ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ বৃদ্ধি পোৱাৰ পিছতো বৃহৎ সংখ্যক লোকে এতিয়াও ফিক্সড ডিপ’জিট (এফ ডি)ক আটাইতকৈ নিৰাপদ বিনিয়োগ বুলি গণ্য কৰে। বিশেষকৈ যিসকলে বিপদ নোহোৱাকৈ নিশ্চিত ৰিটাৰ্ণ বিচাৰে তেওঁলোকৰ বাবে এফ ডিয়েই প্ৰথম পছন্দ। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰাহকক বিভিন্ন কাৰ্যকালৰ এফ ডিত ৩.০৫%ৰ পৰা ৭.১৫%লৈকে সুদৰ হাৰ প্ৰদান কৰে। যদি আপুনি এছ বি আইত ৫৫৫ দিনৰ এফ ডি আঁচনিত ২ লাখ টকা জমা কৰে তেন্তে মেচিউৰিটিৰ লগে লগে কিমান টকা পাব, আৰু মুঠ ধনৰ ভিতৰত কিমান সুদ অন্তৰ্ভুক্ত হ’ব?
ষ্টেট বেংক অৱ ইণ্ডিয়াই নিজৰ গ্ৰাহকসকলক ফিক্সড ডিপ’জিটত বিনিয়োগৰ বাবে কেইবাটাও বিকল্প আগবঢ়ায়। গ্ৰাহকে মাত্ৰ ৭ দিনৰ পৰা সৰ্বাধিক ১০ বছৰলৈকে এই বেংকত ফিক্সড ডিপ’জিট খুলিব পাৰিব। বেংকৰ ৫৫৫ দিনীয়া ফিক্সড ডিপ’জিটত ৬০ বছৰৰ তলৰ গ্ৰাহকৰ বাবে ৬.২৫% সুদ দিয়া হৈছে। ৬০ বছৰ আৰু তাৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকে লাভ কৰে ৬.৭৫% সুদ। তদুপৰি ৮০ বছৰৰ ওপৰৰ অতি জ্যেষ্ঠ নাগৰিকে ৫৫৫ দিনৰ ফিক্সড ডিপ’জিটৰ ৬.৮৫% সুদ লাভ কৰে।
৫৫৫ দিনৰ এফ ডিত ২,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব?
যদিহে ভাৰতীয় ষ্টেট বেংকত ৫৫৫ দিনৰ এফ ডি আঁচনিত ২ লাখ টকা জমা হয়, তেন্তে মেচিউৰিটিৰ সময়ত ১৯,১৫৬ টকাৰ নিৰ্দিষ্ট সুদসহ সাধাৰণ নাগৰিকে মুঠ ২,১৯,১৫৬ টকা লাভ কৰিব। একেদৰে ভাৰতীয় ষ্টেট বেংকত যদি ৫৫৫ দিনৰ এফ ডি আঁচনিত ২ লাখ টকা জমা হয়, তেন্তে মেচিউৰিটিৰ সময়ত ২০,৭২৬ টকাৰ নিৰ্দিষ্ট সুদসহ জ্যেষ্ঠ নাগৰিকে মুঠ ২,২০,৭২৬ টকা লাভ কৰিব। আনহাতে, অতি জ্যেষ্ঠ নাগৰিকে ভাৰতীয় ষ্টেট বেংকত ৫৫৫ দিনৰ এফ ডি আঁচনিত ২ লাখ টকা জমা কৰিলে ২১,০৪১ টকাৰ নিৰ্দিষ্ট সুদসহ মুঠ ২,২১,০৪১ টকা লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















