এদিনত ২৪ঘণ্টা। ২৪ ঘণ্টাৰ ভিতৰত এবাৰ নিজ অক্ষৰে পৃথিৱীয়ে ঘূৰে। কিন্তু এদিনত যদি ২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টা হয় তেতিয়া কি হ’ব? অৰ্থাৎ দিনৰ দৈৰ্ঘ্য যদি আৰু অলপ বাঢ়ি যায় তেতিয়া কি হ’ব? এইয়া কি অদ্ভুত কথা? বিজ্ঞানক অস্বীকাৰ কৰি এনে কথা কেতিয়াও সম্ভৱ হ’বই নোৱাৰে। কিন্তু যাৰ কথাৰে আমি পৃথিৱীয়ে ২৪ ঘণ্টাত এবাৰ প্ৰদক্ষিণ কৰে বুলি জানি আহিছো সেই বিজ্ঞানীয়েই দাবী কৰিছে যে ২৫ ঘণ্টাত এদিন হোৱাৰ সম্ভাৱনা আছে। পৃথিৱীয়ে নিজ কক্ষপথত পূবৰ পৰা পশ্চিমলৈ ঘড়ীৰ কাঁটাৰ বিপৰীতে ঘূৰি আছে। এই গতিক আহ্নিক গতি বুলি কোৱা হয়।
বৰ্তমান আমি জনাত পৃথিৱীয়ে নিজা কক্ষপথত ২৪ ঘণ্টাত এপাক ঘূৰে। এই গতিৰ কাৰণেই দিন ৰাতি হয়। পৃথিৱীৰ সকলো অংশই কোনো এটা সময়ত সূৰ্যৰ পোহৰো পায়। জলবায়ুৰ পৰিবৰ্তনো হয়। আহ্নিক গতিৰ কাৰণে উত্তৰ গোলাৰ্ধৰ বায়ু আৰু পানী সোঁফালে সামান্য বেঁকা হৈ বয়। আৰু দক্ষিণ গোলাৰ্ধত বাওঁফালে বেঁকা হয়। আহ্নিক গতিৰ কাৰণেই সামুদ্ৰিক স্ৰোতৰ পৰিবৰ্তন হয়। প্ৰায় ৪৬০ কোটি বছৰ পূৰ্বেই এই পৃথিৱী তৈয়াৰ হৈছিল। গেছ আৰু ধুলিৰ পৰা ক্ৰমে লাহে লাহে পৃথিৱীয়ে এই আকাৰ লৈছে। মধ্যাকৰ্ষণ শক্তিৰ প্রভাৱত সেইসমূহ লাহে লাহে গোট মাৰে। তেতিয়াৰে পৰাই আৰম্ভ হৈছে আহ্নিক গতিৰো।
শেহতীয়াভাৱে জ্যোতিৰ্বিজ্ঞানীৰ এটা দলে দাবী কৰিছে যে পৃথিৱীয়ে নিজৰ কক্ষপথেৰে চাৰিওফালে সূৰ্যক প্ৰদক্ষিণ কৰি আছে। এই প্ৰদক্ষিণ কৰি থকাৰ সময়সীমাই লাহে লাহে বাঢ়ি যাব পাৰে। ভৱিষ্যতে আৰু বেছি ক্ষণ একে স্থানতেই পৃথিৱী ৰৈ থাকিব পাৰে। অৰ্থাৎ একে স্থানতেই নিৰ্দিষ্ট ঋতুত যিমান বেছি ক্ষণ থাকিব সেই সময়ত ওপৰত ভিত্তি কৰিয়েই দিনৰ পোহৰৰ হিচাপ ভৱিষ্যতে আৰু বাঢ়িব। অৰ্থাৎ পৃথিৱীত বেছি সময় ধৰি পোহৰ হৈ থাকিব।
বিজ্ঞানীৰ দলটোৱে বহু বছৰ ধৰি পৃথিৱীৰ আহ্নিক গতিৰ ওপৰত নজৰ ৰাখিছে। তেওঁলোকৰ ধাৰণা যে ভৱিষ্যতে আৰু বেছি ঘণ্টা ধৰি পৃথিৱীত পোহৰ পৰি থাকিব। কিন্তু কি পৰিস্থিতিত এই ধৰণৰ ঘটনা ঘটিব? কেনেকৈ ২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টাত এদিন হ’ব? বিজ্ঞানীয়ে দাবী কৰা মতে বিগত কেইবাবছৰ ধৰি আহ্নিক গতিৰ প্ৰকৃতি আৰু গতিত কিছু পৰিবৰ্তন আহিছে। বিজ্ঞানীসকলৰ একাংশৰ ধাৰণা যে জলবায়ু আৰু পৰিবেশৰ পৰিবৰ্তনৰ কাৰণেই পৃথিৱীৰ আহ্নিক গতিত সালসলনি আহিছে।
জাৰ্মানীৰ মিউনিখৰ টেকনিকেল ইউনিভাৰ্চিটিৰ এদল গৱেষকৰ ধাৰণা, এইধৰণে আহ্নিক গতিত সাল সলনি আহিলে দিন ৰাতিৰ দৈৰ্ঘ্যৰো সালসলনি হ’ব। বিজ্ঞানী উলৰিখ স্ক্ৰিবাৰৰ মতে, বেছ কিছু ভৌগোলিক আৰু পৰিবেশগত কাৰণত সময়ৰ সৈতে আহ্নিক গতিৰ প্ৰকৃতি সলনি হ’ব। ৰিং লেছাৰ প্ৰযুক্তিৰ মাধ্যমেৰে আহ্নিক গতিৰ পৰিবৰ্তন লক্ষ্য কৰিছে মিউনিখৰ সেই বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে। মাটিৰ ২০ ফুট গভীৰত ৰখা হৈছে বিশেষ মেছিন। বিজ্ঞানীৰ মতে এই সালসলনি সোনকালেই হ’ব তেনে নহয়। এই পৰিঘটনাৰ বাবে কেইবাবছৰ বা বহু বছৰ সময় লাগিব পাৰে। এই ক্ষেত্ৰত পৃথিৱীৰ নিচেই কাষলৈ আহিব চন্দ্ৰ। পৃথিৱীত স্থল আৰু জলভাগৰ অৱস্থান, মাত্ৰা, এই সকলোবোৰৰ ওপৰতেই আহ্নিক গতি নিৰ্ভৰশীল। এই সকলোবোৰ উঠানমাৰ বাবেই ধীৰে ধীৰে আহ্নিক গতিৰ সলনি ঘটিবলৈ আৰম্ভ কৰিছে। এদিনত ২৫ ঘণ্টা হ’বলৈ আৰু কেইবাকোটি বছৰো লাগিব পাৰে বুলি জনাইছে বিজ্ঞানীয়ে।
একাংশ বিজ্ঞানীৰ মতে পূৰ্বে ২৩ ঘণ্টাত পৃথিৱীত এদিন হৈছিল। সেয়া কেইবাকোটি বছৰ আগৰ কথা। সেই সময়ত পৃথিৱীত ডাইনাছোৰৰ ৰাজত্ব আছিল। ১৪০ কোটি বছৰ পূৰ্বে পৃথিৱীত এদিনৰ দৈৰ্ঘ্য আছিল ১৮ ঘণ্টা ৪১ মিনিট। সেই হিচাপ কৰিয়েই বিজ্ঞানীয়ে ধাৰণা কৰিছে যে, ২০ কোটি বছৰৰ পাছত পৃথিৱীত ২৫ ঘণ্টাত এদিন হ’ব। এই সালসলনিৰ প্ৰভাৱ পৰিব পৃথিৱীৰ সকলোবোৰৰ ওপৰতেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















