়াৰ ইতিবাচক প্ৰভাৱ দেখা যাব৷
মঙ্গলাদিত্য যোগ কেতিয়া গঠিত হ’ব?
শুকুৰবাৰে ৯ জানুৱাৰী, ২০২৬তাৰিখে সূৰ্য আৰু মঙ্গলে একেই ৰাশিত অৱস্থান কৰিব৷ এই সংযোগ বিয়লি ৫.০৪ মিনিটত ঘটিব৷ সূৰ্যক আত্মবিশ্বাস আৰু প্ৰতিপত্তিৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ অন্যহাতে মঙ্গল শক্তি আৰু বীৰত্বৰ প্ৰতীক৷ যেতিয়া এই দুটা গ্ৰহ মিলিত হয়, তেতিয়া সেই ব্যক্তিৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ ইয়াৰ প্ৰভাৱ সমস্ত ৰাশিৰ ওপৰত অনুভূত হ’ব৷ এই সময়ত কিছু ৰাশিৰ বাবে বিশেষভাৱে উপকাৰী ধাৰণা কৰা হৈছে৷
মেষ ৰাশি
মঙ্গলাদিত্য যোগে মেষ ৰাশিৰ জাতক জাতিকাক অগ্ৰগতি আৰু সাফল্যৰ ইংগিত দিয়ে৷ এই সময়ৰ মাজত দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হ’বলৈ আৰম্ভ হ’ব৷ কৰ্মক্ষেত্ৰত কামত গতি আহিব৷ যিসকল চাকৰিয়াল তেওঁলোকৰ নতুন সুযোগ আহিব৷ ব্যৱসায়ীসকল লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ আপোনাৰ আৰ্থিক পৰিস্থিতি ধীৰে ধীৰে উন্নত হ’ব৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ আপুনি ভৱিষ্যতে উপকাৰী প্ৰমাণিত হ’ব লগা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷
সিংহ ৰাশি
মঙ্গলাদিত্য যোগত সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনিব৷ আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক কৰ্মজীৱনত স্বীকৃতি দিব৷ আপুনি ঊৰ্ধ্বতনসকলৰ পৰা সহায়তা পাব পাৰে৷ আয়ৰ নতুন উৎস তৈয়াৰ হব পাৰে যিয়ে আপোনাৰ আৰ্থিক পৰিস্থিতিক শক্তিশালী কৰিব৷ আপোনাৰ নেতৃত্বৰ দক্ষতা আবিৰ্ভূত হব৷ সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব৷ আপোনাৰ পাৰিবাৰিক জীৱনত ভাৰসাম্য বৰ্তি থাকিব৷ ঘৰৰ পৰিবেশ মনোৰম থাকিব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে এই যোগটো অগ্ৰগতি আৰু সমৃদ্ধিৰ লক্ষণ হিচাপে বিবেচিত হব৷ দীৰ্ঘদিনৰ বাধাসমূহ শেষ হব পাৰে৷ কাম আৰু ব্যৱসায়ত উন্নতিৰ বাবে ভাল সুযোগ তৈয়াৰ হব৷ অৰ্থ সম্পৰ্কিত উদ্বেগ হ্ৰাস পাব৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে৷ আপোনাৰ পৰিয়ালৰ মাজত শান্তি আৰু সুখ বিৰাজ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















