অসম লাইভ২৪ঃ আৰম্ভ হ’ল ফেব্ৰুৱাৰী মাহ। এই মাহটো জ্যোতিষশাস্ত্ৰৰ দিশৰ পৰা অত্যন্ত উল্লেখযোগ্য। কাৰণ এই মাহত বহু গ্ৰহই স্থান পৰিবৰ্তন কৰিব। ইয়াৰোপৰি এই মাহত অস্ত যাব বুধ আৰু শনি গ্ৰহ। ফেব্ৰুৱাৰী মাহত স্থান সলনি কৰিবলগা গ্ৰহসমূহৰ ভিতৰত আছে সূৰ্য, বুধ, শুক্ৰ আৰু মঙ্গল। হিন্দু কেলেণ্ডাৰ অনুসৰি মাহৰ প্ৰথমদিনতেই মকৰ ৰাশিত গোচৰ কৰিছে বুধে। তাতেই পূৰ্বৰে পৰা অৱস্থান কৰি আছে সূৰ্যই। ইয়াৰ পাছতেই আগন্তুক ৫ফেব্ৰুৱাৰীত মকৰ ৰাশিত গোচৰ কৰিব মঙ্গলে। সূৰ্য আৰু মঙ্গলৰ মিলনত মকৰ ৰাশিত গঠিত হ’ব আদিত্য মঙ্গল যোগ। ১৩ফেব্ৰুৱাৰীত সূৰ্যই মকৰ এৰি কুম্ভ ৰাশিত গোচৰ কৰিব। অৰ্থাৎ ৫ৰ পৰা ১২ তাৰিখ পৰ্যন্ত মকৰ ৰাশিত থাকিব আদিত্য মঙ্গল যোগ। চাই লওক এই শুভ যোগৰ প্ৰভাৱত ভাগ্য খুলিব এইকেইটা ৰাশিৰ জাতকৰ।
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক প্ৰস্তুত হওক আৰু মাত্ৰ তিনি দিন পাছতেই আপোনাৰ জীৱনত বৃহৎ কিছু পৰিবৰ্তন আহিব? এই সময়ত স্বাস্থ্য ভালেই থাকিব। সংসাৰত সুখ আৰু সমৃদ্ধিয়ে বিৰাজ কৰিব। ৰৈ থকা ধন এই সময়ত উভতাই পাব। প্ৰেমত শুভ। জীৱনসংগীৰ পৰা প্ৰয়োজনীয় সাহায্য পাব সিংহ ৰাশিৰ জাতক। জীৱনত উন্নতি কৰাৰ প্ৰচুৰ সুযোগ লাভ কৰিব আপুনি।
কন্যা ৰাশি
আদিত্য মঙ্গল যোগৰ শুভ প্ৰভাৱত পেছাগত জীৱনত ডাঙৰ সাফল্য অৰ্জন কৰিব কন্যা ৰাশিৰ জাতকে। আপোনাৰ কামৰ পথত যিসমূহ বাধা আছে সেই সমূহ আঁতৰি যাব। কেৰিয়াৰত উন্নতি কৰাৰ এটাৰ পাছত আনটো সুযোগ পাব আপুনি। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল লাভ কৰাৰ সুযোগ পাব। আপোনাৰ মনৰ ভয় আঁতৰি যাব, আত্মবিশ্বাস বৃদ্ধি পাব।
তুলা ৰাশি
আদিত্য মঙ্গল যোগৰ শুভ প্ৰভাৱত এই সময়ত জীৱনত ভাল সময় উপভোগ কৰিব পাৰিব তুলা ৰাশিৰ জাতকে। বন্ধুৰ সহায়ত সকলো বাধা অতিক্ৰম কৰিব পাৰিব আপুনি। দাম্পত্য জীৱনত মাধুৰ্য বাঢ়িব। নিজৰ লক্ষ্যৰ প্ৰতি মন স্থিৰ কৰি আগুৱাই যাব পাৰিব তুলা ৰাশিৰ জাতক। আপোনাৰ ব্যৱহাৰে সকলোকে মুগ্ধ কৰিব। প্ৰেমৰ সম্পৰ্ক আৰু মজবুত হ’ব তুলা ৰাশিৰ জাতকৰ।
মকৰ ৰাশি
মকৰ ৰাশিত গঠিত হ’ব আদিত্য মঙ্গল যোগ। এই যোগৰ শুভ প্ৰভাৱত জীৱনত কিছু পৰিবৰ্তন দেখা যাব মকৰ ৰাশিৰ জাতকে। এই সময়ত হঠাৎ বেছ কিছু ধন আপোনাৰ হাতলৈ আহিব পাৰে। খেলাধুলাৰ সৈতে যিসকল যুক্ত, তেওঁলোকে এই সময়ত সাফল্য পাব। পাৰিবাৰিক জীৱনত সুখ আৰু সমৃদ্ধি থাকিব। পুৰণা আঘাতৰ পৰা মুক্তি পাব।
মীন ৰাশি
আদিত্য মঙ্গল যোগৰ শুভ প্ৰভাৱত আগন্তুক ৫ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰী পৰ্যন্ত কাম কৰিব মীন ৰাশিৰ জাতকৰ ওপৰত। এই সময়ত কৰ্মক্ষেত্ৰত ডাঙৰ কোনো উন্নতি হ’ব পাৰে আপোনাৰ। ৰাজনীতিৰ সৈতে যিসকল যুক্ত তেওঁলোকো লাভৱান হ’ব। উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব পাৰে মীন ৰাশিৰ জাতকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ