টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ষ্টাৰ্টআপ জগতত ডাঙৰ বিনিয়োগৰে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। ধোনীয়ে তেওঁৰ Midas Dealsৰ জৰিয়তে SolarSquare নামৰ ৰুফটপ সৌৰ শক্তি (Rooftop Solar) ষ্টাৰ্টআপত বিনিয়োগ কৰিছে। কেৱল বিনিয়োগকাৰী হিচাপেই নহয়, তেওঁ এতিয়া কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপেও দায়িত্ব পালন কৰিব। অৱশ্যে, কোম্পানীয়ে ধোনীয়ে কিমান টকাৰ বিনিয়োগ কৰিছে সেয়া ৰাজহুৱা কৰা নাই। ধোনীৰ এই বিনিয়োগ SolarSquareৰ শেহতীয়াকৈ সম্পন্ন হোৱা প্ৰায় ৫১০ কোটি টকাৰ Series C Funding Roundৰ অংশ। এই ফাণ্ডিং ৰাউণ্ডৰ নেতৃত্ব দিছে পূৰ্বৰ বিনিয়োগকাৰী Lightspeed-এ। ইয়াৰ উপৰিও Lowercarbon Capital, Rainmatter আৰু Good Capital-এও কোম্পানীটোত বিনিয়োগ কৰিছে।
কোম্পানীটোৰ মতে, ধোনীৰ দৰে এজন জনপ্ৰিয় ব্যক্তিত্বৰ সংযুক্তিয়ে ভাৰতৰ ঘৰুৱা ৰুফটপ সৌৰ শক্তি বজাৰৰ বিশাল সম্ভাৱনাৰ ওপৰত থকা আস্থা স্পষ্টভাৱে প্ৰতিফলিত কৰিছে।
৪০খন চহৰলৈ সম্প্ৰসাৰণৰ পৰিকল্পনা
এই নতুন পুঁজি ব্যৱহাৰ কৰি SolarSquare-এ দ্ৰুতগতিত নিজৰ ব্যৱসায় বিস্তাৰ কৰাৰ লক্ষ্য লৈছে। আগন্তুক সময়ছোৱাত কোম্পানীটোৱে ৩০ৰ পৰা ৪০খন নতুন চহৰলৈ সেৱা সম্প্ৰসাৰণ কৰিব। ইয়াৰ লগতে—প্ৰযুক্তি প্লেটফৰ্ম অধিক শক্তিশালী কৰা, গ্ৰাহকৰ বাবে সহজ ঋণ আৰু ফাইনেন্সিং সুবিধা আগবঢ়োৱা, গ্ৰাহক সেৱা আৰু বিক্ৰীৰ পিছৰ সেৱা উন্নত কৰা আৰু নতুন কৰ্মচাৰী নিযুক্তি দিয়াটোও কোম্পানীৰ মুখ্য অগ্ৰাধিকাৰ।
৫০ হাজাৰতকৈ অধিক পৰিয়াললৈ সৌৰ শক্তিৰ সেৱা
SolarSquareৰ প্ৰতিষ্ঠা ২০১৫ চনত শ্ৰেয়া মিশ্ৰ, নীৰজ জৈন আৰু নিখিল নাহাৰএ কৰিছিল। আৰম্ভণিতে কোম্পানীটোৱে বাণিজ্যিক আৰু ঔদ্যোগিক গ্ৰাহকক সেৱা আগবঢ়াইছিল। কিন্তু ২০২১ চনত ই ঘৰুৱা
Rooftop সৌৰ শক্তি বজাৰত প্ৰৱেশ কৰে।
বৰ্তমান কোম্পানীটোৱে গ্ৰাহকক সৌৰ শক্তি ব্যৱস্থাৰ পৰামৰ্শ, ডিজাইন, ইনষ্টলেচন, ফাইনেন্সিং, মনিটৰিং আৰু ৰক্ষণাবেক্ষণকে ধৰি End-to-End সেৱা আগবঢ়াই আহিছে। কোম্পানীটোৰ দাবী অনুসৰি, এতিয়ালৈকে ২৯খন চহৰত ৫০,০০০তকৈ অধিক ঘৰত ৰুফটপ সৌৰ শক্তি ব্যৱস্থা স্থাপন কৰা হৈছে। ইতিমধ্যে SolarSquare-এ ১০০ মিলিয়ন ডলাৰতকৈ অধিক পুঁজি সংগ্ৰহ কৰিছে আৰু কোম্পানীটোৰ Annual Revenue Run Rate প্ৰায় ১,০০০ কোটি টকালৈ বৃদ্ধি পাইছে।
ভাৰতত দ্ৰুতগতিত বৃদ্ধি সৌৰ শক্তিৰ বজাৰ
ভাৰতত ঘৰুৱা ৰুফটপ সৌৰ শক্তিৰ বজাৰ দ্ৰুতগতিত বিস্তাৰ লাভ কৰিছে। বিদ্যুতৰ মূল্য বৃদ্ধি, চৰকাৰী ভৰ্তুকি আৰু পৰিষ্কাৰ শক্তিৰ চাহিদা বৃদ্ধিয়ে এই খণ্ডক অধিক গতি প্ৰদান কৰিছে। SolarSquareৰ অনুমান অনুসৰি, ভাৰতত প্ৰায় ৭ কোটি ঘৰ আছে য’ত ৰুফটপ সৌৰ শক্তি ব্যৱস্থা স্থাপন কৰিব পৰা যায়। আনহাতে, উদ্যোগ বিশেষজ্ঞসকলৰ মতে, ২০৩০ চনৰ ভিতৰত ভাৰতৰ Cleantech বজাৰ ১৫২ বিলিয়ন ডলাৰ মূল্যৰ এক বৃহৎ সুযোগ হিচাপে গঢ় লৈ উঠিব।
চলিত বৰ্ষত ধোনীৰ তৃতীয়টো ষ্টাৰ্টআপ বিনিয়োগ
SolarSquareত বিনিয়োগৰ জৰিয়তে ২০২৬ চনত এইটো ধোনীৰ তৃতীয়টো ষ্টাৰ্টআপ বিনিয়োগ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে তেওঁ Kuku আৰু LightFury Games-তো বিনিয়োগ কৰিছিল। শেহতীয়া সময়ত আন বহু ভাৰতীয় ক্ৰিকেটাৰেও ষ্টাৰ্টআপ জগতত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। ৰোহিত শৰ্মা ফিটনেছ ষ্টাৰ্টআপ Fittrৰ বিনিয়োগকাৰী আৰু ইকুইটি অংশীদাৰ, অজিংক্য ৰাহানেৰ ফুটৱেৰ ব্ৰেণ্ড Chuppsত বিনিয়োগ কৰিছে, আনহাতে অসম সন্তান ৰিয়ান পৰাগে ডীপটেক ষ্টাৰ্টআপ Proxgyত বিনিয়োগ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















