• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃত্বত অনীহা, ভাৰতত ৰেকৰ্ড হাৰত কমিছে প্ৰজননহাৰ, ২০৫০ চনৰ ভিতৰত বাঢ়িব বৃদ্ধৰ সংখ্যা, ৰিপৰ্টত কি কি ভয়ংকৰ তথ্য?

মাতৃত্বত অনীহা, ভাৰতত ৰেকৰ্ড হাৰত কমিছে প্ৰজননহাৰ, ২০৫০ চনৰ ভিতৰত বাঢ়িব বৃদ্ধৰ সংখ্যা, ৰিপৰ্টত কি কি ভয়ংকৰ তথ্য?

6 months ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

7 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

8 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

8 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

9 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

10 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

11 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

11 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

12 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

12 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

13 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

13 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাতৃত্বত অনীহা, ভাৰতত ৰেকৰ্ড হাৰত কমিছে প্ৰজননহাৰ, ২০৫০ চনৰ ভিতৰত বাঢ়িব বৃদ্ধৰ সংখ্যা, ৰিপৰ্টত কি কি ভয়ংকৰ তথ্য?

মাতৃত্বত অনীহা, ভাৰতত ৰেকৰ্ড হাৰত কমিছে প্ৰজননহাৰ, ২০৫০ চনৰ ভিতৰত বাঢ়িব বৃদ্ধৰ সংখ্যা, ৰিপৰ্টত কি কি ভয়ংকৰ তথ্য?

editor by editor
September 6, 2025
in জীৱনশৈলী
0
মাতৃত্বত অনীহা, ভাৰতত ৰেকৰ্ড হাৰত কমিছে প্ৰজননহাৰ, ২০৫০ চনৰ ভিতৰত বাঢ়িব বৃদ্ধৰ সংখ্যা, ৰিপৰ্টত কি কি ভয়ংকৰ তথ্য?
0
SHARES
278
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৭০ চনত ভাৰতীয় মহিলাসকলে গড়ে ৫টাকৈ সন্তান জন্ম দিছিল৷ ৫ দশকৰ ভিতৰত সেই সংখ্যা নামি আহিছে ১.৯লৈ৷ সৰু পৰিয়াল সুখী পৰিয়াল এই শ্লোগানৰ বাস্তবায়ন ঘটিছে ভাৰতত৷ সন্তান জন্ম দিয়াত অনীহা বাঢ়িছে তৰুণ প্ৰজন্মৰ৷ বয়স্ক নাগৰিকৰ সংখ্যাও বৃদ্ধি পাইছে ভাৰতত৷

ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেকেসক চেম্পল ৰেজিষ্ট্ৰেচন চিষ্টেমৰ ৰিপৰ্টৰ এক পৰিসংখ্যাত প্ৰকাশিত হৈছে এই তথ্য৷ ২০২৩ চনৰ এক সমীক্ষাত প্ৰকাশিত হৈছে চমকপ্ৰদ এক তথ্য৷ জনসংখ্যাৰ ক্ৰমবৰ্ধমান অনুপাতে কৰ্মক্ষম বয়সীয়া গোষ্ঠী আৰু বৃদ্ধ-বৃদ্ধাসকলৰ সংখ্যা বৃদ্ধি পাইছে৷ তুলনাত ০-১৪ বছৰ বয়সীয়াসকলৰ জনগোষ্ঠীসকলৰ সংখ্যা হ্ৰাস পাইছে৷ সকলোতকৈ উল্লেখযোগ্য হৈছে প্ৰজনননৰ হাৰ কমিছে ভাৰতীয় নাৰীৰ৷

প্ৰতিবেদন অনুসৰি ০-১৪ বছৰ বয়সীয়াৰ সংখ্যা ধীৰে ধীৰে হ্ৰাস পাইছে৷ ১৯৭১ চনত মুঠ জনসংখ্যাৰ ৪১.২ শতাংশ আছিল এই বয়সীয়া৷ ১৯৮১ চনত ২০ বছৰৰ ভিতৰত থকা মুঠ জনসংখ্যা আছিল ৩৮.১ শতাংশ৷ একেধৰণেই ১৯৯১-২০২৩ চনৰ ভিতৰত ৩৬.৩ শতাংশৰ পৰা কমি ২৪.২ শতাংশ হৈছে৷

সমীক্ষাত দেখা গৈছে প্ৰজননৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ভাৰতৰ অৱস্থান উল্লেখযোগ্য৷ পঞ্চাছ বছৰ পূৰ্বে য’ত এগৰাকী মহিলাৰ ৫ সন্তান আছিল সেয়া এতিয়া কমি ২ হৈছেগৈ৷ ইয়াৰ নেপথ্যৰ কাৰণ হৈছে সন্তানধাৰণৰ ইচ্ছা কমিছে তৰুণ প্ৰজন্মৰ দম্পত্তিৰ৷ ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ এছ আৰ এছ আৰ সমীক্ষাত ৮০ লাখ নাগৰিকৰ তথ্য অনুসৰি, দম্পত্তিয়ে দুই সন্তান নীতিৰ পৰা বাহিৰলৈ আহি সন্তানধাৰণৰ ক্ষেত্ৰত এতিয়া অন্য পথ লৈছে৷ সমগ্ৰ বিশ্বৰ সৈতে যুঁজ দিবলৈ ভাৰতেও প্ৰজননৰ হাৰ উল্লেখযোগ্যভাৱে কমাইছে বুলি সমীক্ষাই দাবী কৰিছে৷

ৰাষ্ট্ৰপুঞ্জৰ পপুলেছন ফাণ্ডৰ সাম্প্ৰতিক সমীক্ষাত অৱশ্যে সেই প্ৰৱণতাৰ দিশকেই ইংগিত কৰা হৈছে৷ যত কোৱা হৈছে বৰ্তমান বিশ্বৰ কোটি কোটি মানুহৰ প্ৰজনন হাৰ কমাৰ দিশত৷ তেওঁলোকে তেওঁলোকৰ ইচ্ছা অনুসৰি সন্তানধাৰণ কৰিব পৰা নাই৷ তৰুণ প্ৰজন্মন মাজত বিয়া নকৰোৱা আৰু সন্তান জন্ম নিদিয়াৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ ফল গড় জন্মহাৰত ব্যাপক পৰিবৰ্তন লক্ষ্য কৰা দেখা গৈছে৷ চীনক পিছপেলাই বিশ্বৰ সকলোতকৈ জনবহুল দেশৰ খিতাপ পালেও সামগ্ৰিকভাৱে ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰ কমিছে৷

ভাৰতৰ জনসংখ্যা বৃদ্ধি এসময়ত বৈশ্বিকভাৱে অন্যতম উদ্বেগৰ বিষয় আছিল৷ জনসংখ্যা বৃদ্ধিৰ সেই গতি মন্থৰ হবলৈ আৰম্ভ হৈছে৷ লেনচেটৰ এক ৰিপৰ্ট অনুসৰি, ২০৫০ চনৰ ভিতৰত এইবাৰ ১.৩ আৰু ২১০০ চনৰ ভিতৰত ১.০৪ত নামি আহিব এই হাৰ৷ জনসংখ্যা স্থিতিশীল ৰখাৰ বাবে এগৰাকী নাৰীয়ে ২.১ টা শিশুৰ জন্ম দিয়াৰ প্ৰয়োজনীয়তা আছে৷

গ্ৰামীণ ভাৰতৰ ক্ষেত্ৰত এই সূচকটি যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি ধাৰণা কৰিছে জনসংখ্যা বিশেষজ্ঞই৷ গ্ৰামাঞ্চলত এই হাৰ কমিছে৷ ভাৰতীয় মহিলাই গড়ে এক প্ৰজন্মৰ পৰা পৰবৰ্তী প্ৰজন্মলৈ জনসংখ্যাৰ সামগ্ৰিক আকাৰ বজায় ৰখাৰ বাবে প্ৰয়োজনৰ তুলনাত কম সন্তানৰ জন্ম দিছে৷ জনসংখ্যাৰ হঠাৎ পৰিবৰ্তনে ভাৰতীয় সমাজ, অৰ্থনীতি আৰু স্বাস্থ্য ব্যৱস্থাৰ বহুমাত্ৰিক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে৷

সন্তানধাৰণৰ ক্ষেত্ৰত প্ৰধান অন্তৰায় হৈছে অৰ্থনৈতিক প্ৰতিকূলতা৷ অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ কাৰণেই সন্তানৰ দায়িত্ব ল’বলৈ ভয় কৰিছে বহু দম্পত্তিয়ে৷ চাকৰিৰ নিৰাপত্তাহীনতা, সাংসৰিক খৰচৰ বোজা বৃদ্ধি, স্বামী-স্ত্ৰীৰ মাজত বুজাপৰাৰ অভাৱৰ কাৰণেও সন্তান জন্ম দিবলৈ নাৰাজ বহু পৰিয়াল৷ ৩০ৰ শেষৰ দিশে বা ৪০ বছৰৰ পাছত এতিয়া বহু মহিলা বিবাহত আৱদ্ধ হৈছে৷ উচ্চবিত্ত পৰিয়ালত সন্তানধাৰণৰ ইচ্ছা এতিয়া বহুপৰিমাণে কমিছে৷ কাৰণ এতিয়া দৈনন্দিন জীৱনত নানান চাপ আছে৷ তাতেই দম্পত্তিৰ স্বাধীন জীৱনযাপনৰ প্ৰতি ইচ্ছা৷

বিহাৰ, ঝাৰখণ্ড, উত্তৰপ্ৰদেশত এতিয়াও প্ৰজননহাৰ অন্যান্য ৰাজ্যৰ তুলনাত উচ্চ৷ অন্যহাতে দক্ষিণৰ ৰাজ্য যেনে তামিলনাডু, কেৰালা, দিল্লীৰ দৰে অঞ্চলত এই হাৰ অত্যন্ত কম৷ গ্ৰামাঞ্চলৰ জন্মহাৰ চহৰাঞ্চলতকৈ বেছি৷ ২০২৩ চনত এই ৰাজ্যসমূহৰ মাজত জন্মহাৰেৰে শীৰ্ষত আছিল বিহাৰ৷ সকলোৰে তলত আছিল আন্দামান নিকোবৰ দ্বীপপুঞ্জ৷ প্ৰজনন হাৰে ৰেকৰ্ড পতনৰ ওপৰিও আৰু এটা চিন্তাৰ বিষয়ে দেখা দিছে৷ দেশত বয়স্ক মানুহৰ সংখ্যা বাঢ়িছে৷ জনসংখ্যাৰ অংকই কৈছে যে দেশত ৬০ বা তাতকৈ বেছি বয়সীয়া মানুহৰ সংখ্যা বাঢ়িছে জনসংখ্যা বৃদ্ধিৰ হাৰৰ ৩গুণতকৈ বেছি৷ ভাৰতত বৰ্তমান বয়স্ক জনগণৰ সংখ্যা প্ৰায় ১৫ কোটি৷

ৰিপৰ্টমতে দেশত মৃত্যুহাৰো বিগত ৫ দশকত ক্ৰমশ কমিছে৷ ১৯৭১ চনত মৃত্যুহাৰ আছিল ১৪.৯৷ সেয়া কমি ২০২৩ চনত হৈছে ৬.৪৷ কেৱল ২০২২ আৰু ২৩ চনৰ ভিতৰত দেখা গৈছে গাওঁ অঞ্চলত মৃত্যুহাৰ ৭.২ৰ পৰা কমি ৬.৮ হৈছে৷ চহৰত ৬ৰ পৰা কমি ৫.৭ হৈছে৷ মৃত্যুহাৰ সকলোতকৈ কম চণ্ডীগড়, শীৰ্ষত ছত্তীশগড়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
জীৱনশৈলী

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

March 12, 2026
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব
জীৱনশৈলী

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

March 12, 2026
Next Post
পথ সলনি কৰিব কৰ্মফলদাতা শনিয়ে, কোটিপতি হোৱাৰ সুযোগ এই ৩ ৰাশিৰ সন্মুখত

পথ সলনি কৰিব কৰ্মফলদাতা শনিয়ে, কোটিপতি হোৱাৰ সুযোগ এই ৩ ৰাশিৰ সন্মুখত

শৰীৰত ৰাখিব নোৱাৰিব কোনো বস্ত্ৰ! ১১ দিন নগ্ন লৈ বিলাসী সমুদ্ৰভ্ৰমণৰ স্বাদ দিছে ‘দ্যা বিগ ন্যুড বোট’য়ে, মানিব লাগিব এইকেইটা চৰ্ত

শৰীৰত ৰাখিব নোৱাৰিব কোনো বস্ত্ৰ! ১১ দিন নগ্ন লৈ বিলাসী সমুদ্ৰভ্ৰমণৰ স্বাদ দিছে ‘দ্যা বিগ ন্যুড বোট’য়ে, মানিব লাগিব এইকেইটা চৰ্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.