• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

2 months ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

8 minutes ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

38 minutes ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

1 hour ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

2 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

3 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

6 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

7 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

7 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

7 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

8 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

8 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

ট্ৰেভিছ-টেইলৰৰ বিৱাহত খৰচ প্ৰায় ১৮৯ কোটি টকা

editor by editor
July 4, 2026
in বিনোদন, বিবিধ, বিশ্ব, সংগীত
0
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বকাপ ফুটবলৰ জ্বৰৰ মাজতে বিশ্বখ্যাত পপ গায়িকা টেইলৰ ছুইফ্টে বিৱাশপাশত আৱদ্ধ হৈছে এগৰাকী আমেৰিকান ফুটবলাৰৰ সৈতে। এই সৌভাগ্যৱান খেলুৱৈগৰাকী হৈছে কেলচ। পিছে ট্ৰেভিছ কেলচে আমেৰিকাত অতিকৈ জনপ্ৰিয় আমেৰিকান ফুটবলৰহে তাৰকা। বৰ্তমান চলি থকা ফিফা বিশ্বকাপ আৰু ট্ৰেভিছ কেলচে খেলা আমেৰিকান ফুটবলৰ মাজত আছে যথেষ্ট পাৰ্থক্য। ফিফা বিশ্বকাপত খেলা খেলবিধক আচলতে Soccer বুলিহে কয়, সেয়া নিশ্চয় আপোনালোকে জানে। সেয়া যি কি নহওক সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি জনপ্ৰিতাৰ শীৰ্ষত উপনীত হৈছে ট্ৰেফিছ-টেইলৰৰ বিৱাহৰ খবৰ। বিগত শুকুৰবাৰে নিউয়ৰ্কৰ বিখ্যাত মেদিচন স্কুৱেৰ গাৰ্ডেনত আড়ম্বৰপূৰ্ণভাৱে এই বিৱাহ অনুষ্ঠান অনুষ্ঠিত হয়।

কোন কোন উপস্থিত আছিল ট্ৰেভিছ-টেইলৰৰ এই বিৱাহ অনুষ্ঠানত?

পপ তাৰকা আৰু ফুটবলাৰৰ এই যুটিটোৰ বিৱাহ অনুষ্ঠানত হলিউড আৰু সংগীত জগতৰ বহু খ্যাতনামা ব্যক্তি উপস্থিত আছিল। অতিথিসকলৰ ভিতৰত গিগি হাদিদ, ব্ৰেডলি কুপাৰ, ডাকোটা জনছন, মাৰিস্কা হাৰগিটে আৰু পিটাৰ হাৰ্মান, এড ছীৰান আৰু চেৰী চিবৰ্ণ, হাইম ছিষ্টাৰ্ছ, এলি গোল্ডিং, বেনছন বুন, মাৰেন মৰিছ, কেলছি বেলেৰিনি, মিৰাণ্ডা লেম্বাৰ্ট, দ্য চিক্স, ব্ৰেড পেইছলি আৰু কিম্বাৰ্লি উইলিয়ামছ-পেইছলি, হিউ গ্ৰাণ্ট, কাৰ্লি ক্লছ আৰু জ’শুৱা কুশ্বনাৰ, জ’ই ক্ৰাভিট্‌জ, জেছন সুডেইকিছ, ইথান হক, জিমি ফেলন আৰু টমি হিলফিগাৰৰ দৰে বহু বিশিষ্ট অতিথি উপস্থিত আছিল। বিৱাহৰ পূৰ্বে পৰিয়ালৰ ঘনিষ্ঠ সদস্য আৰু বন্ধুসকলৰ উপস্থিতিত এক সৰু ডিনাৰৰো আয়োজন কৰা হৈছিল। অৱশ্যে এতিয়ালৈকে টেইলৰ ছুইফ্ট আৰু ট্ৰেভিছ কেলচে নিজৰ বিৱাহৰ কোনো ফটো বা আনুষ্ঠানিক পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰা নাই।

২০২৫ চনত হৈছিল বাগদান

টেইলৰ ছুইফ্ট আৰু ট্ৰেভিচ কেলছে ২০২৫ চনৰ ২৬ আগষ্টত এক যৌথ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে নিজৰ বাগদানৰ কথা ঘোষণা কৰিছিল। সেই সময়ত তেওঁলোকে এক সুন্দৰ গাৰ্ডেনত প্ৰপ’জেলৰ ছবি অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰিছিল। ‘দ্য জিমি এণ্ড নেথ শ্ব’ উইথ এমা’ অনুষ্ঠানত ট্ৰেভিচৰ পিতৃ এড কেলছে প্ৰকাশ কৰিছিল যে, বাগদানৰ প্ৰায় এমাহ পূৰ্বেই ট্ৰেভিচে টেইলৰৰ পিতৃ স্কট ছুইফ্টৰ ওচৰত বিৱাহৰ অনুমতি বিচাৰিছিল।

বিৱাহ অনুষ্ঠানত ১,১০০গৰাকী অতিথি, ১৮৯ কোটি টকা ব্যয়

এক প্ৰতিবেদন অনুসৰি, এই ৰাজকীয় বিৱাহত প্ৰায় ১,১০০ জন অতিথিক নিমন্ত্ৰণ জনোৱা হৈছিল। বিবাহ অনুষ্ঠানৰ বাবে প্ৰায় ১০ মিলিয়ন ডলাৰৰ পৰা ২০ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৯৪.৭২ কোটিৰ পৰা ১৮৯.৫২ কোটি টকা) ব্যয় হৈছে বুলি অনুমান কৰা হৈছে। মেদিচন স্কুৱেৰ গাৰ্ডেনত অনুষ্ঠিত এই আয়োজন বিশ্বৰ অন্যতম ব্যয়বহুল চেলিব্ৰিটি বিৱাহ হিচাপে পৰিগণিত হ’ব পাৰে।

টেইলৰ আৰু ট্ৰেভিছৰ প্ৰেম কাহিনী

ট্ৰেভিছ কেলচে পূৰ্বতে জনোৱা অনুসৰি, টেইলৰ ছুইফ্টৰ ‘এৰাছ ট্যুৰ’ কনচাৰ্টৰ এখন অনুষ্ঠানত তেওঁ নিজৰ ফোন নম্বৰ লিখা এটা ‘ফ্ৰেণ্ডশ্বিপ ব্ৰেচলেট’ টেইলৰক দিবলৈ চেষ্টা কৰিছিল।

যদিও সেই প্ৰচেষ্টাত তেওঁ সফল হোৱা নাছিল, তথাপিও ২০২৩ চনৰ জুলাই মাহত ‘নিউ হাইটছ’ পডকাষ্টত টেইলৰৰ প্ৰতি নিজৰ আগ্ৰহৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। ‘পিপল’ৰ প্ৰতিবেদন অনুসৰি, তাৰ কিছুদিন পাছতেই দুয়োৰে মাজত নিয়মীয়াকৈ যোগাযোগ আৰম্ভ হয় আৰু পিছলৈ সম্পৰ্ক গভীৰ হয়। এই সম্পৰ্ক গঢ়ি উঠাত টেইলৰৰ মাতৃয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি টেইলৰৰ ঘনিষ্ঠসকলে প্ৰকাশ কৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24tylorswift
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’
ভাৰত

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

August 24, 2026
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ
অসম

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

August 24, 2026
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি
নিয়োগ

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

August 24, 2026
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
Next Post
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.