বিহাৰৰ ৰাজধানী পাটনাত প্ৰধানমন্ত্ৰী মোদীৰ নামত মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতি চলি আছে। এই সন্দৰ্ভত এটা প্ৰস্তাৱ বিহাৰ ৰাজ্যিক কিন্নৰ কল্যাণ ব’ৰ্ডৰ বৈঠকত দাখিল কৰা হয়, যাক ইতিমধ্যে ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। কিন্নৰ কল্যাণ ব’ৰ্ডৰ সদস্য ডাঃ ৰাজন সিঙে উল্লেখ কৰে যে কিন্নৰ সম্প্ৰদায়ৰ বাবে কোনো উৎসৰ্গিত মন্দিৰ নাই। সেয়েহে এই প্ৰস্তাৱ ব’ৰ্ডত দাখিল কৰি কিন্নৰ সমাজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজৰ আৰধ্য দেৱতা হিচাপে গণ্য কৰে বুলি মন্তব্য কৰে আৰু সেয়েহে পাটনাত তেওঁৰ নামত এটা মন্দিৰ নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দাখিল কৰে।
ৰাজন সিঙে সদৰী কৰা মতে, এই প্ৰস্তাৱত ৰাজ্য চৰকাৰে অনুমোদন জনাইছে আৰু মন্দিৰৰ বাবে ভূমি চিনাক্তকৰণ আৰু অধিগ্ৰহণৰ প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ হ’ব পাৰে। তেওঁ লগতে কয় যে-চৰকাৰী সহায়ৰ উপৰিও মন্দিৰ নিৰ্মাণৰ বাবে সমাজৰ সদস্যৰ পৰাও অনুদান সংগ্ৰহ কৰা হ’ব।
ৰাজন সিঙে লগতে কয় যে-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত কিন্নৰ সম্প্ৰদায়ৰ সবলীকৰণৰ বাবে আইন প্ৰণয়ন কৰিছিল। তেওঁৰ মতে,-কিন্নৰসকলে আৰক্ষী আৰু অন্যান্য চৰকাৰী সেৱাত যোগদান কৰিছে আৰু বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰতিষ্ঠানত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। তেওঁলোকেও ব’ৰ্ডৰ সদস্য হৈ পৰিছে।
ৰাজন সিঙে লগতে উল্লেখ কৰে যে মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰথম পূজালৈ আমন্ত্ৰণ জনোৱা হ’ব। ইয়াৰ পূৰ্বে তামিলনাডুৰ তিৰুচিৰাপল্লীৰ এজন কৃষকে প্ৰধানমন্ত্ৰী মোদীৰ নামত এটা মন্দিৰ নিৰ্মাণ কৰিছিল ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















