অনলাইন জালিয়াতি আৰু চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে দূৰসংযোগ বিভাগে চিম কাৰ্ডৰ ক্ষেত্ৰত নতুন নিয়মৰ কথা সদৰী কৰিছে। এই নিয়ম অনুসৰি, কোনো ব্যক্তিৰ নামত ইতিমধ্যে ৯খন চিম কাৰ্ড সক্ৰিয় হৈ থাকিলে তেওঁ আৰু নতুন চিম কাৰ্ড ল’ব নোৱাৰিব। আনহাতে জম্মু-কাশ্মীৰ, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত এই সীমা ৬খনলৈ ইতিমধ্যে হ্ৰাস কৰা হৈছে।
২৪ আগষ্টৰ পৰা কি সলনি হ’ব?
DoTৰ নিৰ্দেশ অনুসৰি, কোনো গ্ৰাহকৰ নামত ৯খন (জম্মু-কাশ্মীৰ, অসম তথা উত্তৰ পূবৰ ক্ষেত্ৰত ৫খন) চিম কাৰ্ড সক্ৰিয় হৈ থাকিলে টেলিকম কোম্পানীয়ে নতুন চিম কাৰ্ড প্ৰদান নকৰিব। নতুন চিম বিচৰা সময়ত গ্ৰাহকৰ নামত কিমানটা মোবাইল সংযোগ আছে, সেই তথ্য পৰীক্ষা কৰা হ’ব। যদি কোনো ব্যক্তিৰ নামত ৯খন চিম কাৰ্ড ইতিমধ্যে সক্ৰিয় হৈ থাকে, তেন্তে কোম্পানীয়ে তেওঁক জনাই দিব যে সৰ্বোচ্চ সীমা পূৰণ হৈছে। সেয়েহে নতুন সংযোগ দিয়া সম্ভৱ নহ’ব। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে ভুৱা নথি ব্যৱহাৰ কৰি বহু চিম কাৰ্ড সংগ্ৰহ কৰা আৰু সেইবোৰৰ জৰিয়তে মানুহক ঠগ-প্ৰৱঞ্চনা কৰা চাইবাৰ অপৰাধীক ৰোধ কৰা।
DIP পৰ্টেলৰ জৰিয়তে হ’ব পৰীক্ষা
এই নিয়ম কাৰ্যকৰী কৰিবলৈ DoTয়ে টেলিকম কোম্পানীসমূহক DIP অৰ্থাৎ Digital Intelligence Platform ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। এই প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন টেলিকম কোম্পানীৰ গ্ৰাহকৰ মোবাইল সংযোগৰ তথ্য পৰীক্ষা কৰিব পৰা যাব। ইতিমধ্যে ৯খন চিম কাৰ্ড সক্ৰিয় থকা গ্ৰাহকৰ তথ্য আৰু ফটোও DIPত উপলব্ধ কৰা হ’ব। ইয়াৰ ফলত কোনো ব্যক্তিক নতুন চিম দিব পাৰি নে নোৱাৰি, সেয়া কোম্পানীসমূহে সহজে জানিব পাৰিব। DoT-এ টেলিকম কোম্পানীসমূহক ৩০ নৱেম্বৰৰ ভিতৰত নিজৰ ব্যৱস্থা DIPৰ সৈতে সংযোগ কৰিবলৈও কৈছে।
৯খনৰ অধিক চিম থাকিলে কি হ’ব?
যদি কোনো কাৰণত কোনো ব্যক্তিৰ নামত ৯খনতকৈ অধিক চিম কাৰ্ড সক্ৰিয় হৈ পৰে, তেন্তে অতিৰিক্ত চিম কাৰ্ড বন্ধ কৰাৰ ব্যৱস্থা কৰা হ’ব। গ্ৰাহকৰ নামত সক্ৰিয় চিম কাৰ্ডৰ সংখ্যা ৯খন বা তাতকৈ কম নোহোৱালৈকে নতুন চিম কাৰ্ড প্ৰদান কৰা নহ’ব।
নিজৰ নামত কিমানখন চিম আছে কেনেকৈ জানিব?
বহু সময়ত আমি ব্যৱহাৰ নকৰা চিম কাৰ্ডো আমাৰ নামত সক্ৰিয় হৈ থাকিব পাৰে। আনকি কোনোবাই ভুৱা নথি ব্যৱহাৰ কৰি আপোনাৰ নামত চিম কাৰ্ড উলিয়াই ল’ব পাৰে। সেয়েহে নিজৰ নামত কিমানটা মোবাইল নম্বৰ সক্ৰিয় হৈ আছে, সেয়া মাজে মাজে পৰীক্ষা কৰাটো ভাল।
ইয়াৰ বাবে দূৰসংযোগ বিভাগৰ TAFCOP পৰ্টেল ব্যৱহাৰ কৰিব পাৰিব।
TAFCOPত নিজৰ নামৰ চিম কেনেকৈ পৰীক্ষা কৰিব?
১. প্ৰথমে দূৰসংযোগ বিভাগৰ অফিচিয়েল TAFCOP পৰ্টেললৈ যাওক।
২. আপোনাৰ ১০টা সংখ্যাৰ সক্ৰিয় মোবাইল নম্বৰ আৰু স্ক্ৰীণত থকা CAPTCHA লিখক।
৩. ‘Validate Captcha or Request OTP’ত ক্লিক কৰক।
৪. আপোনাৰ মোবাইললৈ অহা OTP লিখি লগইন কৰক।
৫. ইয়াৰ পিছত আপোনাৰ নামত সক্ৰিয় হৈ থকা মোবাইল নম্বৰসমূহৰ তালিকা দেখা যাব।
৬. তালিকাত আপোনাৰ নহোৱা বা আপুনি ব্যৱহাৰ নকৰা কোনো নম্বৰ দেখিলে সেই নম্বৰটো বাছনি কৰি ‘My Number is Not’ বা ‘Not Required’ বিকল্পৰ জৰিয়তে ৰিপ’ৰ্ট কৰিব পাৰিব।
৭. ৰিপ’ৰ্ট কৰাৰ পিছত নম্বৰটোৰ KYC আৰু মালিকীস্বত্ব পৰীক্ষা কৰা হ’ব। প্ৰয়োজনীয় প্ৰমাণ নাথাকিলে সেই মোবাইল নম্বৰটো বন্ধ কৰাৰ ব্যৱস্থা কৰা হ’ব।
সেয়েহে আপোনাৰ নামত কোনো অচিনাকি বা ব্যৱহাৰ নকৰা চিম কাৰ্ড সক্ৰিয় হৈ আছে নেকি, সেয়া এবাৰ পৰীক্ষা কৰি লোৱাটো গুৰুত্বপূৰ্ণ। এই ব্যৱস্থাৰ জৰিয়তে ভুৱা চিম ব্যৱহাৰ কৰি কৰা চাইবাৰ জালিয়াতি আৰু অনলাইন প্ৰৱঞ্চনা কিছু পৰিমাণে ৰোধ কৰাৰ চেষ্টা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















