বিগ বছ ১৯ৰ পৰা খ্যাতি লাভ কৰিছে অভিনেত্ৰী মালতী চহৰে। ৰিয়েলিটি শ্ব’ত তেওঁ ভাৰতীয় ক্ৰিকেটাৰ দীপক চহৰৰ ভগ্নীও। কিছুদিন পূৰ্বে বিগ বছ ১৯ৰ প্ৰাক্তন প্ৰতিযোগী মালতী চহৰে এক ডাঙৰ কথা প্ৰকাশ কৰিছে। কাষ্টিং কাউচৰ কথা কওঁতে তেওঁ কয় যে এবাৰ এজন পৰিচালকে তেওঁক চুম্বন কৰাৰ চেষ্টা কৰিছিল। সেই পৰিচালকজনক বয়সত পিতৃৰ সমান আছিল।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত মালতীয়ে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। তেওঁ প্ৰকাশ কৰে যে কেনেকৈ কাষ্টিং কাউচৰ বলি হৈছিল। এজন পৰিচালকে মালতীয়ে মানা কৰাৰ পিছতো বাৰে বাৰে চুম্বনৰ চেষ্টা কৰে, কিন্তু অভিনেত্ৰীগৰাকী সেই পৰিস্থিতিৰ বাবে একেবাৰে মান্তি নাছিল। শেহতীয়াকৈ সিদ্ধাৰ্থ কান্ননৰ সৈতে হোৱা এক বাৰ্তালাপত মালতীয়ে প্ৰকাশ কৰে যে, তেওঁ এজন পৰিচালকৰ সৈতে এটা প্ৰজেক্টত কাম কৰিছিল আৰু প্ৰজেক্টটোৰ সন্দৰ্ভত তেওঁৰ সৈতে সঘনাই সাক্ষাৎ কৰিব লগা হৈছিল।
মালতীয়ে কয় যে পৰিচালকজনক তেওঁ পিতৃৰ দৰে গণ্য কৰিছিল। তেওঁ বয়সীয়াল আছিল। লগতে কয় যে সেই ঘটনাৰ পিছত তেওঁক আৰু কেতিয়াও লগ পোৱা নাই।
মালতীয়ে কয় যে পৰিচালকজনক তেওঁ পিতৃৰ দৰে গণ্য কৰিছিল। তেওঁ বয়সীয়াল আছিল। লগতে কয় যে সেই ঘটনাৰ পিছত তেওঁক আৰু কেতিয়াও লগ পোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















