হাৰিয়ানাৰ আম্বালাৰ বালানা গাঁৱত একেটা পৰিয়ালৰ ৬ জন লোকৰ ৰহস্যজনক মৃত্যু হৈছে৷ স্থানীয় লোকে ইয়াক আত্মহত্যা বুলি অভিহিত কৰিছে৷
ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ মতে, পৰিয়ালটো লোকসকলে ৰাতিৰ আহাৰ গ্ৰহণ কৰি শয়ন কৰাৰ পাছত পুৱা আৰু সাৰ নাপালে।
শিশুসহ একেটা পৰিয়ালৰ ৬ জনকৈ লোকৰ মৃত্যুৰ খবৰটো বনজুইৰ দৰে সমগ্ৰ অঞ্চলটোতে বিয়পি পৰাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হয়। ইফালে ঘটনাৰ খবৰ লাভ কৰিয়ে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয়৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে পৰিয়ালৰ সুখৱিন্দৰ সিঙৰ মৃতদেহ চিপ লৈ থকাৰ বিপৰীতে পিতৃ সংগৎ ৰাম আৰু মাতৃ মহিন্দ্ৰাৰ লগতে পত্নী ৰীনা, ৭ বছৰীয়া কন্যা জাছি আৰু ৫ বছৰীয়া পুত্ৰৰ মৃতদেহকেইটা সন্দেহজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে।
আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে৷ আত্মহত্যাৰ টোকাতটোত সুখৱিন্দৰে তেওঁলোকৰ মৃত্যুৰ কাৰণ উল্লেখ কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে। উক্ত টোকাৰ মতে সুখৱিন্দৰে কৰ্মৰত প্ৰতিষ্ঠানটোৱে তেওঁক হাৰাশাস্তি কৰাৰ লগতে ১০ লাখ টকা দাবী কৰিছিল।
সুখৱিন্দৰে ছুইচাইড নোটত লিখিছে যে তেওঁৰ মৃত্যুৰ বাবে দায়ী আছিল ছাই হোণ্ডা যমুনাগৰৰ মালিক কবি নাৰুলা আৰু বাল কিষাণ ঠাকুৰ৷ যিয়ে তেওঁক টকা নিদিলে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ভাবুকি দিছিল।
উল্লেখ্য যে কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰতো ঋণৰ বাবে এটা পৰিয়ালে আত্মহত্যা কৰাৰ ঘটনা ঘটিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ