• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

2 months ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

11 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

52 minutes ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

2 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

18 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

18 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

19 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

19 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

20 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

20 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

21 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Becoৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ HUL

editor by editor
August 19, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে (HUL) নিজৰ জনপ্ৰিয় সামগ্ৰী ছাৰ্ফ এক্সেল আৰু ভীমক লৈ Beco-এ চলোৱা এটা বিজ্ঞাপন অভিযানৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। Beco-এ নিজৰ ‘WarOnWhatsHidden’ নামৰ অভিযানৰ জৰিয়তে এই দুটা সামগ্ৰীত ব্যৱহৃত কিছুমান ৰাসায়নিক উপাদানৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এই অভিযানক লৈয়ে দুয়োটা কোম্পানীৰ মাজত আইনী বিতৰ্কৰ সৃষ্টি হৈছে।

Beco-এ শেহতীয়াকৈ ‘WarOnWhatsHidden’ নামৰ এক বিজ্ঞাপন অভিযান আৰম্ভ কৰে। ছ’চিয়েল মিডিয়া, ভিডিঅ’, ইনফ্লুৱেঞ্চাৰ আৰু বিজ্ঞাপনৰ জৰিয়তে এই অভিযান চলোৱা হয়। Becoৰ দাবী অনুসৰি, তেওঁলোকে কৰা লেবৰেটৰী পৰীক্ষাত ছাৰ্ফ এক্সেলত BIT আৰু LAS পোৱা গৈছে। আনহাতে, ভীমতো LAS পোৱা বুলি কোম্পানীটোৱে দাবী কৰিছে। Beco-এ এই ৰাসায়নিক উপাদানসমূহক ছালত হোৱা জ্বলা-পোৰা, ইৰিটেচন আৰু এলাৰ্জিৰ দৰে সমস্যাৰ সৈতে সম্পৰ্কিত বুলি উল্লেখ কৰি ছাৰ্ফ এক্সেল আৰু ভীমৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

Becoৰ দাবীত HULৰ আপত্তি

Becoৰ এই দাবীৰ বিৰুদ্ধে হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। কোম্পানীটোৰ যুক্তি হৈছে—কোনো সামগ্ৰীত এটা নিৰ্দিষ্ট ৰাসায়নিক উপাদান পোৱা গৈছে বুলিয়েই সেই সামগ্ৰীয়ে ব্যৱহাৰকাৰীৰ ছালত ইৰিটেচন, জ্বলা-পোৰা বা এলাৰ্জিৰ সৃষ্টি কৰিব বুলি প্ৰমাণিত নহয়। HULৰ মতে, কোনো সামগ্ৰীৰ সুৰক্ষা নিৰ্ধাৰণ কৰিবলৈ কেৱল কোনো এটা ৰাসায়নিক উপাদানৰ উপস্থিতি বা পৰিমাণ পৰীক্ষা কৰাই যথেষ্ট নহয়। সম্পূৰ্ণ সামগ্ৰীৰ সুৰক্ষা সম্পৰ্কীয় প্ৰয়োজনীয় পৰীক্ষাও কৰা উচিত।
HULএ বিশেষভাৱে LASৰ ব্যৱহাৰৰ বিষয়টোও উত্থাপন কৰিছে। কোম্পানীটোৰ মতে, LAS হৈছে বিভিন্ন ক্লিনিং প্ৰডাক্টত ব্যৱহৃত এক সাধাৰণ ক্লিনিং উপাদান, যাৰ সহায়ত তেল আৰু ময়লা আঁতৰোৱাত সহায় হয়। HULৰ অভিযোগ, Beco-এ Vimৰ ক্ষেত্ৰত LASৰ উপস্থিতিক বিশেষভাৱে প্ৰদৰ্শন কৰি গ্ৰাহকৰ মাজত সামগ্ৰীটোৰ বিষয়ে ভুল ধাৰণা সৃষ্টি কৰাৰ চেষ্টা কৰিছে।

HULৰ টেগলাইন ব্যৱহাৰক লৈও আপত্তি

কেৱল ৰাসায়নিক উপাদানক লৈ কৰা দাবীয়েই নহয়, Becoৰ বিজ্ঞাপনত HULৰ জনপ্ৰিয় সামগ্ৰীৰ টেগলাইন ব্যৱহাৰ কৰাৰ বিষয়তো আপত্তি উত্থাপন কৰিছে কোম্পানীটোৱে। Becoৰ অভিযানত Vimৰ ‘১০০টা নেমুৰ শক্তি’ আৰু ছাৰ্ফ এক্সেলৰ ‘দাগ ভাল’ৰ দৰে জনপ্ৰিয় টেগলাইন ব্যৱহাৰ কৰা বুলি HULএ অভিযোগ কৰিছে।
HULৰ মতে, এই ধৰণৰ বিজ্ঞাপনৰ জৰিয়তে তেওঁলোকৰ ব্ৰেণ্ড আৰু সামগ্ৰীৰ বিষয়ে গ্ৰাহকৰ মাজত নেতিবাচক ধাৰণা সৃষ্টি হোৱাৰ আশংকা আছে। কোম্পানীটোৱে লগতে অভিযোগ কৰিছে যে Beco-এ ১৪ আগষ্টৰ নিশা এই অভিযান আৰম্ভ কৰিছিল। অভিযানটো হঠাতে আৰম্ভ কৰাৰ ফলত ইয়াৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰাত অসুবিধা হোৱা বুলিও HUL-এ আদালতক অৱগত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bussiness
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!
বিনোদন

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

October 21, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

October 21, 2026
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?
জীৱনশৈলী

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

October 21, 2026
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক
জীৱনশৈলী

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

October 21, 2026
Next Post
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.