• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

2 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

16 minutes ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

60 minutes ago
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

2 hours ago
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

3 hours ago
৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

৪ বাৰৰ বিশ্ব চেম্পিয়ন জাৰ্মানীক পৰাস্ত কৰি ৰাউণ্ড অব-৩২ত প্ৰৱেশ ইকুৱেডৰৰ

4 hours ago
আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

5 hours ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

17 hours ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

17 hours ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

18 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

19 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

19 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ

পৃথিৱীৰ প্ৰথম ব্লা*ড ট্ৰান্সফিউজনৰ ৰোমাঞ্চকৰ ইতিহাস

editor by editor
June 26, 2026
in জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব, স্বাস্থ্য
0
যেতিয়া মানুহৰ শৰীৰত সংস্থাপন কৰা হৈছিল ভেড়াৰ তে*জ
0
SHARES
36
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধুনিক চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ ফলত আজিৰ দিনত এজন ৰোগীক তে*জ দিয়াটো এক সাধাৰণ চিকিৎসা পদ্ধতি হৈ পৰিছে। কিন্তু আপুনি জানেনে, পৃথিৱীত প্ৰথমবাৰৰ বাবে তে*জ সঞ্চালন (Blood Transfusion) কেনেদৰে কৰা হৈছিল? এই ঘটনাৰ ইতিহাস যথেষ্ট আচৰিত আৰু ৰোমাঞ্চকৰ। আচৰিত কথাটো হৈছে, প্ৰথম সফল ব্লা*ড ট্ৰান্সফিউজনত এজন মানুহক আন এজন মানুহৰ তে*জ নহয়, বৰঞ্চ এটা ভেড়াৰ তে*জ দিয়া হৈছিল। এই সাহসিকতাপূৰ্ণ চিকিৎসা পৰীক্ষাই পিছলৈ আধুনিক চিকিৎসাত ৰক্তাদান পদ্ধতিৰ পথ মুকলি কৰি দিয়ে।

১৫ বছৰীয়া কিশোৰৰ ওপৰত কৰা হৈছিল পৰীক্ষা

১৬৬৭ চনৰ ১৫ জুন। ফ্ৰান্সৰ চিকিৎসক জাঁ-বেপ্টিষ্ট ডেনিছ (Jean-Baptiste Denis)-এ এক অভূতপূৰ্ব চিকিৎসা পৰীক্ষা সম্পন্ন কৰে। সেই সময়ত মাত্ৰ ১৫ বছৰ বয়সীয়া এজন কিশোৰ তীব্ৰ জ্বৰত ভুগি আছিল আৰু তেওঁৰ অৱস্থা যথেষ্ট সংকটজনক হৈ পৰিছিল। কিশোৰজনৰ জীৱন ৰক্ষা কৰাৰ উদ্দেশ্যে ডাঃ ডেনিছে এক অত্যন্ত বিপদসংকুল সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ কিশোৰজনৰ শৰীৰত ভেড়াৰ তে*জ সঞ্চালন কৰে। সেই যুগত তে*জ, তে*ৰ গ্ৰুপ বা ৰক্তদান সম্পৰ্কে বৈজ্ঞানিক জ্ঞান অতি সীমিত আছিল। সেয়েহে এই পদক্ষেপক চিকিৎসা জগতত এক সাহসিক পৰীক্ষা হিচাপে গণ্য কৰা হৈছিল।

ভেড়াৰ তে*জে ৰক্ষা কৰিছিল কিশোৰজনৰ জীৱন

সকলোকে আচৰিত কৰি সেই পৰীক্ষা সফল হয়। ভেড়াৰ তে*জ দিয়াৰ পিছত কিশোৰজনৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি দেখা যায়। কেৱল যে তেওঁ বাচি যায় সেয়াই নহয়, তেওঁৰ শাৰীৰিক অৱস্থাও ধীৰে ধীৰে সুস্থ হ’বলৈ আৰম্ভ কৰে। এই সফলতাই ডাঃ ডেনিছক অধিক উৎসাহিত কৰে। ফলত তেওঁ আন কেইবাজনো ৰোগীৰ ওপৰতো একেই পদ্ধতি প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। কিন্তু প্ৰতিবাৰ ভাগ্য সহায়ক নহ’ল। কিছুমান ক্ষেত্ৰত ফলাফল অত্যন্ত নেতিবাচক হয় আৰু কেইবাজনো ৰোগীৰ মৃ*ত্যু ঘটে।

চিকিৎসকৰ বিৰুদ্ধে চলিছিল হ*ত্যাৰ গোচৰ

এজন ৰোগীৰ মৃ*ত্যুৰ পিছত পৰিস্থিতি জটিল হৈ পৰে। ডাঃ ডেনিছৰ বিৰুদ্ধে হ*ত্যাৰ অভিযোগ উত্থাপন কৰা হয় আৰু আদালতত গোচৰ চলোৱা হয়। যদিও পিছত তদন্ত আৰু শুনানিৰ অন্তত আদালতে তেওঁক হ*ত্যাৰ অভিযোগৰ পৰা মুক্তি দিয়ে। তথাপিও এই বিতৰ্কৰ পিছত বহু বছৰ ধৰি ব্লাড ট্ৰান্সফিউজন সম্পৰ্কীয় গৱেষণা প্ৰায় বন্ধ হৈ থাকে।

আধুনিক ব্লা*ড ট্ৰান্সফিউজনৰ ভেটি স্থাপন

এই ঘটনাৰ প্ৰায় ২০০ বছৰৰ পিছত বিজ্ঞানীসকলে পুনৰ তে*জ সঞ্চালন সম্পৰ্কে গৱেষণা আৰম্ভ কৰে। অৱশেষত ১৯০০ চনত অষ্ট্ৰিয়াত বিশ্ববিখ্যাত ‘ব্লা*ড গ্ৰুপ ছিষ্টেম’ আৱিষ্কাৰ কৰে। তেওঁৰ এই যুগান্তকাৰী আৱিষ্কাৰে মানুহৰ ৰক্তগোট চিনাক্ত কৰাটো সম্ভৱ কৰি তোলে আৰু সুৰক্ষিতভাৱে এজনৰ পৰা আনজনলৈ তে*জ সঞ্চালনৰ পথ প্ৰশস্ত কৰে। এই আৱিষ্কাৰৰ ফলতেই আধুনিক ৰক্তাদান বিজ্ঞানৰ জন্ম হয় আৰু লাখ লাখ মানুহৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ হৈ উঠে। আজিৰ উন্নত চিকিৎসা ব্যৱস্থাৰ আঁৰত আছে অসংখ্য বিজ্ঞানী আৰু চিকিৎসকৰ সাহসিকতা, অধ্যৱসায় আৰু গৱেষণা। ১৬৬৭ চনত ভেড়াৰ তে*জ ব্যৱহাৰ কৰি কৰা সেই বিতৰ্কিত পৰীক্ষাটো হয়তো নিখুঁত নাছিল, কিন্তু সেই ঘটনাই আধুনিক ব্লা*ড ট্ৰান্সফিউজন বিজ্ঞানৰ ভেটি স্থাপন কৰিছিল। চিকিৎসা বিজ্ঞানৰ ইতিহাসত এই ঘটনা আজিও এক অনন্য আৰু স্মৰণীয় অধ্যায় হিচাপে পৰিগণিত।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24medical science
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ
বিশ্ব

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

June 26, 2026
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ
বিশ্ব

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

June 26, 2026
গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি
জীৱনশৈলী

গাখীৰ নালাগে, চাউলৰ পানীৰেই বনাব পাৰি মলাইদাৰ খীৰ, জানক সহজ পদ্ধতি

June 26, 2026
ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?
প্ৰযুক্তি

ATMৰ ৪টা সংখ্যাৰ পিন ব্যৱস্থাৰ আৱিষ্কাৰকে কিমান টকা পাইছিল জানেনে?

June 26, 2026
Next Post
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.