অসম লাইভ ২৪ঃ পুনৰ অসুস্থ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। বিগত ছদিন ধৰি জি এন আৰ চিত চিকিৎসাধীন জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। টনছিলৰ ইনফেকচনত ভুগি আছে কণ্ঠশিল্পীগৰাকী। যাৰ বাবে প্ৰায় দুমাহ গান গাব নোৱাৰিব তেওঁ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈছিল আচুৰ্য। আনহাতে বিগত বৰ্ষতো টনছিলত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল কণ্ঠশিল্পীগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















