অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদবীক লৈ আপত্তিকৰ মন্তব্য কৰাৰ বাবে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছে গুজৰাটৰ এখন আদালতে। বৃহস্পতিবাৰে চুৰটৰ দায়ৰা আদালতে মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছে ৰাহুলক। ২০১৯ চনৰ মানহানিৰ গোচৰত আদালতে দোষী সাব্যস্ত কৰিছে ৰাহুলক। দুবছৰ জে’লৰ শাস্তি ঘোষণা কৰিলেও আদালতে ৰাহুলৰ জামিন মঞ্জুৰ কৰা বুলি জানিব পৰা গৈছে।
আদালতে ২ বছৰৰ কাৰাদণ্ড বিহিছে ৰাহুল গান্ধীক৷ জামিন মঞ্জুৰ হ’ল যদিও কংগ্ৰেছ নেতাগৰাকীৰ সাংসদ পদো কৰ্তন হোৱাৰ আশংকাই দেখা দিছে৷ উল্লেখ্য যে ২০১৯ চনৰ কৰ্ণাটকৰ এখন নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে ভাষণৰ সময়ত কিয় সকলো চোৰৰ উপাধি মোদী হয় বুলি উল্লেখ কৰিছিল৷ ৰাহুল গান্ধীৰ এই বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ বিধায়ক আৰু গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্নেশ মোদীয়ে মানহানিৰ গোচৰ তৰিছিল৷ পূৰ্নেছ মোদীয়ে গোচৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ কৰিছিল যে ৰাহুল গান্ধীৰ এই মন্তব্যই মোদী উপাধি ব্যৱহাৰ কৰা সমগ্ৰ সম্প্ৰদায়ক অপমান কৰিছে৷ আজি এই গোচৰৰ শুনানি গ্ৰহণ কৰি চুৰট জিলা আদালতৰ মুখ্য ন্যায়িক মেজিষ্ট্ৰেট এছ এছ বৰ্মা আদালতে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ