দেশে দেশে লকডাউন৷ ইয়াৰ মাজতে এখন ৰে’লে পাৰ হৈ গ’ল ৮ খন দেশ৷ অতিক্ৰম কৰিলে ১৩,০২৫ কিলোমিটাৰ পথ৷ ৩ জুনত যাত্ৰা আৰম্ভ কৰিছিল ৰে’লখনে৷ সম্পূর্ণ এমাহৰ অন্তত ৰে’লখন উপস্থিত হ’ল গন্তব্য স্থানত৷ ৮ খন দেশ চুই যোৱা এই ৰে’লখনে যাত্ৰা আৰম্ভ কৰিছিল ক’ৰোনাৰ অভিকেন্দ্ৰ চীনৰ পৰা৷ চীনৰ য়িউ চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ৰে’লখনে৷ সমগ্ৰ বিশ্বজুৰি ক’ৰোনা সন্ত্ৰাস সৃষ্টি কৰা চীনৰ ৰে’লখনে কাজাকিস্তান, ৰুছ, বেলাৰুছ, প’লেণ্ড, জার্মানী আৰু ফ্ৰান্স পাৰ হৈ মেদ্ৰিডত উপস্থিত হয়গৈ৷ এই ৰে’লখনে ৩৫ টা ডবাত স্পেইনলৈ কঢ়িয়াই নিয়ে ২.৮ কোটি মাস্ক আৰু চিকিৎসা কর্মীৰ বাবে ৪ লাখ ২৫ হাজাৰ সুৰক্ষা সঁজুলি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















