হাৰিয়ানাৰ ফৰিদাবাদত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এখন OYO হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ (DU) এগৰাকী ১৯ বছৰীয়া ছাত্ৰীৰ মৃ*তদেহ। মৃ*ত ছাত্ৰীগৰাকীৰ কাষতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন ছুইচাইড নোট আৰু নিগনি মৰা দৰৱৰ এটা খালী পেকেট। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ইফালে ছাত্ৰীগৰাকীৰ সৈতে হোটেললৈ যোৱা প্ৰেমিকজন বৰ্তমান পলাতক হৈ আছে।
আৰক্ষীৰ তথ্য অনুসৰি, মৃ*ত ছাত্ৰীগৰাকী ফৰিদাবাদৰ গান্ধী কলনীৰ কুৰেশ্বিপুৰৰ বাসিন্দা আছিল। সোমবাৰে পুৱা ছাত্ৰীগৰাকী কলেজলৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তাৰ পিছত তেওঁ সন্ধানহীন হৈ পৰে। পৰিয়ালৰ লোকে বহু সময় ধৰি যোগাযোগ কৰিবলৈ চেষ্টা কৰিও কোনো সঁহাৰি নোপোৱাত আৰক্ষীৰ কাষ চাপে। পিছদিনা চৰাই থানা এলেকাৰ এখন OYO হোটেলৰ কোঠাৰ পৰা ছাত্ৰীগৰাকীৰ মৃ*তদেহ উদ্ধাৰ হয়। খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃ*তদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে বি কে হাস্পতাললৈ প্ৰেৰণ কৰে।
মৃ*তদেহৰ কাষত উদ্ধাৰ ছু*ইচাইড নোট
আৰক্ষীয়ে সদৰী কৰা অনুসৰি, হোটেলৰ কোঠাটোত ছাত্ৰীগৰাকীৰ মৃ*তদেহ উদ্ধাৰৰ সময়ত তেওঁৰ নাক আৰু মুখৰ পৰা ফেন ওলাই থকা দেখা গৈছিল। মৃ*তদেহটোৰ কাষতে উদ্ধাৰ হয় নিগনি ম*ৰা দৰৱৰ এটা খালী পেকেট আৰু এখন ছুই*চাইড নোট। আৰক্ষীয়ে ছুই*চাইড নোটখনৰ হাতৰ আখৰ পৰীক্ষাৰ বাবে ফৰেনছিক লেবলৈ প্ৰেৰণ কৰিছে। ইয়াৰ জৰিয়তে নোটখন ছাত্ৰীগৰাকীয়ে নিজেই লিখিছিল নে নাই, সেই কথা নিশ্চিত কৰাৰ চেষ্টা চলোৱা হৈছে। অৱশ্যে তেওঁৰ মৃ*ত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু তদন্তৰ পিছতহে স্পষ্ট হ’ব।
প্ৰেমিকৰ সৈতে হোটেললৈ গৈছিল
আৰক্ষীৰ প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে ছাত্ৰীগৰাকী তেওঁৰ প্ৰেমিকৰ সৈতে হোটেলখনলৈ গৈছিল। আৰক্ষীৰ তথ্য অনুসৰি, তেওঁৰ প্ৰেমিকজনৰ নাম বিপিন যাদৱ। তেওঁ ছাত্ৰীগৰাকীৰ চুবুৰীয়া বুলি জানিব পৰা গৈছে। আটাইতকৈ ৰহস্যজনক কথাটো হ’ল, ঘটনাৰ পিছৰে পৰা বিপিন যাদৱৰ কোনো সন্ধান পোৱা হোৱা নাই। তেওঁ বৰ্তমান পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। যুৱকজনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, সোমবাৰে পুৱা ছাত্ৰীগৰাকী কলেজলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। দুপৰীয়া প্ৰায় ৩ বজালৈকে তেওঁ পৰিয়ালৰ সৈতে ফোনযোগে যোগাযোগত আছিল। কিন্তু তাৰ পিছতে তেওঁৰ মোবাইল ফোনটো বন্ধ হৈ পৰে।
বাৰে বাৰে ফোন কৰিও কোনো সঁহাৰি নোপোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে। অৱশেষত তেওঁলোকে আৰক্ষীৰ ওচৰত অৰ্চনা নিৰুদ্দেশ হোৱা বুলি অভিযোগ দাখিল কৰে। কিন্তু পিছদিনা হোটেলৰ কোঠাৰ পৰা তেওঁৰ মৃ*তদেহ উদ্ধাৰ হোৱাৰ খবৰে পৰিয়ালটোক শোকস্তব্ধ কৰি তোলে।
বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ বিভিন্ন দিশ পৰীক্ষা কৰি আছে। ছুই*চাইড নোটৰ সত্যতা, বি*ষৰ পেকেট আৰু প্ৰেমিক বিপিন যাদৱৰ ভূমিকা সন্দৰ্ভত তদন্ত অব্যাহত আছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে ছাত্ৰীগৰাকীৰ মৃ*ত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















