বিমান দুৰ্ঘটনাত মৃত্যু মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰ৷ চাৰ্টাৰ্ড বিমানেৰে মুম্বাইৰ পৰা বাৰামতীলৈ যাত্ৰা কৰিছিল অজিত পাৱাৰে৷ বাৰামতী বিমানবন্দৰত অৱতৰণৰ সময়তে ভাঙি পৰে বিমানখন৷ প্ৰাথমিকভাৱে জনা গৈছে যে এই বিমানখন আছিল লিয়াৰজেট ৪৫ মডেলৰ ভিটি এছ এছকে বিমান৷ বম্বাৰ্ডিয়াৰ এৰোস্পেছ সংস্থাই তৈয়াৰ কৰা এই বিমানতেই জীৱন শেষ হয় অজিত পাৱাৰৰ৷
তেওঁৰ মৃত্যুত ৰাজনৈতিক মহলত শোকৰ ছায়া৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি সমগ্ৰ দেশৰ নেতা মন্ত্ৰীয়ে শোকজ্ঞাপন কৰিছে৷ ইয়াতেই বহুতেই জানিবলৈ আগ্ৰহী হৈ পৰিছে যে মৃত্যুৰ সময়ত অজিত পাৱাৰে কিমান সম্পত্তি এৰি থৈ গৈছে?
বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অজিত পাৱাৰে মৃত্যুৰ সময়ত এৰি থৈ গৈছে কোটি কোটি টকাৰ সম্পত্তি৷ নিৰ্বাচন কমিছনক শেহতীয়াকৈ দিয়া হলফনামাত অজিতে জনাইছিল যে তেওঁৰ প্ৰায় ১২৪ কোটি টকাৰ সম্পত্তি আছে৷ ইয়াৰোপৰি ফিক্স়ড হৈ আছে প্ৰায় ২১ কোটি ৩৯ লাখ টকা৷ সৰ্বভাৰতীয় সংবাদমাধ্যমৰ প্ৰতিবেদনত এই দাবী কৰা হৈছে৷ ইয়াৰোপৰি অজিতৰ আছে চাৰিখন ঘৰ৷ যাৰ মাজত দুটাৰ মূল্য প্ৰায় ৩ কোটি টকা৷ আৰু এখন ঘৰৰ মূল্য প্ৰায় ২ কোটি আৰু এখন ঘৰৰ মূল্য হ’ব প্ৰায় ৯০ লাখ৷ অজিতৰ পত্নী সুনেত্ৰা পাৱাৰৰ নামতো আছে ৪টা ফ্লেট৷ যাৰ সন্মিলিত মূল্য ২২ কোটি টকা৷ ইয়াৰোপৰি স্বামী-স্ত্ৰীদ্বয়ে একাধিক মাটিৰ মালিক৷ সেই কৃষিভূমিৰ মূল্য প্ৰায় ১৩ কোটি ২১ লাখ টকা৷ ইয়াৰ বাহিৰেও সাধাৰণ মাটিও আছে প্ৰায় ৩৭ কোটি টকাৰ৷ অজিত পাৱাৰৰ পৰিয়ালৰ এটা বাণিজ্যিক ভৱনো আছে৷ যাৰ মূল্য আনুমানিক ১১ কোটি টকা৷
নগদ ধনক বাদ দি অজিত পাৱাৰৰ সম্পত্তিৰ মূল্য প্ৰায় ১০৩ কোটি ১৬ লাখ টকা৷ ২০২৪ চনত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পাছত তেওঁৰ স্থাৱৰ সম্পত্তি আৰু ৮ কোটি টকালৈ বাঢ়ে৷ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ বাঢ়িছে প্ৰায় ৩৭ কোটি টকা৷
মাটি, ঘৰৰ ওপৰিও অজিতৰ সম্পদৰ তালিকাত আছে ট্ৰেক্টৰ, জমা ধন, শ্বেয়াৰ আৰু বণ্ড৷ ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত তেওঁৰ ঘোষিত সম্পদৰ পৰিমাণ প্ৰায় ১০কোটিলৈ বৃদ্ধি পাইছে৷ অন্যহাতে ৰাজ্যসভাৰ সাংসদ সুনেত্ৰা পাৱাৰৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২০২৪ৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ সময়ত আছিল ১৪ কোটি ৫০ লাখ টকা৷ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল ৫৮ কোটি ৪০লাখ টকা৷ এই বিপুল পৰিমাণৰ সম্পত্তিক লৈ আদালতত একাধিক গোচৰো আছিল অজিত পাৱাৰৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















