ৰেছন কাৰ্ডৰ সৈতে আধাৰ লিংক বাধ্যতামূলক কৰিছে কেন্দ্ৰই৷ ৰেচনৰ নামত দেশত চলি থকা দুৰ্নীতি দূৰ কৰিবলৈকে এই সিদ্ধান্ত লৈছে চৰকাৰে৷ কিন্তু আম জনতাৰ বহুতেই এতিয়াও নাজানে কেনেকৈ লিংক কৰিব আধাৰ আৰু ৰেচন৷ চৰকাৰী নিয়ম অনুসৰি অনলাইন আৰু অফলাইন দুটা পদ্ধতিত ৰেছন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব পাৰে গ্ৰাহকে৷ ইয়াৰ বাবে ৰাজ্যৰ খাদ্য দফতৰৰ অফিচিয়েল ৱেবচাইট অৰ্থাৎ https://wbpds.wb.gov.in/-ত লগ ইন কৰিব লাগিব৷ এই ৱেবচাইটত সোমোৱাৰ পাছত আপুনি দেখা পাব আধাৰ ৰেছন লিংকৰ নিৰ্দিষ্ট অপশ্ব্যন৷
তাতেই গ্ৰাহকে গৈ লিখিব লাগিব ৰেছন কাৰ্ডৰ নম্বৰ৷ ইয়াৰোপৰি ৰেজিষ্টাৰ মোবাইল নম্বৰো দিব লাগিব৷ এই কাম কৰিবলৈ গ’লে কনটিনিউ অপশ্ব্যনত ক্লিক কৰিব লাগিব৷ ইয়াৰ সৈতে ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা অটিপি আহিব৷ সেই অটিপি পেষ্ট কৰিলে ৰেছন কাৰ্ড আৰু আধাৰ নম্বৰৰ লিংক অপশ্ব্যন আহিব তাত ক্লিক কৰি লাগিব৷ এই সম্পূৰ্ণ কাম অফলাইনতো কৰিব পাৰিব গ্ৰাহকে৷
অফলাইনৰ বাবে ব্যক্তিজনে ৰেছন কাৰ্ডৰ দোকানলৈ যাব লাগিব৷ তাত ৰেছন কাৰ্ড হোল্ডাৰৰ আধাৰ কাৰ্ডৰ ফটোকপি জমা ল’ব৷ তাৰ সৈতে ৰেছন কাৰ্ডৰ জেৰক্স কপিও জমা ল’ব৷ ইয়াৰোপৰি গ্ৰাহকে জমা দিব লাগিব বেংকৰ পাছবুকৰ ফটো৷ যিসকলৰ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক আছে তেন্তে তেওঁলোকে বেংকৰ নথি জমা নিদিলেও হ’ব৷ পৰিয়ালৰ বৰ্ষীয়ান সদস্যসকলৰ ক্ষেত্ৰত পাছপোৰ্ট চাইজৰ ফটোসহ নথি খাদ্য দফতৰত গৈ জমা দিব লাগিব৷
ইয়াৰ পাছতেই ৰেছন দোকালত প্ৰাৰ্থীৰ বায়মেট্ৰিক তথ্য সংগ্ৰহ কৰা হব৷ তাৰপাছতেই যাৱতীয় নথি নিৰ্দিষ্ট দফতৰত গৈ এছ এমএছ বা ইমেইলৰ মাধ্যমেৰে গ্ৰাহকক জনাই দিব খাদ্য দফতৰে৷ অফলাইন লিংকৰ ক্ষেত্ৰত কি কি নথি প্ৰয়োজন চাওক লিষ্ট৷
১. ৰেচন কাৰ্ডৰ ফটোকপি
২. পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ডৰ ফটোকপি
৩. বেংকৰ পাছবুকৰ কপি
৪. পৰিয়ালৰ বৰ্ষীয়ান সদস্যসকলৰ ২ কপি পাছপোৰ্ট চাইজ ছবি
এজন ব্যক্তিৰ একাধিক ৰেচন কাৰ্ড ব্যৱহাৰৰ দুৰ্নীতি ৰখাবলৈকে এই লিংকিঙৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ