বন্যাৰ্ত পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবীত বিধায়ক অখিল গগৈয়ে কৰি আছে ধৰ্মঘট, আজি ৭ দিনত ভৰি দিলে এই ধৰ্মঘটে। ১৪৪ ঘণ্টাতকৈ অধিক সময় ধৰি অব্যাহত থকা এই প্ৰতিবাদক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিতো তীব্ৰ চৰ্চা আৰম্ভ হৈছে।
বন্যাৰ্তত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত অখিল গগৈয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। তেওঁৰ দাবী, ‘বন্যাৰ্ত লোকসকলে যথেষ্ট ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা নাই।’
ধৰ্মঘটৰ মাজতে বিধায়কগৰাকীয়ে অসমৰ ৰাইজক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে। চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ অখিল গগৈয়ে কয় যে বন্যাৰ্ত পৰিয়ালক ক্ষতিপূৰণ প্ৰদান নকৰালৈকে তেওঁৰ আন্দোলন অব্যাহত থাকিব।
তেওঁ স্পষ্ট কৰি দিয়ে যে দাবী পূৰণ নোহোৱালৈকে তেওঁ প্ৰতিবাদৰ পৰা আঁতৰি নাহে। “ক্ষতিপূৰণ নিদিয়ালৈকে মোৰ আন্দোলন অব্যাহত থাকিব” বুলি ঘোষণা কৰে বিধায়ক অখিল গগৈয়ে।
ইয়াৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে চৰকাৰখনৰ দাদাগিৰিৰ বিৰুদ্ধে অসমৰ ৰাইজে সিদ্ধান্ত ল’ব। তেওঁৰ মতে, বন্যাৰ্ত লোকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে অধিক দায়িত্বশীল ভূমিকা গ্ৰহণ কৰা উচিত।
ইফালে, ধৰ্মঘটে ৭ দিনত ভৰি দিয়াৰ লগে লগে বিষয়টোৱে অধিক গুৰুত্ব লাভ কৰিছে। অখিল গগৈৰ এই আন্দোলনক লৈ পৰৱৰ্তী সময়ত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















