যৌতুকত বিচৰা এখন বুলেটৰ বাবেই সংঘটিত হৈছে এক নিৰ্মম হত্যাকাণ্ড। যৌতুকত বিচৰা বুলেট মটৰচাইকেল নাপায় অগ্নিশৰ্মা স্বামীয়ে চোকা অ*স্ত্ৰৰে উপৰ্যুপৰি পত্নীক আক্ৰমণ কৰি হ*ত্যা কৰা এটা ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশত। ইপিনে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্তই। ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি উত্তৰপ্ৰদেশৰ মৌগাঁও নিবাসী মুকন্দ লালে কনিষ্ঠ পুত্ৰ ৰবি লালে চোকা অস্ত্ৰৰে পত্নী বিমলেশ (২২)ক একাধিকবাৰ আঘাত কৰা বুলি আৰক্ষীক খবৰ দিয়ে। মহিলাগৰাকীৰ চিঞৰ শুনি পৰিয়ালৰ আন লোকে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক ৰখাবলৈ চেষ্টা কৰে যদিও ৰবিয়ে পলায়ন কৰে।
যৌতুকত বুলেট নিদিয়াৰ বাবেই হ*ত্যা
মৃত বিমলেশে দুবছৰ আগতে ৰবিৰ সৈতে বিৱাহপাশত আৱদ্ধ হৈছিল। পৰিয়ালৰ লোকৰ অভিযোগ যে বিৱাহৰ পিছৰে পৰা দম্পতীটোৰ মাজত বিবাদ চলি আছিল। মৃত বিমলেশৰ পিতৃয়ে অভিযোগ কৰা অনুসৰি বিৱাহৰ পিছৰে পৰা ৰবিয়ে যৌতুক হিচাপে এখন বুলেট মটৰ চাইকেল দাবী কৰি আহিছিল। তেওঁৰ দাবী পূৰণ নহ’লে তেওঁ বিমলেশক মাৰপিট কৰি মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে। দুৰ্ভগীয়া মহিলাগৰাকীৰ পিতৃয়ে লগতে আৰু কয় যে ঘটনাৰ প্ৰায় দুই-তিনি মাহৰ আগতে ৰবিয়ে বিমলেশৰ মূৰত কুঠাৰেৰে আক্ৰমণ কৰিছিল। সেই আক্ৰমণত গুৰুতৰভাৱে আহত হৈ কেইবাদিনো এখন ব্যক্তিগত চিকিৎসালয়ৰ ICUত ভৰ্তি হৈছিল বিমলেশ নামৰ মহিলাগৰাকী। দুয়োটা পৰিয়ালৰ মাজত হোৱা বুজাবুজিত সেই সময়ত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হোৱা নাছিল।
অভিযুক্ত স্বামী ড্ৰাগছৰ প্ৰতি আসক্ত
পৰিয়ালৰ লোকে জনোৱা মতে, অভিযুক্ত ৰবি ড্ৰাগছ আসক্ত আছিল আৰু সঘনাই ড্ৰাগছ সেৱন কৰিছিল। পৰিয়াল পোহপাল দিবলৈ শ্ৰমিক হিচাপে কাম কৰিছিল অভিযুক্তই। ৰবি-বিমলেশৰ এটি আঠ মহীয়া কন্যাও আছে। আৰক্ষীয়ে মৃ*তদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰিছে। ঘটনাৰ পিছৰে পৰা অভিযুক্ত ৰবি পলাতক হৈ আছে। ইপিনে মৃতকৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে আৰু অভিযুক্তক বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















