অবৈধভাৱে ভাৰতত বাস কৰা কেইবাগৰাকীও বাংলাদেশী মহিলা আৰু তেওঁলোকৰ নেটৱৰ্ক এটা এটাকৈ উন্মোচিত হৈছে। ৰাজস্থানৰ নগৌৰ, ভিলৱাৰা, আৰু আজমেৰত অভিযান চলোৱাৰ পিছত লাভ কৰা গুৰুত্বপূৰ্ণ তথ্যৰ ভিত্তিত জয়পুৰ আৰক্ষীয়ে নাৰায়ণ বিহাৰ অঞ্চলত অভিযান চলাই ৰুবিয়া নামৰ এগৰাকী বাংলাদেশী মহিলাক আটক কৰে। আনহাতে জয়পুৰৰ পৰা আন দুজন বাংলাদেশী যুৱককো আটক কৰে আৰক্ষীয়ে।
হিন্দু পৰিচয়েৰে আছিল ভাৰতত
ধৃত মহিলাগৰাকীয়ে ভাৰতত অবৈধভাৱে বাস কৰিবলৈ হিন্দু ৰীতি-নীতি গ্ৰহণ কৰিছিল। মহিলাগৰাকীৰ মোবাইলৰ পৰা এজন হিন্দু যুৱকৰ সৈতে বিৱাহৰ ফটোও উদ্ধাৰ কৰা হৈছে। এই বিৱাহ প্ৰকৃত নে কেৱল মহিলাগৰাকীয়ে পৰিচয় লুকুৱাই ৰখাৰহে অপচেষ্টা আছিল সেই বিষয়ে আৰক্ষীয়ে তদন্ত কৰি আছে।
একে ধৰণৰ কেইবাটাও ঘটনা পোহৰলৈ
তদন্তকাৰী সংস্থাসমূহৰ মতে, নগৌৰ, ভিলৱাৰা, আজমেৰ, জয়পুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা মহিলাসকলৰ মাজত সম্পৰ্ক থকাৰ ইংগিত পোৱা গৈছে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে এই মহিলাসকলে নিজৰ পৰিচয় লুকুৱাবলৈ বিভিন্ন স্থানত হিন্দু পুৰুষক বিয়া কৰাইছিল। জেৰাত এই কথাও পোহৰলৈ আহিছে যে এই বাংলাদেশী মহিলাসকলে বাংলাদেশৰ পৰা অবৈভাৱে ভাৰতলৈ আহি দে*হ ব্যৱসায়ৰ নেটৱৰ্ক সমগ্ৰ ভাৰততে বিস্তাৰ কৰিছে। অৱশ্যে তেওঁলোক কোনো সংগঠিত জাতিবিৰোধী কার্যসূচীত জড়িত আছে নে নাই সেয়া এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই৷
কলকাতা হাৱালা সংযোগ আৰু ভুৱা আধাৰ কাৰ্ড
বিত্তীয় লেনদেন আৰু প্ৰৱঞ্চনামূলক নথি-পত্ৰৰ তদন্তও চলি আছে। ভাৰতত অবৈধ কাৰ্যকলাপ বা কামৰ জৰিয়তে উপাৰ্জন কৰা ধন কলকাতাস্থিত এজেণ্টৰ সহায়ত হাৱালা চেনেলৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল। সম্প্ৰতি ধৃত মহিলাগৰাকীৰ পৰা উদ্ধাৰ হৈছে ভুৱা ভাৰতীয় আধাৰ কাৰ্ড। কাৰ্ডখনৰ সুবিধা প্ৰদান কৰা চক্ৰটোৰ পৰিচয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অসম সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল অভিযুক্ত বাংলাদেশী মহিলাগৰাকীয়ে, ইতিমধ্যে আৰক্ষীৰ স্বীকাৰোক্তিত এই কথা প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে। মহিলাগৰাকীৰ পৰা বাংলাদেশী পাছপ’ৰ্ট উদ্ধাৰ কৰা হৈছিল যদিও ভাৰতলৈ বা ভাৰতৰ পৰা অহাৰ বাবে বৈধ ইমিগ্ৰেচন ষ্টাম্প নাছিল। বৰ্তমান জয়পুৰ আৰক্ষী আৰু চোৰাংচোৱা সংস্থাসমূহে সমগ্ৰ নেটৱৰ্কটোক কৰায়ত্ত কৰিবলৈ চেষ্টা চলাই আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















