কাৰ্যালয়ত কামৰ বোজা সামৰি প্ৰেয়সীৰ কাষত মধুৰ সময় কটোৱাৰ ইচ্ছাৰে প্ৰেয়সীৰ কাষলৈ আহিছিল যুৱকজন৷ প্ৰেয়সীক নিবিড় সময় কটোৱাৰ বাবে হোটেললৈ মাতিছিল তেওঁ৷ প্ৰেয়সী হোটেলত উপস্থিত হোৱাৰ পূৰ্বেই হোটেলৰ কোঠাত সোমাইছিল যুৱকজন৷ মদ্যপানো কৰিছিল৷ ইয়াৰোপৰি প্ৰেয়সীৰ সৈতে যৌন কামনা পূৰণৰ বাবেও সাজু হৈছিল যুৱকজন৷ তাৰবাবে সেৱন কৰিছিল উত্তেজনাবৰ্ধক ঔষধ৷
মদ্যপান আৰু যৌন উত্তেজনাবৰ্ধক ঔষধ সেৱনেই কাল হ’ল যুৱকৰ বাবে৷ প্ৰেয়সী আহি পোৱাৰ পূৰ্বেই শেষ হৈ গ’ল জীৱন৷ নিহত যুৱকৰ নাম দিব্যাংশু৷ তেওঁ লক্ষ্ণৌৰ বাসিন্দা আছিল৷ বেচৰকাৰী সংস্থাত কাম কৰিছিল৷ অফিচৰ কামৰ বাবে তেওঁ মধ্যপ্ৰদেশলৈ গৈছিল৷ মধ্যপ্ৰদেশতেই এখন বিলাসী হোটেলত আছিল দিব্যাংশু৷ মধ্যপ্ৰদেশত সেইদিনা আছিল তেওঁৰ কামৰ শেষ দিন৷ সেয়ে শেষ নিশাটো প্ৰেয়সীৰ সৈতে ৰোমান্সকৰকৈ কটাব খুজিছিল দিব্যাংশুৱে৷ প্ৰেয়সীক মাতি পঠিয়াইছিল বিলাসী হোটেলৰ কোঠালৈ৷ প্ৰেমিকৰ আতুৰ আহ্বানক নেওচা দিব নোৱাৰি লৱৰি গৈছিল প্ৰেয়সী৷
হোটেলৰ বিশেষ ঠিকনাত উপস্থিত হৈ হতবাক হৈ পৰে প্ৰেয়সী৷ হোটেলৰ বিশেষ কোঠাটো ভিতৰৰ পৰা বন্ধ হৈ আছিল৷ লগে লগেই প্ৰেয়সীয়ে হোটেলৰ কৰ্মীক মাতে৷ কৰ্মীসকল আহি বিশেষ চাবি ৰে লক খোলাৰ পাছতেই আচৰিত সকলো৷ বিচনাত অচেতন হৈ পৰি আছে দিব্যাংশু৷ লগে লগেই হাস্পতাললৈ লৈ যোৱা হয় দিব্যাংশুক৷ কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে৷ মৃত্যুৰ কাৰণ অত্যধিক সুৰাপানৰ লগতে যৌনবৰ্ধক ঔষধ৷ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে আৰক্ষীয়ে প্ৰেয়সীকো সোধপোছ অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ